নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক শিশু দিৱসঃ ইউনিচেফৰ ‘গ’জ ব্লু’ অভিযানলৈ ব্যাপক সঁহাৰি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: আজি ২০ নৱেম্বৰৰ দিনটো প্রতিবছৰে আন্তর্জাতিক শিশু দিৱস হিচাপে পালন কৰা হয়৷ এই দিৱসৰ লগত সংগতি ৰাখি শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ‘ইউনিচেফ’–এ ‘গ’জ ব্লু’ শীর্ষক প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ এই অনুসৰি বিশ্বৰ বিখ্যাত স্থান বা স্মাৰকসমূহ নীলাভ আলোকসজ্জাৰে সুশোভিত কৰি শিশুৰ অধিকাৰৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে সহমর্মিতা প্রকাশ কৰা হয়৷

‘ইউনিচেফ’ৰ এই অভিযানৰ প্রতি সঁহাৰি জনাই শনিবাৰে উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কার্যালয়ৰ উপৰি মহানগৰ আৰক্ষীয়ে নীলাভ আলোকেৰে উজলাই তুলিলে আৰক্ষী আয়ুক্তৰ কার্যালয়কে ধৰি আজাৰা, বশিষ্ঠ, পাণবজাৰ আৰু জালুকবাৰী থানা৷

উল্লেখ্য যে আইনৰ সৈতে সংঘাত নাইবা অপৰাধৰ বলি হোৱা শিশুসকলৰ প্রথম আশ্রয় হৈ পৰে আৰক্ষী৷ সেয়ে শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্রত আৰক্ষীয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ শিশুৰ প্রতি বন্ধুত্বসুলভ আচৰণ প্রদর্শনেৰে শিশু সংক্রান্তীয় গোচৰসমূহ যথাসময়ত নিষ্পত্তি কৰি শিশুসকলক দ্রুত ন্যায় প্রদানত সহায় কৰিব পাৰি, এয়া শিশুসকলৰ প্রাপ্য অধিকাৰ৷ ২০১৯ চনত অসম আৰক্ষীয়ে আৰম্ভ কৰা শিশু মিত্র আঁচনি দেশৰ ভিতৰতে শিশুৰ প্রতি আৰক্ষীৰ বন্ধুত্বসুলভ কাম–কাজৰ এক অনন্য বৃহৎ অভিযান৷ শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীয়ে লোৱা উদ্যোগৰ প্রতি সঁহাৰি জনাই ‘ইউনিচেফ’ আৰু ‘উৎসাহ’ নামৰ শিশুৰ অধিকাৰৰ ক্ষেত্রত কাম কৰি অহা সংগঠনটোৱে একেলগে আৰক্ষীৰ লগত কাম–কাজ অব্যাহত ৰাখিছে৷

আন্তর্জাতিক শিশু দিৱস উপলক্ষে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই শিশুসকলৰ প্রতি অভিনন্দন জ্ঞাপন কৰি অসম আৰক্ষীয়ে শিশুৰ প্রতি বন্ধুত্বসুলভ ‘পুলিচিং’ত সদায়েই গুৰুত্ব প্রদান কৰি আহিছে বুলি মন্তব্য কৰে৷ সঞ্চালকপ্রধান মহন্তই কয় যে আৰক্ষীৰ সংস্পর্শলৈ অহা প্রতিগৰাকী শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্রত অসম আৰক্ষী প্রতিশ্রুতিবদ্ধ৷ মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এই অভিযান সম্পর্কত কয় যে নীলাভ আলোকৰ দ্বাৰা শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাত আৰক্ষীৰ সহমর্মিতা প্রতীকী ৰূপত তুলি ধৰা হৈছে৷ শিশুৰ অধিকাৰ সুৰক্ষিত কৰাত আৰক্ষী বদ্ধপৰিকৰ বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে প্রকাশ কৰে৷

আনহাতে, মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তই কয় যে শিশুক যত্ন লোৱা আৰু তেওঁলোকৰ প্রতি সংবেদনশীল হোৱাটো প্রয়োজন৷ ‘ইউনিচেফ’ আৰু ‘উৎসাহ’ৰ সহযোগিতাত সমগ্র আইনী প্রক্রিয়াৰ সময়ছোৱাত মহানগৰ আৰক্ষীয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাটো নিশ্চিত কৰাৰ বাবে সদায় উদ্যোগ লৈ আহিছে বুলিও যুটীয়া আয়ুক্তগৰাকীয়ে মন্তব্য কৰে৷

You might also like