স্বাধীনতা দিৱসৰ কার্যসূচীক লৈ নির্দেশনাঃ ৰাজ্যিক–জিলা কার্যসূচীত সর্বাধিক ১,৫০০–৫০০ লোকৰ সমাৱেশৰ অনুমতি
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ক’ভিডসৃষ্ট পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি আগন্তুক স্বাধীনতা দিৱসৰ কার্যসূচী উদযাপনৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে অসম চৰকাৰে৷ সেই অনুসৰি ৰাজ্যিক পর্যায়ৰ স্বাধীনতা দিৱসৰ কার্যসূচীত সর্বাধিক ১,৫০০জন লোকৰ সমাগম হ’ব পাৰিব৷ সেইদৰে মুকলি স্থানত আয়োজন কৰা জিলা পর্যায়ৰ কার্যসূচীসমূহত সর্বাধিক ৫০০জন লোকহে উপস্থিত থাকিব পাৰিব৷
মহকুমা পর্যায়ত স্বাধীনতা দিৱসৰ কার্যসূচীত সর্বাধিক তিনিশজন ব্যক্তি উপস্থিত থাকিব পাৰিব৷ একেদৰে উক্ত স্থানসমূহৰ বাহিৰে আন স্থানসমূহত সর্বাধিক দুশজন ব্যক্তি উপস্থিত থকাৰহে অনুমতি প্রদান কৰা হৈছে৷
প্রেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মুঠ আসনৰ সংখ্যা ৫০ শতাংশ অথবা সর্বাধিক ২০০জন ব্যক্তিয়ে অংশগ্রহণ কৰিব পাৰিব৷ স্বাধীনতা দিৱসৰ কার্যসূচীসমূহত ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলিব লাগিব৷ মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা তথা ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক৷
আনহাতে, স্বাধীনতা দিৱসৰ কার্যসূচীত জড়িত থকা লোকসকলক সান্ধ্য আইন অথবা যুগ্ম–যুগ্ম নম্বৰৰ নীতিৰ পৰা বাহিৰত ৰখা হৈছে৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণ অব্যাহত থকাৰ মাজতে অহা দেওবাৰে ৰাজ্যজুৰি উদযাপন কৰা হ’ব ৭৫সংখ্যক স্বাধীনতা দিৱস৷ ইতিমধ্যে স্বাধীনতা দিৱসৰ কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে৷
স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত ৰাজ্যত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ ৰাজ্য চৰকাৰে স্বাধীনতা দিৱসৰ কেন্দ্রীয় কার্যসূচী গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিব৷ এই অনুষ্ঠানত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পুৱা ৪.৩০ বজাত প্রভাত গীতাঞ্জলিৰে আৰম্ভ হ’ব স্বাধীনতা দিৱসৰ কার্যসূচী৷ পুৱা ৭.৩০ বজাত সকলো চৰকাৰী, অর্ধচৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠানসমূহত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰা হয়৷ পুৱা ৯ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ পাছতে অভিবাদন গ্রহণ আৰু অসম আৰক্ষী, অর্ধসামৰিক বাহিনীৰ কুচকাৱাজ প্রদর্শন কৰা হ’ব৷ পুৱা ১০ বজাত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল, বি বৰুৱা কর্কট প্রতিষ্ঠান, যক্ষ্মা চিকিৎসালয়ৰ ৰোগী, জালুকবাৰীৰ অনাথ আশ্রম, ফটাশিল আমবাৰীৰ অনাথ আশ্রমৰ শিশু, বশিষ্ঠৰ অন্ধ বিদ্যালয় আৰু কাহিলিপাৰাৰ মূকবধিৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ মাজত ফলমূল বিতৰণ কৰা হ’ব৷ সন্ধিয়া ৬.৩০ বজাত চৰকাৰী কার্যালয়, নাগৰিকৰ বাসগৃহ আদিত বন্তি প্রজ্বলন কৰা হ’ব৷