মাৰ্ঘেৰিটাত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযান
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা সম্পৰ্কে ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে মাৰ্ঘেৰিটাত আজি এক সজাগতা অভিযান চলোৱা হয়। মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াৰ হিলভিউ স্থিত ইক পাৰ্কৰ সমীপত মাৰ্ঘেৰিটা আৰক্ষী থানা নাগৰিক সমিতিৰ উদ্যোগত পথ সুৰক্ষা সম্পকীয় সংহত শৈক্ষিক সজাগতা অভিযান চলোৱাৰ হয়। ট্ৰেফিক আইন পালন কৰি পথত যান বাহন চলোৱা ব্যক্তিসকলক উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এটিকৈ গছ পুলিৰে উদগনি জনোৱা হয়। উক্ত কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ পৰিবহন বিষয়া (DTO) কানাই মহন্ত, মাৰ্ঘেৰিটা থানা নাগৰিক সভাপতি সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈসহ তিনিচুকীয়া পৰিবহন বিভাগৰ বহু সংখ্যক বিষয়া কৰ্মচাৰী লগতে অঞ্চলটো বহু গণ্য-মান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত পৰিৱহণ বিষয়া মহন্তই পথ সজাগতা সন্দৰ্ভত সকলোৰে সহযোগীতা কামনা কৰে।
প্ৰেৰক মানস প্ৰতিম গগৈ