নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়া কলেজত আন্ত:বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ প্ৰতিযোগিতামূলক পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : বৰপেটা জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক পৰীক্ষা মন্দিয়া আঞ্চলিক মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। উল্লেখ্য যে মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতামূলক পৰীক্ষাত মন্দিয়া আঞ্চলিক মহাবিদ্যালয়, সত্ৰকনৰা ব্ৰহ্মপুত্ৰ ভেলী চিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়, ভাতকুছিৰ শ্ৰীমন্ত শংকৰ-মাধৱ চিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়, জনীয়াৰ ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়েল চিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়, বামুণ দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মন্দিয়াৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, মন্দিয়াৰ ড্ৰীমলেণ্ড একাডেমী, ব্ৰাইট কেৰিয়াৰ একাডেমী,জনীয়াৰ ব্লবেল একাডেমী আদি শিক্ষানুষ্ঠানৰ ২৮৪গৰাকী ছাত্ৰ-ছাত্ৰী উক্ত পৰীক্ষাত সুকলমে অৱতীৰ্ণ হয়। উল্লেখ্য যে অসমীয়া আৰু ইংৰাজী বিষয় বাধ্যতামূলক হিচাপে লৈ মুঠ ছটা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে নগদ পাঁচ হাজাৰ টকা,এখন মানপত্ৰ, দ্বিতীয় স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে নগদ তিনি হাজাৰ টকা এখন মানপত্ৰ আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে নগদ দুই হাজাৰ, টকা এখন মানপত্ৰ লাভ কৰিব বুলি প্ৰতিযোগিতামূলক পৰীক্ষাৰ উদোক্তা মুখ্য পৃষ্ঠপোষক তথা মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শ্বেখ ফাৰুক আহমেদ, পৰীক্ষা নিয়ন্ত্রক তথা মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ শ্বহিদুল ইছলাম, সম্পাদক মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০জামানুৰ ৰহমান, আহ্বায়ক অধ্যাপক আছিফ নুৰজামান আদিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ শুভাৰম্ভণি অনুষ্ঠানত মন্দিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্য আবুল কালাম আজাদ, জনীয়া ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়েল চিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়ৰ প্ৰবক্তা জহুৰুদ্দিন আহমেদ, ব্ৰহ্মপুত্ৰ ভেলী চিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়ৰ প্ৰবক্তা মোকাদ্দেছ আলী,মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক নাজিম উদ্দিন আহমেদ আদি ব্যক্তি সকল উপস্থিত থাকে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like