নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত : মৃণালিনী দেৱী

গুৱাহাটীত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন খিল ভাৰতীয় সাহিত্য পৰিষদ-বিবেকানন্দ কল্যাণ কেন্দ্ৰৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ বিবেকানন্দ কল্যাণ কেন্দ্ৰ, ওদালবাক্ৰা, গুৱাহাটী আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ যুটীয়া উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস যোৱা ২১ ফেব্ৰুৱাৰীত বিবেকানন্দ কল্যাণ কেন্দ্ৰ, ওদালবাক্ৰা, গুৱাহাটী প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বিবেকানন্দ কল্যাণ কেন্দ্ৰৰ আশিস দাসৰ সঞ্চালনাত অনুষ্ঠিত আন্তৰ্জাতিক মাতৃভাষা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, সু-সাহিত্যিক তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত কয় যে দেশৰ ধৰণীস্বৰূপ শিশুসকলক শিক্ষিত কৰি মানুহ ৰূপে গঢ়ি তোলাটো সকলোৰে দায়িত্ব। এই গধূৰ দায়িত্ব পূৰ্ণৰূপে পালন কৰি এখন সুন্দৰ-সবল-নিকা সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃকে প্ৰমুখ্য কৰি দেশৰ নাগৰিক হিচাপে সকলোৱে আগবাঢ়ি অহা অতি প্ৰয়োজন। বিশেষকৈ দেশৰ চুকে কোণে অৱহেলিত হৈ পৰি থকা বা শিক্ষাৰ পোহৰ নোপোৱা অঞ্চলসমূহত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত চৰকাৰকে কেন্দ্ৰ কৰি সমূহ জনসাধাৰণে প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি কয়। তেওঁ ভাষণ প্ৰসংগত সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত মূল মাধ্যম হৈছে মাতৃসকল। মাতৃসকলে সন্তানৰ শিক্ষাক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি সন্তানসকলৰ ভৱিষ্যতৰ বাবে নিজৰ ঘৰখনত সু-পৰিৱেশ গঢ়ি তুলিব লাগে। মাতৃভাষাৰে শিক্ষা গ্ৰহণ কৰাটো শিশুসকলৰ জন্মগত অধিকাৰ। ইয়াক কোনেও কাঢ়ি নিব নোৱাৰে। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই শিক্ষাৰ ক্ষেত্ৰত উন্নতি সাধন কৰিলেও শিশুৰ শিক্ষাৰ প্ৰাথমিক সময়ছোৱাতে যদি এক বুজিব নোৱৰা বিদেশী ভাষাৰে শিশুসকলক শিক্ষা দিবলৈ যায়, তেনেহলে তাৰ ফল ওলোটা হোৱাৰহে সম্ভাৱনা বেছি থাকে বুলি কয়। বিবেকানন্দ কল্যাণ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি শুভ্ৰা ভট্টাচাৰ্যই পৰিচালনা কৰা আলোচনা চক্ৰ উদ্ধোধন আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকি আদৰ্শ মাতৃ মৃণালিনী দেৱীয়ে এটি শিশুৰ ভৱিষ্যত জীৱন আৰু তেওঁলোকৰ শৈক্ষিক দিশটো নিৰ্ভৰ কৰে প্ৰধানকৈ জন্মদাতা পিতৃ মাতৃ তথা অভিভাৱকসকলৰ ওপৰত। কাৰণ জন্মলগ্নৰে পৰা বিদ্যালয়লৈ পঠোৱাৰ আগমূহূৰ্তলৈ শিশুসকলে পিতৃ মাতৃৰ ভাষাকে অনুকৰণ কৰি সিহঁতে কথা বতৰা পাতিবলৈ আৰম্ভ কৰে বুলি কয়। আলোচনা চক্ৰত শিক্ষাৰ মাধ্যম আৰু মাতৃভাষা, মাতৃভাষা আৰু সংস্কৃতি, বিশ্বাত্মবাদ আৰু মাতৃভাষা, মাতৃভাষা আৰু সংস্কৃতৰ অৱদান, শৈক্ষিক দিশ আৰু মিচিং ভাষা আদি শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা কৰে অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া কৃষ্ণৰাম মিলি, পুঠিমাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সচিব প্ৰধান ড: প্ৰণতি তালুকদাৰ মুদিয়াই,  বিবেকানন্দ কল্যাণ কেন্দ্ৰৰ সম্পাদক জহৰলাল সাহা আদিয়ে।
You might also like