নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আন্তৰ্জাতিক যোগ দিৱস পালন

নিয়মীয়া বাৰ্তা, ২১ জুন : আজি হোজাই জিলা প্ৰশাসনৰ উদ্যোগত জিলা সদৰ শংকৰদেৱ নগৰস্হিত জিলা প্ৰশাসনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ‘আন্তৰ্জাতিক যোগ দিৱস’ পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকি বন্তি প্ৰজ্বলন কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে। আজিৰ এই যোগ দিৱসত অতিৰিক্ত জিলা আয়ুক্তসকল, স্বাস্হ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰঞ্জু ৰাজখোৱা, লংকা পৌৰসভাৰ সভানেত্ৰী, নিৰ্বাচনী বিষয়া, খাদ্য আৰু যোগান বিভাগৰ অতিৰিক্ত সঞ্চালক, সহকাৰী আয়ুক্তসকল, আন আন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like