নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্ত:ৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে গাৰ্গী গীতম বৰাই

বিশেষ বাৰ্তা, ১ জুন:: নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুস্থিত এক আন্ত:ৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰি যশস্বী চিত্ৰ শিল্পী গাৰ্গী গীতম বৰাই নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। চিত্ৰশিল্পী, উদ্যোগী মহিলা গাৰ্গীয়ে এই চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি নগাঁও তথা অসমক গৌৰাৱান্বিত কৰিছে।এই চিত্ৰ প্ৰদৰ্শনীত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, টাইবান, লেবানন, আলবেনিয়া, নেপাল আৰু ভাৰতৰ চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।উল্লেখ যে নেপালৰ নেপাল আৰ্ট কাউন্সিল (কাঠমাণ্ডু) আৰু এছ,এম,ডি ফাউণ্ডেশ্যনৰ সৌজন্যত বাবৰ মহলত ২৩ মেৰ পৰা ২৫ মেলৈ এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। গাৰ্গীয়ে বিগত সময়চোৱাত ভাৰতৰ প্ৰখ্যাত গেলাৰী সমূহত চিত্ৰ প্ৰদৰ্শন কৰাৰ উপৰি বিশ্বৰ বিভিন্ন দেশত চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ইউৰোপ, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, থাইলেণ্ড ম্যানমাৰ অন্যতম।নগঞা শিল্পী গৰাকীক বিভিন্ন আনুস্থান প্ৰতিস্থানে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ এই চিত্ৰ কৰ্ম আগবাঢ়ি যোৱাটো কামনা কৰিছে।উল্লেখ যে ২০০৮ বৰ্ষত সুৰেন্দ্ৰ নাথ বৰদলৈ পুৰস্কাৰৰে সম্বৰ্ধিত গাৰ্গী পেইণ্টিং শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।ফ্ৰান্সত থকা নেপালৰ প্ৰখ্যাত চিত্ৰ শিল্পী কিৰণ মননধৰে গাৰ্গীৰ চিত্ৰ সমূহৰ প্ৰশংসা কৰিছে।অসম চাৰু কাৰু কলা পৰিষদৰ অধীনত নৱদ্বীপ চিত্ৰাংকণ বিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাম কৰি আছে।তদুপৰি উদ্যোগী মহিলা হিচাপে পৰিচয় দিয়া গাৰ্গীয়ে ২০১৮ চনত স্থাপন কৰা জাগৃতি ব্ৰেণ্ডৰ আচাৰ সৰিয়হ তেল,নমকীনে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ যে নেপালত অনূস্থিত চিত্ৰ প্ৰদৰ্শনীত গাৰ্গীৰ ওপৰিও অসমৰ চিত্ৰ শিল্পী লক্ষীপ্ৰভা শইকীয়া আৰু মিণ্টু ডেকাই অংশগ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like