📌 দিল্লীৰ ‘বন্ধু’ এতিয়া চিৰবৈৰী পাকিস্তানৰ কব্জাত
📌 পশ্চিমবংগ–সমক সংযুক্ত কৰা চিকেন নেকৰ পৰা ১৩০ কিলোমিটাৰ আঁতৰত বৃহস্পতিবাৰে
📌 চুবুৰীয়া দেশৰ নিৰাপত্তা–চোৰাংচোৱা বিষয়াৰে বহিল লেফটেনেণ্ট জেনেৰেল আছিম মালিক
📌 স্পর্শকাতৰ ছট্টগ্রাম হিলট্রেক পৰিদর্শন
📌 ২১ জানুৱাৰীৰ পৰা বাহৰ পাতি ঢাকাতো মাৰাথন বৈঠকত অংশগ্রহণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ ভাৰতৰ বন্ধু দেশ বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰে চিৰবৈৰী পাকিস্তানৰ সৈতে গভীৰৰ পৰা গভীৰ সম্পর্ক গঢ়াক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশ চৰকাৰে ভাৰতবিৰোধী কার্যকলাপত পাকিস্তানৰ সৈতে মিলিত হৈ হাত উজান দিছে৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আছিম মালিকে প্রতিনিধি দল লৈ গোপনে বাংলাদেশ ভ্রমণ কৰা বিষয়টোৱে নতুন দিল্লীক উদ্বিগ্ণ কৰি তুলিছে৷ তিনিদিনীয়া ভ্রমণসূচীত আইএছআইৰ মুৰব্বীজনে ঢ়াকাত কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰাৰ উপৰি পাকিস্তানী সেনা আৰু আইএছআইৰ চাৰিজনীয়া জ্যেষ্ঠ বিষয়াৰ দলে গোপনে বৈঠক অনুষ্ঠিত কৰিছে ‘চিকেন নেক’ৰ সমীপৰে ৰংপুৰত৷ উত্তৰ–পূর্বাঞ্চলৰ সৈতে দেশৰ অন্য প্রান্তৰ সংযোগৰ মূল ভূমি ‘চিকেন নেক’ৰ সমীপতে চিৰবৈৰী পাকিস্তানী সেনাই বাংলাদেশৰ সৈতে বার্তালাপ কৰাটো গুৰুত্বপূর্ণ৷ কিয়নো ইতিমধ্যে ভাৰতবিৰোধী কার্যকলাপত জড়িত হোৱা ইউনুছ চৰকাৰৰ পৃষ্ঠপোষকতাতে জেহাদী সংগঠনে চিকেন নেক দখল কৰাৰ হুমকি দিছে৷ বাংলাদেশৰ ৰংপুৰ জিলাৰ পৰা শিলিগুৰিলৈ ১৩০ কিলোমিটাৰ দূৰত্ব ভাৰতীয় সামৰিক বাহিনীৰ বাবে অতিকৈ গুৰুত্বপূর্ণ অঞ্চল৷ এই অঞ্চলৰ সমীপতে চিৰবৈৰী পাক সেনা আৰু বাংলাদেশৰ সেনাই বৈঠকত মিলিত হোৱাটো সহজভাৱে ল’ব পৰা বিষয় নহয়৷ তথ্য মতে, পাকিস্তানৰ সেনা বিষয়াকেইজনক বাংলাদেশৰ সেনাৰ হেলিকপ্ঢাৰযোগে ৰংপুৰলৈ অনা হৈছে৷ ইয়াৰ পূর্বে এই দলটোৱে স্পর্শকাতৰ চিটাগং হিল ট্রেকছত মিলিত হৈছিল৷ পাকিস্তানৰ দলটোত আইএছআইৰ মুৰব্বীৰ লগতে মেজৰ জেনেৰেল শ্বাহীৰ আমিৰ, মেজৰ জেনেৰেল আলম আমিৰ আৱান আৰু মহম্মদ ওছমান জাটিভ আছে৷ স্বাভাৱিকতে এই গোপন বৈঠক সন্দর্ভত ইছলামাবাদ আৰু ঢ়াকাই আনুষ্ঠানিকভাৱে প্রকাশ নকৰি গোপন কৰা বিষয়টোৱে নতুন দিল্লীক উদ্বিগ্ণ কৰি তুলিছে৷ এই বৈঠকত হোৱা আলোচনামর্মে ইউনুছ চৰকাৰৰ বর্তমানৰ ভাৰতবিৰোধী নীতিক ইছলামাবাদে পূর্ণ সমর্থন আগবঢ়াব৷ ভাৰতৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ লক্ষ্যৰে পাকিস্তানে ঢ়াকাত এনেধৰণে গোপন বৈঠক অনুষ্ঠিত কৰিছে৷ মৌলবাদী সংগঠন জামাতৰ দ্বাৰা পৰোক্ষভাৱে পৰিচালিত ইউনুছ চৰকাৰখনে ভাৰতৰ বিৰুদ্ধে সীমান্তত ইতিমধ্যে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ তথ্য মতে, সীমান্তত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে বাংকাৰ স্থাপন কৰিছে৷ নতুন দিল্লীয়ে এই সন্দর্ভত আপত্তি দর্শালেও ইউনুছ চৰকাৰে কোনোধৰণৰ ভ্রূক্ষেপ কৰা নাই৷ বৈঠকত আলোচনামর্মে বাংলাদেশৰ ভূমিত পাকিস্তানে শ্বাহিন ছিৰিজৰ ক্ষেপণাস্ত্র নির্মাণৰ প্রস্তাৱ দিছে৷ বাংলাদেশৰ গাজিপুৰৰ সামৰিক অস্ত্র নির্মাণ কাৰখানাত পাকিস্তানৰ এই শ্বাহিন ক্ষেপণাস্ত্র নির্মাণ কৰা হ’ব৷ পাকিস্তানৰ হাতত আণৱিক অস্ত্রৰ লগতে ক্ষেপণাস্ত্রৰ পাছত বাংলাদেশত এনে ক্ষেপণাস্ত্র নির্মাণ হ’লে দুয়োখন দেশ ভাৰতৰ বাবে প্রত্যাহ্বান হৈ পৰিব৷ সীমান্তৰ দুয়োখন দেশত ক্ষেপণাস্ত্র থাকিলে ভাৰতৰ বাবে এক উদ্বিগ্ণতাৰ বিষয় হৈ পৰিব বুলি বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে৷ উল্লেখ্য যে বাংলাদেশৰ সেনাৰ মুৰব্বীয়ে ফেব্রুৱাৰী মাহত পাকিস্তান ভ্রমণ কৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰা হৈছে যদিও পাকিস্তানৰ আইএছআয়ে ঢ়াকা ভ্রমণ কৰাটো গোপনে ৰাখিছে৷ ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে টেলিভিছনযোগে দিয়া সাক্ষাৎকাৰত ভাৰতীয় সশস্ত্র বাহিনীয়ে বাংলাদেশৰ সেনাৰ সৈতে শক্তিশালী সম্পর্ক বজাই ৰখা বুলি প্রকাশ কৰাৰ পাছতে পাক সেনা আৰু বাংলাদেশী সেনাৰ গোপন বৈঠক তাৎপর্যপূর্ণ৷