নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ জানুৱাৰীত গুৱাহাটীলৈ ইছৰোৰ অধ্যক্ষ এছ সোমনাথ

🔹 প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে চন্দ্রযান–৩ অভিযানৰ নায়কক জনাব সম্বর্ধনা

🔹 শিক্ষার্থীৰে কৰিব মত বিনিময়

বিশেষ বাৰ্তা, ৬ জানুৱাৰী : “অহা ১৭ জানুৱাৰীত গুৱাহাটীলৈ আহিব ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠান (ইছৰো)ৰ অধ্যক্ষ ড০ শ্রীধৰ পানিকাৰ সোমনাথ৷ প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে চন্দ্রযান–৩ৰ সফল অভিযানৰ নায়ক ড০ সোমনাথক সম্বর্ধনা জ্ঞাপন কৰিব৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্রহণ কৰি বিশিষ্ট বিজ্ঞানীগৰাকীয়ে শিক্ষার্থীৰ সৈতেও মত বিনিময় কৰিব৷ চন্দ্রযান–৩ৰ সফলতাৰ বিজয় উৎসৱ উপলক্ষে নতুনকৈ স্থাপন কৰা বিশ্ববিদ্যালয়খনে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে৷ ড০ সোমনাথৰ সৈতে মত বিনিময় কৰিবলৈ বিচৰা শিক্ষার্থীসকলে আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই সদৰী কৰিছে৷ উচ্চতৰ মাধ্যমিক পর্যায়ৰ শিক্ষার্থীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰত অধ্যয়ন কৰি থকা শিক্ষার্থীসকলে মত বিনিময়ৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ ইতিমধ্যে বিশ্ববিদ্যালয় কর্তৃপক্ষই গুগল ফর্ম ইয়াৰ ৱেবছাইটত মুকলি কৰি দিছে৷ ইচ্ছুক শিক্ষার্থীসকলে অহা ৯ জানুৱাৰীৰ পূর্বে অনুষ্ঠানৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব বুলি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ যোগেশ কাকতিয়ে সদৰী কৰিছে৷ উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে প্রতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনে ২০২৩ বর্ষৰ পৰা স্নাতক শ্রেণীৰ পাঠ্যক্রম আৰম্ভ কৰিছে৷ ২০২৪–২৫ বর্ষৰ পৰা সকলো বিষয়ৰ স্নাতক, স্নাতকোত্তৰৰ লগতে পিএইচডিৰ পাঠ্যক্রম শিক্ষার্থীসকলৰ বাবে উপলব্ধ হ’ব৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আন্তর্জাতিক প্রেক্ষাগৃহত ড০ সোমনাথক সম্বর্ধনা অনুষ্ঠান বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হ’ব৷

You might also like