🔹 ৰহঢলাত একেলগে জ্বলিল দুখনকৈ চিতা
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : এইবেলি ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়োৰে । আপোন ভূমিৰ ঘৰ দুখনতো কিছু উন্নয়নৰ পৰশ দিয়াৰ কথা আছিল । পৰিয়ালৰ জ্যেষ্ঠসকলক ন-বস্ত্ৰ দান কৰি বিহুৰ সেৱা জনোৱাৰ পৰিকল্পনা আছিল দুয়োৰে । ভাবিছিল সাত বিহুৰ ভিতৰতে ঘৰৰ সকলোকে কথাষাৰ কাণচোৱাই পিছৰটো ব’হাগলৈ পৰিয়ালৰ মাজত এগৰাকী বাঢ়িব বুলি মনৰ সাঁচতীয়া কথাবোৰ দুয়োৱে পৃথককৈ প্ৰকাশ কৰিব । কিন্তু সেয়া নহ’ল । পিছে ভাবনাৰ নাওখন আহি চ’তৰ ঘাট নৌপাওঁতেই মাঘৰ ঘাটতেই কাললৈ অন্তৰ্ধান হ’ল সকলো। নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে দুয়োৰে প্ৰাণ । ঘৰৰ পৰা ২,৩৮০ কিলোমিটাৰ (পথ দৈৰ্ঘ্য) নিলগৰ ৰাজস্থানৰ উদয়পুৰৰ এক ব্যস্ত পথত শিল হ’ল দুয়োৰে শৰীৰ । এক শোকাৱহ পথ দুৰ্ঘটনাত অতীত হ’ল একে গাঁৱৰে প্ৰায় সমবয়সীয়া দুই পৰিশ্ৰমী যুৱক । তেওঁলোক দুয়ো হৈছে বিদ্যুত বৰদলৈ (২৯) আৰু কণ্টক বৰদলৈ (৩১) । নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইবৰি ডাকঘৰৰ এলেকাধীন ৰহঢলা গাঁৱৰ এই দুই যুৱকে দহ বছৰ পূৰ্বেই সংস্থাপনৰ বাবে ঢাপলি মেলিছিল ৰাজস্থানলৈ। এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল দুয়ো । যোৱা ৩০ জানুৱাৰীত কৰ্মস্থলীৰ সমীপতে বন্ধু এগৰাকীৰ মটৰ চাইকেল লৈ দুয়ো বজাৰ কৰিবলৈ ওলাই গৈছিল । কিন্তু সেই যে গ’ল, তেওঁলোক আৰু সোঁশৰীৰে ঘূৰি নাহিল । ইয়াৰ পৰিৱৰ্তে আজি পুৱা ঘটনাৰ পঞ্চমটো দিনত জন্মভূমিলৈ ঘূৰি আহিল দুয়োৰে নিথৰ দেহ । এখন পানীভৰ্তি টেংকাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় একে গাঁৱৰে দুই যুৱক । তেওঁলোক কৰ্মৰত উদ্যোগ গোষ্ঠীৰ তৎপৰতাত কালি এখন বগা ৰঙৰ এম্বুলেন্সত লৈ অনা হয় দুয়োৰে নিথৰ দেহ । সেমেকা শোকাচ্ছন্ন পৰিৱেশত দাউদাউকৈ জ্বলি উঠে দুখনকৈ চিতা । কালি পুৱা ৯ বজাত শতাধিক লোকৰ উপস্থিতিত ৰহঢলাৰ জনজাতি শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় দুয়োৰে । দহ ফুট ব্যৱধানৰ দুখনকৈ চিতাৰ জুয়ে গ্ৰাস কৰে তেওঁলোকৰ অৱয়ব । কাৰণ জুয়ে নুবুজে মৰম, দয়া । নকৰে কাকো ক্ষমা । দুখনকৈ চিতাৰ জুই একেলগে জ্বলিছিল যদিও কালি সমগ্ৰ দিনটো আন্ধাৰসদৃশ হৈ আছিল গাঁওখনত । বহুতৰে আখলৰ পৰা ওলোৱা নাছিল ধোঁৱা । এয়াই হয়তো অনাকাংক্ষিত সেই ঘটনাৰ অন্য এক পৰিঘটনা ৷ চিৰদিনৰ বাবেই এক কৰুণ স্মৃতি হৈ গাঁৱৰ আপোন মানুহবোৰৰ হৃদয়ত ৰৈ গ’ল তেওঁলোক দুখৰ এখন তটিনী হৈ ৷ যাৰ বাবে সমগ্ৰ গাঁওবাসী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সকলোৱে মৌন হৈ দুই যুৱকৰ প্ৰতি অশ্ৰু অঞ্জলিৰে শেষ বিদায় জনালে ৷
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