ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদ্যাপন
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী : হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শ্ৰেণী কক্ষত আজি গীত-মাতেৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । ‘মোৰ ভাষা মোৰ গৌৰৱ’, সেই গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সমগ্ৰ বিশ্বতেই ২১ ফেব্ৰুৱাৰীৰ দিনটো মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। আজি উদযাপন কৰা অনুষ্ঠানটোৰ আঁত ধৰি দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰি বক্তব্য ৰাখে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিয়ে। বিভাগীয় প্ৰধাননে সঞ্চালনা কৰা অনুষ্ঠানটিত বিভাগীয় শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে দেৱৰাজ মিলি, মনীষা শইকীয়া, ড° মল্লিকা ডেকা , ড° অৰ্চনা শইকীয়া ,অৱন বুঢ়াগোহাঁই , সঞ্জীৱ শৰ্মা আৰু স্নাতক মহলাৰ তিনিওটা ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিত থাকে। বিভাগীয় শিক্ষক অৱন বুঢ়াগোহাঁইৰ গীত আৰু সঞ্জীৱ শৰ্মাৎ ভাওনাৰ সংলাপ পৰিৱেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠাটিত ড°মল্লিকা ডেকাই এটা লোকগীত আৰু দেৱৰাজ মিলিয়ে দুটা স্বৰচিত কবিতা পাঠ কৰে। ইয়াৰ পিছতেই আৰম্ভ হয় অসমীয়া বিভাগত অধ্যয়নৰত বিভিন্ন জাতি-জনগোষ্ঠীয় ছাত্র ছাত্ৰীসকলৰ অনুষ্ঠান। বক্তৃতা, গীত , কবিতা পাঠ , কবিতা আবৃত্তি , গল্পকথা , বিয়ানাম, যোৰানাম, হুঁচৰি আদিৰ পৰিৱেশনে অনুষ্ঠানটোক জিপাল কৰি তোলে । অংকুৰজ্যোতি বৰা আৰু ছুফিয়ান আহমেদৰ বক্তৃতা, প্ৰাৰ্থনা তালুকদাৰ আৰু ৰূপাঞ্জলী দাসে পৰিৱেশন কৰা হুঁচৰি; বৰষাৰাণী দাৰফাং, অনুপ বড়ো, ছাজিয়া বেগম, শৰ্মিলা দেৱীৰ বিয়ানাম আৰু যোৰানাম পৰিৱেশন; ছাজিয়া বেগমৰ ঢাকাইয়া ভাষাৰ কৌতুক; ৰাজদ্বীপ মাৰামচা, শিখামণি শইকীয়া, দীপ্তি বডোচা আৰু টিনা গোহাঁইৰ বিহু নাচ প্ৰদৰ্শন; লিলুমা বেগমৰ গজল ; পৰমজিত নাথৰ কবিতা আবৃত্তি; এবাদুল হকৰ ছিলটী গীত পৰিৱেশন আদিয়ে অনুষ্ঠানটোক সজীৱ কৰি তোলে। অনুষ্ঠানটোৰ আন এটা আকৰ্ষণীয় দিশ আছিল ষষ্ঠ ষাণ্মাসিকৰ শৰ্মিলা দেৱী, অনুপ বড়ো আৰু ছাজিয়া বেগমৰ যৌথ প্ৰচেষ্টাত পৰিৱেশন কৰা ‘বিলাতী হোজা’ গল্পটোৰ গল্পকথন। অনুষ্ঠানটোৰ শেষত সঞ্চালকে মাতৃভাষা শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে লগতে নিজ নিজ মাতৃভাষাৰ প্ৰতি দায়বদ্ধ তথা শ্রদ্ধাশীল হোৱা উচিত বুলি মতপোষণ কৰে। শেষত জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশনেৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয়।
প্ৰেৰক কিশলয় ডি গোস্বামী