নিউজ ডেস্ক, ৮ এপ্ৰিলঃ নিৰন্তৰ অসমৰ ভূখণ্ডত চকু ৰখাকৈ মহাকাশত ডৎক্ষেপণ কৰিবলগীয়া কৃত্রিম ডপগ্রহক লৈ অতিশীঘ্রে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ হছৰোৰ সৈতে এখন বুজাবুজি চুক্তি সম্পাদন কৰা হ’ব৷ নতুন দিল্লীস্থ আছাম হাডছত ইছৰোৰ অধ্যক্ষ ভি নাৰায়াণনৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, কেৱল অসম ভূখণ্ডত দৃষ্টি নিবদ্ধ ৰখাকৈ ৬–৭টা উপগ্রহ প্রেৰণ কৰা হ’ব৷ উপগ্রহসমূহ আপেক্ষিকভাৱে কম উচ্চতাৰ কক্ষপথত স্থাপন কৰোৱা হ’ব৷ উল্লেখ্য যে অনুপ্রৱেশ ৰোধ কৰিব পৰাকৈ সীমান্ত সুৰক্ষা, দুর্যোগ ব্যৱস্থাপনা, কৃষিক্ষেত্রত ডন্নত প্রযুক্তিৰ প্রয়োগ, আন্তঃগাঁথনি উন্নয়ন তথা পৰিকল্পনা তথা আইন বলৱৎকাৰী আৰক্ষী ব্যৱস্থাপনাৰ উন্নতি সাধনৰ বাবে চলিত বছৰৰ ৰাজ্যিক বাজেটত বিত্তমন্ত্রী অজন্তা নেওগে অসম চৰকাৰৰ নিজা উপগ্রহ প্রক্ষেপ কৰাৰ কথা ঘোষণা কৰিছিল৷ ‘আছামছেট’ নামেৰে উৎক্ষেপণ কৰিবলগীয়া উক্ত কৃত্রিম উপগ্রহৰ বাবদ ৪৫০ কোটিৰ পৰা ৫০০ কোটি টকা ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ইয়াৰ পূর্বে ধাৰণা ব্যক্ত কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই উপগ্রহই কেনোবা বিদেশীয়ে অবৈধভাৱে অসমত প্রৱেশ কৰিব বিচাৰিলে তাৰ তথ্য প্রদান কৰিব পাৰিব৷ তদুপৰি সম্ভাব্য বানপানীৰ আগতীয়া তথ্য তথা খেতিয়কক লাভান্বিত কৰিব পৰাকৈ বতৰৰো আগজাননী দিব পাৰিব৷ আনহাতে, চন্দ্রপুৰত ইছৰোৱে স্থাপন কৰিবলগীয়া মহাকাশ নিৰীক্ষণ কেন্দ্রক লৈও ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে তেওঁ আলোচনা কৰা বুলি সাংবাদিকক জানিবলৈ দি কয় যে উক্ত প্রকল্পটোৰ বাবে অহা বছৰ জানুৱাৰী মাহত ৰাডাৰ স্থাপন কৰা হ’ব বুলি নাৰায়ণনে আমাৰ আগত প্রকাশ কৰিছে৷ ইছৰোৰ অধ্যক্ষজনৰ সৈতে আলোচনাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাক ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ (এন এইচ আই ডি চি এল) পৰিচালন সঞ্চালক ড০ কৃষণ কুমাৰ আৰু কেন্দ্রীয় সাৰ মন্ত্রালয়ৰ সচিব ৰজত কুমাৰ মিশ্রই সাক্ষাৎ কৰে৷ কুমাৰৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ নির্মীয়মাণ ঘাইপথ প্রকল্পসমূহক লৈ আলোচনা কৰে৷ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, তেওঁ এন এইচ আই ডি চি এলৰ পৰিচালন সঞ্চালকজনক ৰাজ্যৰ কেইবাটাও নির্মীয়মাণ প্রকল্পৰ কাম ত্বৰান্বিত কৰাৰ বাবে অনুৰোধ জনাইছে৷ ইয়াৰ ভিতৰত ধুবুৰী–ফুলবাৰী সংযোগী ১৯.২৮ কিলোমিটাৰ ব্যাপী ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মাণ চাৰি লেনযুক্ত দলং, ২৫ হাজাৰ কোটিটকীয়া গুৱাহাটী–শিলচৰ এক্সপ্রেছ হাইৱে, নুমলীগড়–গহপুৰ সংযোগী ব্রহ্মপুত্রৰ তলেৰে নির্মাণ কৰিবলগীয় সুৰংগ, বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ আৰু গহপুৰৰ পৰা কুলাজানলৈ ৰাষ্ট্রীয় ঘাইপথৰ সম্প্রসাৰণক লৈ বিশেষ আলোচনা হয়৷ আনহাতে, কেন্দ্রীয় কেবিনেটে অনুমোদন জনোৱা নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ কাম সময়মতে সম্পন্ন কৰাক লৈ মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় সাৰ মন্ত্রালয়ৰ সচিব ৰজত কুমাৰ মিশ্রৰ সৈতে আলোচনা কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনত ১০,৬০১.৪০ কোটি টকা ব্যয় কৰা হ’ব৷ উল্লেখ্য যে আজিৰে পৰা ব্যক্তিগত কার্যসূচীৰে মুখ্যমন্ত্রী ড০ শর্মাই সপৰিয়ালে নেদাৰলেণ্ড ভ্রমণ কৰিব। এই ভ্ৰমণ দুদিনীয়া কার্যসূচীৰে বুলি তেওঁ জানিবলৈ দিয়ে।