নিউজাৰ্ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈও মনোনীত আইৰন গাৰ্লছ
উৎপল মেধিৰ প্ৰতিবেদনঃ নতুন বছৰত অসমৰ চলচ্চিত্ৰ জগতলৈ আহিল এক সুখবৰ৷ অসমৰ মাটিৰ স’তে সংপৃক্ত লোককলা ওজাপালি-দেওধনীয়ে বিশ্বদৰবাৰত পালে পুনৰ এক স্বৰ্ণিল স্বীকৃতি৷ অধ্যাপক-চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“এ অষ্টম আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱত স্হান লাভ কৰিছে৷২০২৫ বৰ্ষৰ ১০ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ কেৰালাত এই আন্তঃৰাষ্ট্ৰীয় লোকসাংস্কৃতিক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হব৷ বিশ্বৰ ১৭খন ৰাষ্ট্ৰই এই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব৷ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰ “আইৰন গাৰ্লছ’এ অষ্টম আন্তঃৰাষ্ট্ৰীয় লোকসাংস্কৃতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে ভাৰতবৰ্ষৰ পৰা লাভ কৰিছে অ’ফিচিয়েল চিলেকচন ৷ ইয়াৰ লগতে ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“এ এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় শাখাত লাভ কৰিছে ফাইনেলিষ্টৰ সন্মান৷ চুড়ান্ত পৰ্যায়ৰ পূৰ্বেই অসম তথা ভাৰতৰ “আইৰন গাৰ্লছ“ৰ সৈতে ফাইনেলিষ্টৰ তালিকাত আছে অন্য তিনিখন চলচ্চিত্ৰ৷ নিঃসন্দেহে নতুন বছৰত অসমৰ চলচ্চিত্ৰ জগতলৈ এয়া এক সুখবৰ৷উল্লেখ্য যে কেৰালাৰ চেণ্টাৰ ফ’ৰ মেডিয়া ষ্টাডিচ,কেৰালা ষ্টেট চলচ্চিত্ৰ একাডেমি,থিচুৰ অট’ন’মাচ কলেজ,কেৰালম আদিয়ে এই আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰি আহিছে৷এইবাৰ এই মহোৎসৱত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰসমুহ হৈছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, বুলগেৰিয়া, কানাডা, চিলি, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইৰান, তুৰ্কী আদিকে ধৰি ১৭ খন ৰাষ্ট্ৰ৷উল্লেখ্য যে এই মহোৎসৱত বিশ্বৰ কেৱল লোকসংস্কৃতি বিষয়ক চলচ্চিত্ৰ সমুহ প্ৰদৰ্শন কৰা হব৷অসমৰ স্বৰ্ণিল লোককৃষ্টি ওজাপালি-দেওধনী বিষয়ক “আইৰন গাৰ্লছ“ও বিশ্বৰ বিভিন্ন চলচ্চিত্ৰৰ মাজত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱাটো আৰু ফাইনেলিষ্টৰ সন্মান লাভ কৰাটো নিঃসন্দেহে অসমৰ বাবে এক সুখৰ খবৰ৷উল্লেখ্য যে “আইৰন গাৰ্লছ“ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ওজাপালি লোকশিল্পী পদ্মশ্ৰী বঁটাপ্ৰাপক দ্ৰোণ ভূঞাই৷বিশিষ্ট লোকশিল্পী গৰাকীৰ জীৱনৰ এছোৱা এই চলচ্চিত্ৰখনত জীৱন্ত ৰূপত চিত্ৰায়ন কৰা হৈছে৷পৰিচালক ৰাজেন দাসে জানিবলৈ দিয়া অনুসৰি বিশ্বৰ লোকসাংস্কৃতিক বিষয়ৰ চলচ্চিত্ৰ সমূহৰ মহামিলনৰ এই বৃহত্তম মঞ্চ কেৰালা আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱত স্হান লাভ কৰাটো অসমৰ ওজাপালি -দেওধনীৰ শিল্পৰ বাবে এক বৃহৎ স্বীকৃতি৷এই স্বীকৃতিয়ে অসমৰ লোকসংস্কৃতিৰ বাবে কাম কৰি যোৱাত আমাক দুগুণে সাহস যোগাব বুলি পৰিচালক ৰাজেন দাসে সাংবাদিকক জানিবলৈ দিয়ে যেশেহতীয়াভাৱে নিউজাৰ্ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো “আইৰন গাৰ্লছ“এ অফিচিয়েল চিলেকচন লাভ কৰা বুলি পৰিচালক ৰাজেন দাসে জানিবলৈ দিছে৷নিউজাৰ্ছিৰ পৰা পৰিচালকলৈ এই সন্দৰ্ভত ইতিমধ্যেই পত্ৰ প্ৰেৰণ কৰিছে৷