নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ লৈ হাত দাঙিলে যোৰহাটৰ ৰেঞ্জাৰ ইকবাল আহমেদে 

বিশেষ বাৰ্তা,  ১৫ জুন : ৰাজ্যত ধাৰাবাহিকভাৱে চৰকাৰী বিষয়াই ঘোচ লৈ ধৰা পৰাৰ পিছতো মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই একাংশৰ। আজি পুনৰ পুৱাই ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে চৰকাৰী দৰমহাৰে নোজোৰা যোৰহাট জিলা আঞ্চলিক বন বিষয়া ইকবাল আহমেদ। ইকবাল আহমেদে যোৰহাটৰ পূব যোৰহাটৰ এজন ব্যক্তিৰ পৰা টিম্বাৰৰ লাইচেঞ্চ দিয়াৰ বাবদ চাৰি লাখ টকা দাবী কৰিছিল। বিগত কেইবাদিনো ধৰি ঈদৰ বাবে টকা বিচাৰি ব্যক্তিজনক জোৰজুলুম কৰাৰ লগতে ইকবালে ভাবুকি প্ৰদান কৰিছিল বুলি জনা গৈছে। এই অনুসৰি ব্যক্তিজনে এক লাখ টকা আজি আঞ্চলিক বন বিষয়া ইকবাল আহমেদক দিবলৈ অহাৰ পিছত দুৰ্নীতি নিবাৰক শাখাই যোৰহাট নগৰৰ মাজমজিয়াত থকা যোৰহাট বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়াগৰাকীৰ কোঠাত টকা লোৱাৰ সময়ত হাতে-লোটে ধৰা পেলায়। কেইবা ঘণ্টা ধৰি দুৰ্নীতি নিবাৰক শাখাই বিষয়াগৰাকীক জেৰা কৰাৰ অন্তত যাৱতীয় প্ৰক্ৰিয়াৰে বিয়লি গুৱাহাটীলৈ লৈ যায়। উল্লেখ্য যে এইগৰাকী বন বিষয়া ইকবাল আহমেদৰ বিৰুদ্ধে বিভিন্ন সময়ত একাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল। দীৰ্ঘদিন ধৰি যোৰহাটত লুণ্ঠনৰ বাবে খোপনি পুতি লোৱা বিষয়াগৰাকীয়ে  একাংশ বালি মাফিয়াৰে মিলি বালিৰ ছিণ্ডিকেট দীৰ্ঘদিন চলাই অহাৰ অভিযোগ থকাৰ লগতে চোৰাং কাঠ, কয়লাৰ লগতো নাম সাঙোৰ খাইছিল। তদুপৰি যোৱা মঙলবাৰে যোৰহাটৰ নিমাতী গোহাঁই গাঁৱৰ ফাগুৱা দৌলৰ সমীপত এখন বিলৰ কাষত নিৰ্মীয়মাণ এটা টাৱাৰত কাম কৰি থকা অৱস্থাত বালিগাঁও নপমুৱা অঞ্চলৰ নৱজ্যোতি বৰা নামৰ এজন যুৱকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত নাম সাঙোৰ খাইছে এইগৰাকী বন বিষয়া ইকবাল আহমেদৰ। কেৱল লুণ্ঠনৰ বাবেই বিধিবহিৰ্ভূতভাৱে ঠিকাদাৰৰ সৈতে মিলি টাৱাৰটো নিৰ্মাণ কৰিছিল এইগৰাকী বিষয়াই। যাৰ পৰিণতিত টাৱাৰটোৰ কাষেৰে যোৱা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক লাইনত লাগি মৃত্যু হৈছিল ৰাজমিষ্ট্ৰী নৱজ্যোতি বৰাৰ। এই ঘটনা সন্দৰ্ভত মৃত্যু হোৱা যুৱকজনৰ পিতৃয়ে জিলা বন বিষয়া, এইগৰাকী বন আঞ্চলিক বিষয়া আৰু ঠিকাদাৰজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এটা গোচৰ তৰে আৰু ইতিমধ্যে এই গোচৰ পঞ্জীয়ন হৈছে। কিন্তু  যুৱকজনৰ মৃত্যুৰ মাত্ৰ চাৰি দিনৰ পিছতেই আজি সমুচিত পুৰস্কাৰ পালে দুৰ্নীতিৰ সদাগৰ ইকবাল আহমেদে। তদুপৰি ভোগদৈৰক বালি অবৈধ খননতো এইগৰাকী বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। বালি মাফিয়াৰে মিলি ভোগদৈ নদীৰ বুকু বিদীৰ্ণ কৰি সৃষ্টি কৰা বৃহৎ গাঁতত সোমাই নগৰৰ গৰমূৰ ভোগদৈৰ বুকুত ইতিমধ্যেই তিনিজন যুৱকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতো ইকবালে কোনো তদন্ত নকৰিলে একমাত্ৰ নিজৰ কমিছনৰ স্বাৰ্থত। এইগৰাকী ৰেঞ্জাৰৰ সন্ত্ৰসত সাধাৰণ শিল-বালিৰ  ব্যৱসায়ীয়ে ব্যৱসায় কৰিবলৈও এৰি দিছিল। এইগৰাকী উচ্চপদস্থ বিষয়াই পাঁচশ টকা পৰ্যন্তও বিভিন্নজনৰ পৰা ঘোচ লোৱাৰ অভিযোগ আছে। নিজৰ প্ৰভুত্ব খটুৱাই কেৱল সোঁৱে-বাঁৱে টকা ঘটি অগাধ সম্পত্তিৰ গৰাকী হোৱা দুৰ্নীতিপৰায়ণ বিষয়া ইকবালক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাত ৰাইজে বিভাগক ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ সম্পত্তিৰ ওপৰত অনুসন্ধান চলোৱাৰ দাবী জনাইছে।

 

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like