🔹 পদত্যাগ পত্র গ্রহণ নকৰা পর্যন্ত কার্যনির্বাহৰ নির্দেশ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জানুৱাৰী : অসম আৰক্ষীৰ অধীক্ষক পদৰ পৰা পদত্যাগ কৰা আৰক্ষী বিষয়া আনন্দ মিশ্রক তৎকালে অসম আৰক্ষীৰ কার্যালয়লৈ বদলি কৰা হৈছে৷ পদত্যাগ পত্রত আনুষ্ঠানিক অনুমোদন নোহোৱা পর্যন্ত মুখ্য কার্যালয়ত থকাৰ স্পষ্ট নির্দেশনা দিয়া হৈছে আইপিএছ বিষয়াগৰাকীক৷ উল্লেখ্য যে ২০১১ বেটছৰ অসম–মেঘালয় কেডাৰৰ আইপিএছ বিষয়া আনন্দ মিশ্রই যোৱা ১৮ ডিচেম্বৰত আৰক্ষী সঞ্চালকপ্রধানৰ জৰিয়তে অসমৰ মুখ্য সচিবলৈ পদত্যাগ পত্র দাখিল কৰিছিল৷ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰূপে কার্যনির্বাহ কৰি থকাৰ সময়তে সামাজিক মাধ্যমত যথেষ্ট চর্চাৰ কেন্দ্রবিন্দু হৈ থকা আনন্দ মিশ্রক শেহতীয়াকৈ মণিপুৰৰ জাতিগত সংঘর্ষৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলত অন্তর্ভুক্ত কৰা হৈছিল৷ কিন্তু তাৰ পাছতে ডিচেম্বৰ মাহত পদত্যাগ পত্র প্রেৰণ কৰি আৰক্ষী বিষয়াজনে তেওঁৰ পদত্যাগৰ কাৰণ সন্দর্ভত লিখিছিল যে স্বাধীনভাৱে জীৱন–যাপনৰ বাবে আইপিএছৰ পৰা মই চর্তহীন পদত্যাগ কৰিলোঁ৷ এই পদত্যাগ পত্র প্রেৰণৰ পিছত যোৱা সময়ছোৱাত ছ’চিয়েল মাধ্যমৰ জৰিয়তে নিজৰ জীৱনৰ বিভিন্ন উদ্দেশ্যৰ কথা বর্ণনা কৰি অহা আৰক্ষী বিষয়াজনৰ কার্যকলাপক লৈ যথেষ্ট অসন্তুষ্ট হৈছিল গৃহ বিভাগ৷ আনকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নাম শুনা নাই বুলিও কটাক্ষ কৰিছিল৷ এনে অৱস্থাৰ মাজতে গৃহ বিভাগে আনন্দ মিশ্রৰ পদত্যাগ পত্র গ্রহণ কৰাৰ বিপৰীতে তেওঁক অনতিপলমে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত যোগদানৰ বাবে নির্দেশ দিয়ে৷ ইতিমধ্যে লখিমপুৰৰ আৰক্ষী অধীক্ষকৰূপে অর্পণা নটৰাজনক নতুন দায়িত্ব অর্পণ কৰা হৈছে৷