নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হামাছৰ আক্ৰমণৰ আঁৰত ইৰান

বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ কালি হামাছে ইজৰাইলক আক্ৰমণ কৰে, তাৰ পিছত ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছৰ স্থানসমূহকো আক্ৰমণ কৰি আছে। এতিয়া ইজৰাইলৰ পৰা ডাঙৰ প্ৰতিক্ৰিয়া আহিছে। এবিপি নিউজৰ বাতৰি অনুসৰি এই আক্ৰমণৰ আঁৰত ইৰান আছে। গাজা ষ্ট্ৰিপৰ পৰা হামাছে পণবন্দী কৰি লৈছে, য’ত মহিলা, শিশু আৰু বৃদ্ধ লোকো আছে। কেৱল এয়াই নহয়, গাজা ষ্ট্ৰিপৰ সমীপৰ গাঁওসমূহো হামাছে দখল কৰিছে। ইজৰাইল দূতাবাসৰ মুখপাত্ৰই আৰু কয় যে এই আক্ৰমণৰ আঁৰত ইৰান যে আছে তাত কোনো সন্দেহ নাই। তেওঁ সকীয়াই দিয়ে যে হামাছৰ বৃহৎ লোকচান হ’ব। ভাৰতৰ সমৰ্থনৰ বাবে ইজৰাইলে কয়- সমৰ্থন ঘোষণাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ। ইজৰাইলৰ অন্যতম ঘনিষ্ঠ বন্ধু ভাৰত। আমি আশা কৰিছো যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব। ইজৰাইলৰ ওপৰত ৩০০০ৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে, ইয়াৰে অধিকাংশই আইৰন ড’মে বন্ধ কৰি দিছে। ইজৰাইলৰ সময় অনুসৰি পুৱা ৬.৩০ বজাত হামাছে এই আক্ৰমণ আৰম্ভ কৰে। ইৰানে এই আক্ৰমণ উদযাপন কৰিছে, যাৰ বাবে তাত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি উদযাপন কৰিছে। ইজৰাইলত এতিয়ালৈকে হামাছৰ আক্ৰমণৰ ফলত ৩০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহতসকলৰ সংখ্যাই ১৫০০ অতিক্ৰম কৰিছে। গাজাত ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱা পেলেষ্টাইনীৰ সংখ্যা ২৩২জন। ইয়াত ১৭০০ লোকো আহত হৈছে। ইজৰাইলে গাজা ষ্ট্ৰিপত বাস কৰা লোকসকলক ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলৈ কয়।

You might also like