আজিৰে পৰা ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ৰাজ্যখনত ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা ক’ভিড–১৯ৰ গণসংক্রমণ ৰোধৰ স্বার্থত অসম চৰকাৰে আজিৰে পৰা আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰিছে৷ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নির্দেশযোগে আন্তঃজিলা যাতায়াত বন্ধৰ ঘোষণা কৰে৷
নির্দেশটোত মুখ্য সচিবগৰাকীয়ে কয় যে আজিৰে পৰা পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে বন্ধ থাকিব৷ এই সময়ছোৱাত এখন জিলাৰ পৰা আন এখন জিলালৈ কোনো লোকে যাতায়াত কৰিব নোৱাৰিব৷ ৰাজহুৱা পৰিবহণকে ধৰি ব্যক্তিগত বাহনেৰেও কোনো লোক এখন জিলাৰ পৰা আন এখন জিলালৈ যাব নোৱাৰিব৷ চিকিৎসাজনিত কাৰণ আৰু শেষ মুহূর্তৰ জৰুৰী অৱস্থাৰ ক্ষেত্রত যাত্রা কৰিবলগীয়া লোকে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ লিখিত অনুমতি লৈহে যাতায়াত কৰিব পাৰিব৷ অৱশ্যে সামগ্রী সৰবৰাহৰ ক্ষেত্রত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব বুলি মুখ্য সচিবগৰাকীয়ে স্পষ্ট কৰি দিছে৷