নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ মৃত্যুত শোকাহত আইপিএছ শিলাদিত্য চেতিয়াৰ হাস্পতালতে আত্মহনন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুনঃ প্রিয়তমা পত্নীৰ বিয়োগত ভাৰাক্ৰান্ত পতিয়ে মৃত্যুৰ দৰে চৰম পথ। কল্পনাৰো অগোচৰ এই দুৰ্ভাগ্যজনক ঘটনাই জোকাৰি গল গুৱাহাটীক। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিসাধীন পত্নীৰ মৃত্যুৰ পিছতেই আইচিইউৰ ভিতৰত আত্মহত্যা কৰিলে আইপিএছ বিষয়া শিলাদিত্যা চেতিয়াই। উল্লেখ্য যে দুৰাৰোগ্য জটিল ৰোগত বহুদিন ধৰি আক্রান্ত হৈ আছিল গৃহ সচিব শিলাদিত্য চেতিয়াৰ পত্নী আগমনি বৰবৰুৱা৷ অসুস্থ পত্নীক সুস্থ কৰি তুলিবলৈ প্রয়োজনীয় সকলো ব্যৱস্থা তেওঁ লৈছিল৷ ভাৰতৰ উন্নতৰ পৰা উন্নততৰ চিকিৎসা প্রতিষ্ঠানটোও দূৰৰে কথা সুদূৰ আমেৰিকাতো চিকিৎসকৰ সহায় লৈছিল একমাত্র অসুস্থ পত্নীক সুস্থ কৰি তোলাৰ বাবে৷ বিধিয়ে ধন-দৌলতৰ অভাৱ তেওঁক কোনোদিনেই অনুভৱ কৰিবলৈ দিয়া নাছিল যদিও কৃপা দৃষ্টিৰে তেওঁৰ ওপৰত বর্ষণ কৰাত কার্পণ্য কৰিছিল৷ সকলো প্রচেষ্টাৰ অন্ততো সুস্থ হৈ নুঠা আগমনি বৰবৰুৱাৰ স্বাস্থ্যই পুনৰ জটিল ৰূপ ধাৰণ কৰাত বিগত দুমাহ পূর্বে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ বিশেষ আইচিইউ কোঠাত পত্নীক ভর্তি কৰিছিল শিলাদিত্য চেতিয়াই৷ দিনে–নিশাই চিকিৎসকেও অসুস্থ আগমনি বৰবৰুৱাক সুস্থ কৰি তুলিবলৈ পার্যমানে সম্ভৱপৰ সকলো চেষ্টা চলাইছিল৷ দিনে–নিশাই পত্নীৰ কাষতে থাকি স্বাস্থ্যৰ অৱস্থা তেওঁ পর্যবেক্ষণ কৰিছিল৷ এক কথাত ক’বলৈ হ’লে প্রিয়তমা পত্নীৰ কৰুণ পৰিণতি যে অতি সোনকালে আহিব সেই কথা হয়তো তেওঁ মনে মনে অনুভৱ কৰিছিল৷ সেয়ে কার্যালয়ৰ পৰাও বিগত বহুদিন ধৰি ছুটী লৈ পত্নীৰ কাষতে তেওঁ আছিল৷ ছুটীৰ ম্যাদ উকলি যোৱাৰ পিছতো কার্যালয়ত তেওঁ ভালদৰে উপস্থিত থকা নাছিল৷ যোৱা তিনিদিন ধৰি হাস্পতালত থকাৰ সময়তো তেওঁৰ সৈতে আছিল ছার্ভিচ ৰিভলভাৰ। দীর্ঘদিনীয়া চিকিৎসাৰ অন্তত আজি বিয়লি ৪.৩০ বজাত আগমনি বৰবৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে৷ কিছু সময়ৰ বাবে বাহিৰলৈ গৈ পুনৰ হাস্পতাললৈ অহা শিলাদিত্য চেতিয়াক কর্তব্যৰত চিকিৎসক-নার্ছে দিয়ে উক্ত দুঃখবৰটো৷ খবৰটো পোৱাৰ পাছত অকনমানো তেওঁ বিচলিত নহৈ কেৱল চিকিৎসক আৰু কর্তব্যৰত নার্ছক ক’লে– মই অলপ তেওঁৰ সৈতে একান্তভাৱে প্রার্থনা কৰিব বিচাৰো৷ আপোনালোকে অনুগ্রহ কৰি অকনমান সময় বাহিৰত থাকক৷ কিন্তু ঠিক ১০ মিনিট পাছতেই কোঠাটোৰ পৰা অহা প্রচণ্ড শব্দত আতংকিত হৈ পৰা চিকিৎসক তথা কর্মীৰ দলটোৱে লগে লগে দৌৰি যায় কোঠাটোলৈ৷ প্রথম অৱস্থাত