নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত সংহাৰ অব্যাহত ইজৰাইলৰ

বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত সংহাৰ অব্যাহত আছে ইজৰাইলী সেনাৰ৷ আকাশমার্গেৰে গাজাত ধ্বংসলীলা চলোৱা ইজৰাইলী সেনাই গাজা সীমান্তত শ শ টেংক লৈ স্থল অভিযান চলোৱাৰ বাবে সাজু হৈ আছে৷ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলী সেনাৰ যুদ্ধক লৈ বিশ্বৰ দেশসমূহৰ মাজত বিভাজন আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি পশ্চিমীয়া দেশসমূহে ইজৰাইলক সমর্থন কৰাৰ বিপৰীতে চুবুৰীয়া ৰাষ্ট্রকে ধৰি ইছলামিক দেশসমূহে হামাছ সন্ত্রাসবাদীৰ পক্ষত থিয় দিছে৷ ইয়াকে লৈ পশ্চিম এছিয়া আৰু মধ্যপ্রাচ্যত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাই আক্রমণৰ দহ দিন অতিক্রম কৰাৰ পাছতো হামাছ সন্ত্রাসবাদীয়ে সেও মনাৰ বিপৰীতে ইজৰাইলৰ ভূমিত আক্রমণ চলাই আছে৷ ইজৰাইলী নাগৰিকক পণবন্দী কৰা ভিডি’ হামাছে প্রচাৰ কৰি আছে৷ এই ভয়াৱহ পণবন্দীৰ ভিডি’ক লৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ ইপিনে, হামাছ সন্ত্রাসবাদীৰ হৈ লেবাননৰ হিজবুল্লাই ইজৰাইলৰ ভূমিত ৰকেটেৰে আক্রমণ কৰাৰ পাছত ইজৰাইলী সেনাই লেবাননৰ ভূমিত হিজবুল্লাৰ বিৰুদ্ধে ভয়াৱহ আক্রমণ চলাইছে৷ লেবানন–ইজৰাইলৰ সীমান্তৰ পৰা সাধাৰণ নাগৰিকক আঁতৰিবলৈ নির্দেশ দি ইজৰাইলী সেনাই হিজবুল্লাৰ ঘাটিত ধাৰাবাহিক আক্রমণ চলাই আছে৷ এই আক্রমণত হিজবুল্লাৰ কেইবাটাও ঘাটি বিধ্বস্ত হৈছে৷ ধ্বংসস্তূপত পৰিণত হোৱা গাজাত স্থল আৰু জলভাগেৰে আক্রমণৰ বাবে সাজু হৈ থকা ইজৰাইলী সেনাই দিনে–নিশাই আকাশমার্গেৰে ৰকেট বোমা নিক্ষেপ কৰি আছে৷ ইজৰাইলী সেনাৰ আক্রমণত আতংকিত গাজাৰ পেলেষ্টাইনীয়ে হাস্পতালত আশ্রয় ল’বলগীয়া হৈছে৷ ইপিনে, গাজাত প্রৱেশ কৰাৰ বাবে সীমান্তত ইজৰাইলী সেনাই সাজু হৈ থকাৰ সময়তে আজি ইজৰাইল ভ্রমণ কৰিব আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে৷ আমেৰিকাৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনে ইজৰাইলৰ ৰাজধানী তেল আভিবত দেশখনৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যেহুৰ সৈতে আলোচনাত মিলিত হৈ উভতি যোৱাৰ পাছতে মার্কিন ৰাষ্ট্রপতিগৰাকী তেল আভিবত উপস্থিত হ’ব৷ ইজৰাইলৰ জটিল মুহূর্তত আজি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ৰাজধানীত উপস্থিত হৈ প্রধানমন্ত্রী নেটান্যেহুৰ সৈতে যুদ্ধ সন্দর্ভত আলোচনাত মিলিত হ’ব৷ এই আলোচনাত হামাছৰ পৰা গাজাৰ জনতাক মুক্ত কৰাৰ লগতে জনতাৰ অধিকাৰক সুৰক্ষিত ৰখাৰ বাবে ইজৰাইল চৰকাৰক পৰামর্শ আগবঢ়াব বাইডেনে৷ লক্ষণীয় যে হামাছ সন্ত্রাসবাদীয়ে ইজৰাইল আক্রমণ কৰাৰ পাছতেই ইজৰাইল চৰকাৰে সন্ত্রাসবাদী গোটটোত প্রচণ্ড আক্রমণ চলাই আছে৷ কার্যতঃ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে যুদ্ধ চলাই থকা ইজৰাইল চৰকাৰক আমেৰিকাই অস্ত্র–শস্ত্র দি সহায় কৰি আছে৷ আনহাতে, গাজাৰ পেলেষ্টাইনী লোকৰ ওপৰত চলাই থকা আক্রমণ শীঘ্রে বন্ধ নকৰিলে ইজৰাইলে ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি আজি পুনৰ সকীয়নি দিছে ইৰান চৰকাৰে৷

You might also like