নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভঃ সুদীৰ্ঘ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত পাঠশালা নগৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত কালিৰ পৰা অনুষ্ঠিত “বিশ্ববিদ্যালয় সপ্তাহ ২০২২“ৰ আজি দ্বিতীয় দিনা অন্যান্য খেল-ধেমালিৰ লগতে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে উলিওৱা এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ পাঠশালাতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ বিশ্ববিদ্যালয়খনৰ গণিত বিভাগে “গাঁৱলীয়া জীৱনৰ মদকতা”, ৰাজনীতি বিজ্ঞান বিভাগে “অসমীয়া চলচিত্ৰ“, প্ৰাণীবিজ্ঞান বিভাগ, অৰ্থনীতি বিভাগ আৰু অসমীয়া বিভাগৰ পৰা লোক সংস্কৃতিৰ বাৰেৰহণীয়া উপাদানৰ লগতে বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু কলা শাখাৰ মুঠ ১৮ বিভাগৰ শিক্ষাৰ্থীসকলে বিহু নৃত্য , মহোহো উৎসৱ, পাউৰা তোলা উৎসৱ, দেৱদাসী নৃত্য, দেশ প্ৰেম, ৰাইজমেল, সাধুকথা, আই নাম, বিয়া নাম, পৌৰাণিক যুদ্ধৰ কাহিনী আৰু বিভিন্ন ধৰ্মীয় চৰিত্ৰ উপস্থান আদিকে ধৰি বৰ অসমৰ প্ৰায়সংখ্যক জাতি জনগোষ্ঠীৰ গৌৰৱোজ্বল মেটমৰা সংস্কৃতিৰ উপাদানেৰে সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে সমগ্ৰ পাঠশালা বৰ্ণিল কৰি তোলে৷ আনহাতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে একক নাইবা দলীয়ভাৱে সংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহন কৰাৰ বাবে নিজকে আকৰ্ষনীয় ৰুপত সজাই তুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ খেল পথাৰৰ পৰা আৰম্ভ কৰা এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মন্দ্ৰ দাসে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ শিক্ষা জীৱন অতিকৈ গুৰুত্ব পূৰ্ণ৷ তেওঁলোকে শিক্ষাৰ সমান্তৰালকৈ খেল ধেমালি তথা বিভিন্ন প্ৰতিযোগিতা অংশগ্ৰহণ কৰি নিজৰ সক্ষমতাৰ পৰিচয় দিব লাগে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য কৰে৷ পাঠশালা নগৰৰ মাজেৰে উলিওৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ দীঘল এই বৰ্ণাঢ্য সংস্কৃতিক শোভাযাত্ৰাত বিশ্ববিদ্যালয়খনৰ অধ্যাপক কনক দাস, শৰৎ চন্দ্ৰ তালুকদাৰ,পৰাগ বৰ্মনকে আদি কৰি ভালেসংখ্যক শিক্ষগুৰুৰ লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে শিল্পী পেঞ্চনাৰ লোকগীতৰ সাধক বসন্ত পাটগিৰী, যুৱ নাট্যকাৰ কিশোৰ তহবিলদাৰ, চলচিত্র পৰিচালক ৰাজেন দাস সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি৷ ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক উৎপল দাসে আঁত ধৰা আজিৰ সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠানটোৱে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমোত্তৰ ব্যূৎপত্তিক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰি তোলে৷ উল্লেখ্য যে বজালী মহাবিদ্যালয়ৰ পৰা ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পিছত এইবেলি প্ৰথমবাৰৰ বাবে আৰম্ভ হয় বিশ্ববিদ্যালয় সপ্তাহ৷ অহা ১২ এপ্রিললৈ চলিবলীয়া এই বিশ্ববিদ্যালয় সপ্তাহৰ অন্তিম দিনাৰ কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বড়াই। ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেৱৰ্ষি মেধিয়ে সকলো অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ শৃংখলাবদ্ধ সহায়-সহযোগিতা কামনা কৰিছে।
প্ৰেৰক কল্যাণ কলিতা

You might also like