নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : ঢকুৱাখনা মহকুমাৰ হাৰ্হি মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত, মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সমাজ সেৱা, স্থানীয় মহিলা আৰু যুৱ সংঘৰ সহযোগত নেওগঘূলি প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ লগত সংগতি ৰাখি আৰ্থ-সামাজিক উন্নয়নত নাৰীৰ ভূমিকা শীৰ্ষক এখন আলোচনা-চক্ৰ অনুষ্ঠিত কৰা হয়। হাৰ্হি মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্ৰী কৰৱী গগৈয়ে সঞ্চালনা কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে। মহাবিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্ৰী, অধ্যাপক -অধ্যাপিকা, মদাৰগুৰি আৰু নেওগঘুলিৰ যুৱক-যুৱতী, মহিলাসকলে অংশগ্ৰহণ কৰা উক্ত আলোচনা-চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ অধ্যাপিকা স্বপ্না গগৈয়ে ‘আৰ্থ-সামাজিক উন্নয়নত নাৰীৰ ভূমিকা’ সম্পৰ্কে আলোকপাত কৰে। নাৰীক সমাজৰ চালিকা শক্তি বুলি অভিহিত কৰি এগৰাকী নাৰীয়ে এখন ঘৰৰ পৰা এখন দেশ সুশৃংখলাবদ্ধভাৱে পৰিচালনা কৰিব পাৰে বুলি মন্তব্য কৰি অধ্যাপিকা গগৈয়ে এই ক্ষেত্ৰত চৰকাৰে মহিলাসকলৰ বাবে প্ৰদান কৰা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিলে মহিলাসকল স্বাৱলম্বী হ’ব আৰু অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব বুলি বক্তব্যত উল্লেখ কৰে। দ্বিতীয়গৰাকী সমল ব্যক্তি হিচাপে উপস্থিত থাকি অধ্যাপক ৰাজেশ চেতিয়াই দক্ষতা বিকাশ কাৰ্যক্ৰমণিকাত উচ্চ শিক্ষাৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। এইক্ষেত্ৰত বৰ্তমান মহাবিদ্যালয়খনত উপলব্ধ বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে আৰু ইয়াৰ লাভালাভ সম্পৰ্কে অৱগত কৰে। তেওঁ লগতে মহাবিদ্যালয়খনৰ মহিলা কোষে সাম্প্ৰতিক সময়ত সংঘটিত হৈ থকা ঘটনা-পৰিঘটনাৰ ওপৰত সজাগতা অনাৰ বাবে লোৱা পদক্ষেপক শলাগ লয়। মহাবিদ্যালয়ৰ ছাত্ৰীদ্বয় মায়া শইকীয়া আৰু ৰাণীমণি বৰুৱাৰ গীত আৰু নৃত্য পৰিৱেশনে অনুষ্ঠানটি জীপাল কৰি তোলে। নাৰী কোষৰ সমন্বয়ক ড° দ্বিপাক্ষী বৰুৱাই অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে ধন্যবাদ জনায়। ইয়াৰ আগতে স্থানীয় মহিলাসকলৰ মাজত অনুষ্ঠিত হয় পৰম্পৰাগত থলুৱা খেল-ধেমালি প্ৰতিযোগিতা। মহাবিদ্যালয়ৰ অধ্যাপক ৰিণ্টু সন্দিকৈয়ে উদ্বোধন কৰা প্ৰতিযোগিতাত অঞ্চলটোৰ অৰ্ধশতাধিক মহিলাই ৰছী টনা, টেকেলি ভঙা, চকীখেল আদি থলুৱা খেল-ধেমালিত অংশগ্ৰহণ কৰে। সদৌ শেষত স্থানীয় যুৱক বিজিত চুতীয়াৰ শলাগৰ শৰাইৰে নাৰী দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like