নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদ্যাৰ সহযোগত ইউএছটিএমৰ নাৰী দিৱস উদযাপন, স্থাপন চেনিটাৰী পেড ভেণ্ডিং মেচিন

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আজি বিশ্ব নাৰী দিৱস উপলক্ষে ইউনিভাৰ্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকনলজী (USTM)য়ে আদ্য়াৰ সহযোগত বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে বিশ্ব নাৰী দিৱস।

এইবাৰৰ নাৰী দিৱসৰ মূল মন্ত্ৰ “প্ৰত্যাহ্বান বাছনি কৰক” শীৰ্ষক বাণী সাৰোগত কৰি অনুষ্ঠিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হক,উপাচাৰ্য জি ডি শৰ্মাৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকল উপস্থিত আছিল।

নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত Menstrual Taboos and Myths Prevent Women’s Liberty শীৰ্ষক বিষয়ত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে অঞ্চলটোৰ স্থানীয় মহিলাসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য আৰু পৰিচ্ছন্নতা শিবিৰো অনুষ্ঠিত হয়।

আনহাতে, অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কৃষি খাদ্য আৰু সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ সহকাৰী মহাপ্ৰবন্ধক (আঞ্চলিক ভাৰপ্ৰাপ্ত) সুনীতা ৰায়।

এই অনুষ্ঠানতে মহিলা সবলীকৰণত বিশেষ অৱদানৰ লগতে নাৰী কণ্ঠৰ বৈধতাৰ প্ৰসংগত অগ্ৰণী ভূমিকা লোৱা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাক ‘ ‘USTM Woman of Substance Award 2021’ প্ৰদান কৰা হয়। বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ইউএছটিএমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই বিশিষ্ট সমাজ সেৱীগৰাকী এই বঁটা প্ৰদান কৰে।

উল্লেখ্য, আজি দিনটোতেই ইউএছটিএম চৌহদত আনুষ্ঠানিকভাৱে আদ্যাৰ তৰফৰ পৰা প্ৰদান কৰা ১০টা স্বয়ংক্ৰিয় চেনিটাৰী পেড ভেণ্ডিং মেচিন স্থাপন কৰা হয়।

You might also like