নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লাখ মানুহ লৈ আন্দোলন কৰাতকৈ দহজন শিক্ষিতৰ সৈতে যুক্তিৰে বিচাৰ কৰক

🔹 কলাক্ষেত্রত যুৱ নেতৃত্ব সমাৰোহত মুখ্যমন্ত্রী

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰী : ‘অশান্তিময় কৰাৰ পৰিৱর্তে সমাজখনক বিকাশৰ মন্দিৰ হিচাপে গঢ় দিব লাগিব৷ আমাৰ যুৱ সমাজে যদি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক জ্ঞান আৰু প্রজ্ঞাৰ মন্দিৰ হিচাপে নির্মাণ কৰে, আমাৰ ভৱিষ্যৎ কোনেও ধৰি ৰাখিব নোৱাৰে৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মহান দার্শনিক আৰু চিন্তাবিদ স্বামী বিবেকানন্দৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি প্রজ্ঞা ফাউণ্ডেচনৰ দ্বাৰা গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত যুৱ নেতৃত্ব সমাৰোহত অংশগ্রহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা যুৱপ্রজন্মৰ প্রতিনিধিৰ সন্মুখত প্রেৰণাদায়ক ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয়– জ্ঞান আৰু প্রজ্ঞা আধাৰিত শক্তিয়ে সমাহিত যুৱশক্তিয়ে এখন দেশৰ ভৱিষ্যৎ সোণালী কৰিব পাৰে৷ ভাৰতীয় সভ্যতাই ন্যায় আৰু সততাক জীৱনৰ লগত সমাহিত কৰিছিল৷ সেয়ে ভাৰতবর্ষৰ সভ্যতা আৰু মূল্যবোধ ৫ হাজাৰ বছৰ পাছতো প্রাসংগিক হৈ আছে৷ মুখ্যমন্ত্রীয়ে যুৱপ্রজন্মক মৌলিক কর্তব্যসমূহৰ প্রতি সজাগ হ’বলৈ আহ্বান জনাই কয়– সৰু সৰু সংকল্পই জীৱনত সফলতাৰ মুখ দেখুৱাব পাৰে৷ যুৱকালত যি ব্যক্তিয়ে সপোন নেদেখে, সংকল্প গ্রহণ কৰিব নোৱাৰে আৰু সেই সংকল্প তথা সপোনৰ পম খেদিব নোৱাৰে, তেনে ব্যক্তিৰ যৌৱনৰ মাদকতা বহু কমি যায়৷ কোনো ব্যক্তিয়ে জীৱনত উদ্দেশ্য নোহোৱাকৈ জন্মগ্রহণ নকৰে৷ প্রতিগৰাকী ব্যক্তিয়ে একোটা স্বর্গীয় কর্তব্য লৈ এই পৃথিৱীলৈ আহে৷ সেয়েহে যুৱ সমাজে নিজৰ অন্তৰ আত্মাৰ আহ্বান শুনিব লাগে৷ ব্যক্তিয়ে যেতিয়া অন্তৰাত্মাৰ আহ্বান শুনা পায়, তেতিয়া তেওঁ জীৱনৰ সংকল্প বিচাৰি পায়৷ জীৱনকালৰ কীর্তিয়ে ব্যক্তিক যুগ যুগলৈ জীয়াই ৰাখিব পাৰে৷ একোজন ব্যক্তিয়ে কীর্তিৰ জৰিয়তে মৃত্যুক পৰাজয় কৰিব বিচৰা মানসিকতাৰ অধিকাৰী হ’বলৈ যুৱ সমাজক আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷ যিসকলৰ মনত দৃঢ় সংকল্প থাকে, স্থিতপ্রজ্ঞ হয়, হূদয়ত থাকে সাহস আৰু যিয়ে নিজৰ মাটি তথা দেশক ভাল পায় তেনে ব্যক্তিৰ জীৱনৰ পৰিধি মৃত্যুৱে থিৰাং কৰিব নোৱাৰে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে অসমীয়া ভাষাক জীয়াই ৰখাৰ ক্ষেত্রত জাতিৰ দায়িত্বৰ কথা উল্লেখ কৰি কয়– হিন্দী শিকা মানে অসমীয়া ভাষাক অপমান কৰা নহয়৷ আমি অসমীয়া ভাষাত কবিতা লিখিম আৰু হিন্দী ভাষাত উত্তৰ প্রদেশৰ মানুহ এজনৰ সৈতে কথা পাতিম, ইংৰাজীত কর্ণাটকৰ লোক এজনৰ সৈতেও কথা পাতিম৷ ইয়াত সমস্যা কি? আমাৰ এচাম মানুহ আছে যিয়ে ইংৰাজী শিকিলেই অসমীয়া ধ্বংস হৈ যাব বুলি ধাৰণা কৰে৷ কিন্তু এইসকল লোকৰ সন্তানে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া–শুনা কৰে৷ আমি এতিয়া নিজকে অসমীয়া বুলি খামুচি ধৰি থাকিলে নহ’ব৷ কিয়নো আমি অসমীয়াই বিশ্ববিজয় কৰিব লাগিব৷ খামুচি ধৰি থাকিলে আমাৰ পৰিধি শদিয়াৰ পৰা ধুবুৰীতেই সীমাবদ্ধ থাকিব৷ যদি অসমীয়াই পৰিধিৰ বাহিৰলৈ ওলাই নাযায়, তেন্তে প্রধানমন্ত্রীজন সদায় অনা–অসমীয়া হ’ব, এইমছৰ চিকিৎসকসকল সদায় অনা–অসমীয়া হৈ থাকিব, ভাৰতৰ সেনাৰ মুৰব্বীজন সদায় অনা–অসমীয়া হৈ থাকিব, ইছৰোৰ বিজ্ঞানীজন সদায় অনা–অসমীয়া হৈ থাকিব৷ বিজ্ঞান–প্রযুক্তিক বাদ দি আমি বিশ্ব দৰবাৰলৈ যাব নোৱাৰোঁ৷ বিজ্ঞান–প্রযুক্তি শিকাত আমাক জাতীয় অভিমানে কেতিয়াও বাধা নিদিয়ে৷ মুখ্যমন্ত্রীয়ে কয়– এক লাখ মানুহক লৈ আন্দোলন কৰাতকৈ ১০জন শিক্ষিত মানুহৰ সৈতে যুক্তিৰে বিচাৰ কৰা উচিত৷ যদি আন্দোলনকাৰীয়ে নাজানে কিয় আন্দোলন কৰিছে, তাতকৈ ১০জন লোকে যদি বুজাই দিয়ে আন্দোলনৰ মূল উদ্দেশ্য কি, সেয়াহে আচল উদ্দেশ্য৷ মুখ্যমন্ত্রীয়ে পুনৰ কয়– যি জাতিয়ে অতীতক পাহৰি যায়, সেই জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে৷ আজিৰ যুৱপ্রজন্মই জ্ঞান আৰু প্রজ্ঞাৰ পথেৰে দেশক নেতৃত্ব দিব লাগিব৷ ভাষণ প্রসংগত পুনৰ মুখ্যমন্ত্রীয়ে যুৱপ্রজন্মৰ দায়িত্বৰ কথা উল্লেখ কৰি কয়– বর্তমানৰ যুৱপ্রজন্মই এক স্বর্ণিল সময়ত জন্মগ্রহণ কৰিছে, যিটো সময়ত ভাৰতবর্ষই নিজৰ অমৃতকালত সর্বাংগীণ উন্নয়নৰ যাত্রা আৰম্ভ কৰিছে আৰু বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিত পৰিণত হৈছে৷ নতুন প্রজন্মই অসমৰ মাটিত সুযোগ সৃষ্টি কৰিব লাগিব৷ ভৌগোলিকভাৱে অতি সুবিধাজনক স্থানত অসম অৱস্থিত৷ এই ভূমিক নিজৰ সীমাহীন ক্ষমতাৰ দ্বাৰা যুৱপ্রজন্মই দেশৰ বিকাশত উল্লেখনীয় অৰিহণাযোগে এখন ৰাজ্যত পৰিণত কৰিব লাগিব৷ নেতিবাচক চিন্তাৰ পৰিৱর্তে অসমক এখন ইতিবাচক চিন্তাৰ ৰাজ্য হিচাপে যুৱপ্রজন্মই গঢ় দিব লাগিব৷ তেওঁলোকে নিজকে শেহতীয়া প্রযুক্তিসমূহৰ সৈতে পৰিচিত কৰাব লাগিব৷ প্রাসংগিক চিন্তা আৰু ভৱিষ্যৎ দর্শনেৰে এখন নতুন অসম গঢ়িবলৈ যুৱ সমাজক আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয়– সেই অসমখন হ’ব হতাশাৰ পৰিৱর্তে আশাক প্রতিনিধিত্ব কৰা, অন্ধবিশ্বাসৰ পৰিৱর্তে বিজ্ঞানক প্রতিনিধিত্ব কৰা৷ যুৱপ্রজন্মই সামূহিক শক্তিৰে অসমক নতুন দিগন্তলৈ নিব লাগিব৷ মুখ্যমন্ত্রীয়ে লগতে আগন্তুক ১০টা বছৰত অসমক দেশৰ ৰাজ্যসমূহৰ ভিতৰত অর্থনৈতিক দিশৰ পৰা প্রথম ১০খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে প্রয়াসৰত হ’বলৈ আহ্বান জনায়৷ অনুষ্ঠানত প্রজ্ঞা ফাউণ্ডেচনৰ সভাপতি জিতুল সোণোৱাল, ফাউণ্ডেচনৰ কেইবাগৰাকী ন্যাসৰক্ষী, বিভিন্ন জিলাৰ প্রহাৰীসকলৰ উপৰি মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্র মার্ঘেৰিটা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ–পূবৰ সহঃক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

You might also like