নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ন্যায়ালয়ত ফেশ্বন পেৰেড চলিছে নেকি’ : মুখ্য ন্যায়াধীশৰ প্ৰশ্ন অধিবক্তাক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : দেশৰ আইন–শৃংখলা ভংগ হ’লেও বিচাৰৰ দায়িত্ব আহি পৰে ন্যায়ালয়ৰ ওপৰত৷ গতিকে, ন্যায়ালয়ত সামান্য শৃংখলা ভংগও দৃষ্টিকটু৷ বিষয়টো নজৰলৈ অহাৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক তীব্র ভর্ৎসনা কৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে৷ কঠোৰ সুৰত অধিবক্তাগৰাকীৰ উদ্দেশ্যে প্রশ্ন কৰিলে চন্দ্রচূড়ে– ‘আদালতত কি ফেশ্বন পেৰেড চলিছে নেকি?’ অকল সেয়াই নহয়, সঠিক পোছাক পৰিধান কৰি নাহিলে গোচৰৰ শুনানি লোৱা নহ’ব বুলি উল্লেখ কৰে চূন্দ্রচূড়ে৷ উল্লেখনীয় যে ডিঙিৰ বগা টাই পৰিধান কৰি অহা নাছিল অধিবক্তাগৰাকীয়ে৷ এই ঘটনাক লৈ ব্যাপক চর্চা চলিছে দেশজুৰি৷

You might also like