নিয়মীয়া বার্তা, ১৮ মে’ : একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত মানুহে অসাধ্যকো সাধ্য কৰিব পাৰে। নিৰৱচ্ছিন্ন চেষ্টাৰ ফলত বহু জটিল কাম পিছলৈ সহজ হৈ পৰে। এনেকুৱা অসাধ্যকো সাধ্য কৰি দেখুৱাইছে নলবাৰীৰ এগৰাকী ছাত্ৰই । পশ্চিম নলবাৰীৰ গন্ধিয়াৰ তথা বৰ্তমান নলবাৰীৰ বাসিন্দা মনোজ কুমাৰ বৰ্মন আৰু সৰজু দেৱীৰ পুত্ৰ উজ্জ্বল প্ৰতীম কাশ্যপে সবাতোকৈ সৰু হাতে বনোৱা লুডু নিৰ্মাণ কৰি International Book of Records আৰু Assam Book of Recordsত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নলবাৰীলৈ সুনাম কঢ়িয়াই আনিছে। এটা ব্যতিক্ৰমী বস্তু সৃষ্টি কৰাৰ দুৰ্বাৰ হেঁপাহ থকা উজ্জ্বলে নিজৰ একাগ্ৰতা আৰু চেষ্টাৰ ফলত অতি কম সময়তেই সবাতোকৈ সৰু হাতে বনোৱা লুডুৰে এতিয়া সফল হ’ল। এদিনৰ নেৰানেপেৰা প্ৰচেষ্টাত উজ্জ্বলে নিজ হাতেৰে সবাতোকৈ সৰু লুডু নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। International Book Of Record আৰু Assam Book of Recordsত উজ্জ্বল প্ৰতিম কাশ্যপৰ নাম অন্তৰ্ভুক্ত হোৱাত নিজৰ লগতে পিতৃ-মাতৃৰ উপৰি আত্মীয়সকল উৎফুল্লিত হৈ পৰিছে।
প্ৰেৰক তপন কুমাৰ শৰ্মা