তেওঁলোকে কিবা কাৰিকৰী বিজুতিৰ বাবেহে এই প্রচণ্ড শব্দ হোৱা বুলি সন্দেহ কৰিছিল যদিও এবাৰলৈ হ’লেও কোনেও ভবা নাছিল গৃহ সচিব শিলাদিত্য চেতিয়াই আত্মহননৰ দৰে ভয়ানক পথ বাছি ল’ব বুলি৷ ভিতৰৰ পৰা বন্ধ থকা কোঠাটোত ঢ়কিয়াই খুলি ভিতৰলৈ গৈ সকলো হতভম্ব হৈ পৰে৷ মৃত আগমনি বৰবৰুৱাৰ নিথৰ দেহৰ নিচেই ওচৰতে তেজেৰে তুমুৰলি হৈ পৰি আছিল ৰাজ্য চৰকাৰৰ ক্ষমতাশালী বিষয়া, গৃহ সচিব শিলাদিত্য চেতিয়া৷ ধুমুহাৰ গতিত এই খবৰ চৌদিশে বিয়পি পৰাৰ পূর্বেই হাস্পতালৰ চিকিৎসকৰ দলে বিষয়াগৰাকীক আসন্ন মৃত্যুৰ পৰা বচাবলৈ আপ্রাণ চেষ্টা কৰিলে যদিও মাথোঁ কিছু মুহূর্তৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰিলে শিলাদিত্য চেতিয়াই৷ শিলাদিত্য চেতিয়াই মূৰৰ পিছফালে গুলীয়াইছিল৷ গুলীৰ শব্দ বৃহৎ হোৱাৰ পৰিপ্রেক্ষিতত দুই জাঁই গুলী হয়তো তেওঁ ৰিভলভাৰৰ জৰিয়তে নিজৰ মূৰত গুলীওৱাৰ সন্দেহ কৰিছে চিকিৎসকসকলে৷ পিতৃ তথা অসম আৰক্ষীৰ ডিআইজিৰূপে অৱসৰ গ্রহণ কৰা প্রমোদ চেতিয়াক কিছু বছৰ পূর্বে হেৰুওৱাৰ পাছত বিগত এবছৰ পূর্বে তেওঁ আকস্মিকভাৱে হেৰুৱাইছিল জন্মদাত্রী মাতৃকো৷ তাৰ পিছতো তেওঁৰ দুখৰ যেন অন্ত পৰা নাছিল৷ মাতৃৰ পিছতে পত্নীৰ মাতৃকো অকালতে তেওঁ হেৰুৱাবলগীয়া হ’ল৷ সহোদৰ হিচাপে অবিবাহিত দুই চিকিৎসক ভগ্নী তেওঁৰ আছিল যদিও কর্মসূত্রে দুয়োগৰাকীয়ে ঘৰৰ বাহিৰত থকাত এই দুখ নীৰৱে সহ্য কৰিছিল শিলাদিত্য চেতিয়াই৷ এক অর্থত ক’বলৈ হ’লে সংসাৰৰ সমস্ত দুখ নিজৰ বুকুৰ মাজত নীৰৱে সামৰি লৈ আনৰ সন্মুখত হাঁহি হাঁহিয়েই সকলো কর্তব্য তেওঁ সম্পাদন কৰিছিল৷ সন্তানৰ পিতৃত্ব অর্জনৰ বাবে প্রবল চেষ্টাৰ মাজতো কর্কটৰ দৰে দুৰাৰোগ্য ৰোগে গোপনে প্রিয়তমা পত্নীকো আক্রান্ত কৰি তোলাৰ পিছত কাৰো আগত একো প্রকাশ নকৰিলেও পত্নীৰ এই অৱস্থাৰ বাবে নিজকে হয়তো তেওঁ দায়ী কৰি লৈছিল৷ যাৰ বাবে প্রিয়তমা পত্নীৰ জটিল শাৰীৰিক অৱস্থাৰ অন্তিম পৰিণতিৰ পাছত কি সিদ্ধান্ত তেওঁ গ্রহণ কৰিব সেয়া আগতীয়াকৈ মনত পৰিকল্পনা কৰি লৈছিল৷ অপেক্ষা আছিল মাথোঁ চিকিৎসকৰ আনুষ্ঠানিক ঘোষণাৰ৷ আজি বিয়লি আশা নকৰিলেও অহা অনাকাংক্ষিত খবৰটোৰ মাথোঁ কেইটামান মুহূর্তৰ পিছতে নিজৰ জীৱন বন্তি নিজেই নির্বাপিত কৰি পেলালে শিলাদিত্য চেতিয়াই৷ সংসাৰত থৈ গ’ল মাথোঁ প্রিয়তমা পত্নীৰ প্রতি থকা প্রেমৰ বিৰল দৃষ্টান্ত৷ শ্বাশ্বত প্রেমৰ বিৰল দৃষ্টান্ত ৰাখি প্রিয়তমা আগমনি বৰবৰুৱাৰ পাছে পাছে অজান্তি মুলুকলৈ গমন কৰিলে শিলাদিত্য চেতিয়াই৷ দৃষ্টান্ত হৈ ৰওক এই প্রেম৷ এই মুহূর্তত ৰাজ্যৰ প্রতিগৰাকী হৃদয়বান ব্যক্তিয়ে এয়াই কামনা কৰিছে৷

You might also like