নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত ফৰলেনযুক্ত পথ নিৰ্মাণত অনিয়মঃ জৰিমনা ভৰি উলিয়াই নিলে চালানবিহীন শিলভৰ্তি ডাম্পাৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ তুলঙীয়াৰ পৰা যোগীঘোপালৈ ফৰলেনযুক্ত পথ নিৰ্মানৰ দায়িত্বৰত সংস্থাৰ চালানবিহীন  শিলভৰ্তি ডাম্পাৰ  বন বিভাগে জব্দ কৰাৰ পাছত বন বিভাগক জৰিমনা আদায় দি ডাম্পাৰ মোকলাই  নিবলৈ সক্ষম হয় । জানিব পৰা মতে, বঙাইগাঁও জিলাৰ তুলুঙীয়াৰ পৰা যোগীঘোপাৰ লজিষ্টিক হাবলৈ ফৰলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰে ক্ৰমে আৰ এছ বি আই আৰু আৰ পি চি নামৰ দুটা নিৰ্মাণকাৰী সংস্থাই। নিৰ্মাণকাৰী সংস্থাই পথৰ প্ৰয়োজনীয় শিল প্ৰস্তুত কৰাৰ বাবে যোগীঘোপা-তুলুঙীয়া পথৰ কাষতে চৌটাকী বৃক্ষৰোপণস্থলীৰ সমীপতে উত্তৰ শালমাৰা পঞ্চায়তৰ চতুৰ্থ আৰু পঞ্চম খণ্ডত সংস্থাৰ দুটা ক্ৰেচাৰ মেচিন বহুৱায় । কিন্তু নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । নিৰ্মাণকাৰী সংস্থাই বন বিভাগক ৰাজহ ফাঁকি দি কেৱল ভূমি সৰবৰাহ কৰাই নহয় ৰয়েল্টি ফাঁকি দি চালানবিহীনভাৱে ভূটানৰ ডাম্পাৰ ব্যৱহাৰ কৰি চিৰাং জিলাৰ পৰা বল্ডাৰ কঢ়িয়াই আনি চৌটাকীস্থিত ক্ৰেচাৰ মেচিনত ভাঙে। এনেদৰে চালানবিহীনভাবে বল্ডাৰ কঢ়িওৱা সন্দৰ্ভত সততে অভিযোগ উত্থাপন হোৱাৰ পাছতে অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে  অভিযান চলাই  যোৱা ২৭ মাৰ্চত   বি পি-২- বিএ ০০৮৪ নম্বৰৰ আৰ  এছ বি  আই নিৰ্মাণকাৰী সংস্থাৰ বল্ডাৰভৰ্তি ডাম্পাৰ জব্দ কৰে । পাছত বন বিভাগৰ নিয়ম অনুসৰি প্ৰায় ৬৯ হাজাৰ টকা জৰিমনা দি বল্ডাৰভৰ্তি ডাম্পাৰ মোকলাই নিয়ে যদিও  অভিযোগ মতে, এতিয়াও অব্যাহত আছে চোৰাং শিলৰ সৰবৰাহ । উল্লখ্য যে ক্ৰেচাৰ মেচিন স্থাপনৰ বাবে সংশ্লিষ্ট পঞ্চায়তৰ এন অ চিৰ প্ৰয়োজন । পঞ্চায়তে প্ৰদান কৰা এন অ চিৰ ওপৰত ভিত্তি কৰিয়েই বন বিভাগে অনুজ্ঞাপত্ৰ প্ৰদান কৰে । জানিব পৰা মতে, সংশ্লিষ্ট উত্তৰ শালমাৰা পঞ্চায়তে বিগত বৰ্ষৰ নবেম্বৰৰ শেষৰ ফালেহে এন অ চি প্ৰদান কৰিছিল । তেনে অৱস্থাত ইয়াৰ পূৰ্বে মাহৰ পাছত মাহ কেনেদৰে নিৰ্মাণকাৰী সন্থাৰ ক্ৰেচাৰ মেচিন চলাব পাৰিছিল তথা বন বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিছিল সেয়া এক নুবুজা সাথৰ হৈ পৰিছে বহুতৰ বাবে ৷ এইক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব ।

প্ৰেৰক টিংকুচন্দ্ৰ দাস

You might also like