নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰাকত অগ্নিকুণ্ডত পৰিণত বিবাহানুষ্ঠান

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ইৰাকত বিবাহ অনুষ্ঠান চলি থাকোতে কাৰাক’ছৰ বিবাহ ভৱনত বিধ্বংসী অগ্নিকাণ্ডত অতি কমেও শতাধিক লোকৰ প্রাণহানি হৈছে৷ অগ্নিকাণ্ডত চাৰি শতাধিক লোক আহত হৈছে৷ বিবাহ অনুষ্ঠানৰ ভিডিঅ’ প্রত্যক্ষ কৰা মতে দৰা–কইনাই নৃত্য কৰি থকাৰ সময়তে জুই–ধোঁৱাই গৃহটো ঘেৰি ধৰে৷ জুইয়ে নিমিষতে বিবাহ ভৱনটো আৱৰি ধৰাত শতাধিক লোক অগ্নিদগ্ধ হয়৷ জুইত দগ্ধ হোৱা চাৰি শতাধিক আহত লোকক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷  আতচবাজীৰ বাবে এই ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হৈছে৷  অগ্নিকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে ভৱনটো নিমিষতে জুইত জাহ যায়৷  অঞ্চলটোৰ ৰাজনীতি মছুলৰ পৰা ১৫ কিলোমিটাৰ নিলগত এইঅগ্নিকাণ্ডটো সংঘটিত হৈছে৷ চিকিৎসালয়ত ৰক্তদান কৰিবলৈ বহুসংখ্যক লোক উপস্থিত হৈছে৷ এই অগ্নিকাণ্ডত বিবিচিকে ধৰি বিভিন্ন আন্তর্জাতিক সংবাদ মাধ্যমে দৰা–কইনাৰো মৃত্যু হোৱা বুলি প্রকাশ কৰিছে যদিও অল জাজিৰাই অগ্নিদগ্ধ অৱস্থাত আহত দৰা–কইনাক উদ্ধাৰ কৰা হৈছে বুলি প্রকাশ কৰিছে৷ জীৱিত অৱস্থাত থকা দৰা–কইনাক চিকিৎসালয়ত ভর্তি কৰোৱা বুলি বাতৰিটোত প্রকাশ পাইছে৷ ইৰাকৰ প্রধানমন্ত্রীয়ে প্রকাশ কৰা মতে এই বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

You might also like