নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মবিমুখতাৰ পৰিৱৰ্তে সুকীয়া কৰ্মসংস্কৃতিৰ পৰিৱেশ ৰচনা হৈছে অসমত : অতুল বৰা

🔹 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘কাৰ্ড’ৰ ভাইব্ৰেণ্ট নৰ্থ-ইষ্ট

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰ : শেহতীয়াকৈ অসমত কৰ্মবিমুখতাৰ পৰিৱৰ্তে এক সুকীয়া কৰ্মসংস্কৃতিৰ পৰিৱেশ ৰচনা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক সুকীয়া কল্পদৃষ্টি আগত লৈ অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকৰ কল্যাণৰ লগতে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ হকে কাম কৰি আছে।- আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্থা কৃষি আৰু গ্ৰামোন্নয়ন কেন্দ্ৰ, চমুকৈ কাৰ্ডৰ উদ্যোগত অনুষ্ঠিত ‘ভাইব্ৰেণ্ট নৰ্থ-ইষ্ট’ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই কয় যে বিশ্বায়নৰ লগে লগে পৃথিৱীৰ দেশসমূহৰ মাজত আজি অৰ্থনৈতিক সংহতিৰ প্ৰয়োজন অৱশ্যম্ভাৱী হৈ পৰিছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সৌভাগ্যৰ বিষয় যে ভৌগোলিক অৱস্থিতিৰ বাবেই এই ৰাজ্যকেইখনে সীমান্তৱৰ্তী বিভিন্ন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ ব্যাপক সম্ভাৱনা আছে। ১৯৯১ চনতে সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা লুক ইষ্ট পলিচী আশা কৰা ধৰণে সফল নোহোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই গ্ৰহণ কৰা এক্ট ইষ্ট পলিচীৰ ফলত আজি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি, বাণিজ্য, উদ্যোগ, পৰিবহণ, আন্ত:গাঁথনি সৃষ্টি আদি বিভিন্ন খণ্ডত এক উজ্জীৱিত পৰিৱেশৰ সৃষ্টি হোৱা বুলিও কৃষিমন্ত্ৰী বৰাই কয়। ভৌগোলিক স্থিতি আৰু অসমৰ স্বকীয় বৈশিষ্ট্যৰে ভৰা মাটি আৰু কৃষি জলবায়ুৱে ইয়াত উৎপাদন হোৱা শস্যক বিশেষ মাত্ৰা প্ৰদান কৰাৰ ফলতেই আজি ৰাজ্যখনত উৎপাদন হোৱা ৰঙা চাউল, ক’লা চাউল, জহা চাউল, কাজি নেমু আদি বিভিন্ন শস্যৰ চাহিদা আন্তৰ্জাতিক বজাৰত বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে। কৃষি ৰপ্তানিৰ সৈতে জড়িত কেন্দ্ৰীয় চৰকাৰৰ সংস্থা এপেডাৰ উদ্ধৃতি দি বিগত ছটা বছৰত অসমত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধি পোৱা বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।

কৃষি ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্যৰ কেইটামান কৃষক উৎপাদক কোম্পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৃষিখণ্ডক বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব বিচৰাৰ প্ৰসংগ উত্থাপন কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাবে ৰাজ্যখনত প্ৰয়োজনীয় কৃষি আন্ত:গাঁথনি সৃষ্টিত গুৰুত্ব দিয়া হৈছে। ঐতিহাসিক কাৰণতেই সাতভনীৰ স্বীকৃতি লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মাজৰ সাতামপুৰুষীয়া সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ বিষয়েও তেওঁ উল্লেখ কৰে। অসম কৃষি আয়োগৰ সদস্যদ্বয় ড০ বি চি বাৰা আৰু পি পি শৰ্মা, কাৰ্ডৰ সঞ্চালক তুষাৰ শৰ্মাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত লেছোথো ৰাষ্ট্ৰৰ কাউন্সেলৰ টি এল খোলুমো, অসম কৃষি আয়োগৰ সদস্য ড০ হলধৰ দেৱ শৰ্মা, নাবাৰ্ডৰ গুৱাহাটী চক্ৰৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ যুটীয়া মহাপ্ৰবন্ধক ৰজনী গুপ্তাই ভাষণ দিয়ে।

You might also like