নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰোৰ মিছন গগনযানৰ অভিযান স্থগিত

বিশেষ বাৰ্তা, ২১ অক্টোবৰঃ মিছন গগনযানৰ প্ৰথমখন পৰীক্ষামূলক যাত্ৰা বন্ধ কৰিলে ইছৰোৱে। সংবাদ মাধ্যমক সম্বোধন কৰি ইছৰোৰ মুৰব্বী এছ সোমনাথে কয়, আমি জানিবলৈ চেষ্টা কৰিছো কি ভুল হৈছে। এই অভিযান আজি পুৱা ৮ বজাত আৰম্ভ হ’ব লাগিছিল। ইছৰোৰ মুৰব্বী এছ সোমনাথে কয়, আগতে এই অভিযান পুৱা ৮ বজাত আৰম্ভ হ’ব লাগিছিল যদিও পিছত কিছুমান কাৰণত আমি ইয়াৰ উৎক্ষেপণৰ সময় আগুৱাই নিবলগীয়া হৈছিল, আৰু আমি ইয়াৰ সময় পুৱা ৮.৪৫ বজালৈ বৃদ্ধি কৰিলোঁ। ইয়াৰ পিছতো কমাণ্ড লঞ্চ কৰাৰ সময়ত ইয়াত ইনষ্টল কৰা কম্পিউটাৰটোৱে আমাক ৰকেট ইগনিচন কৰিবলৈ অনুমতি নিদিলে। ৰকেটবোৰ নিৰাপদ, ইগনিচন নোহোৱাৰ পিছত আমি কাৰণবোৰৰ তদন্ত কৰি আছো যাতে আমি কি কাৰণত এইটো হ’ব নোৱাৰিলে সেই কাৰণবোৰ জানিব পাৰো। লগতে কোৱা হৈছে যে গগনযান অভিযান বন্ধ কৰাৰ এটা কাৰণ আছিল যে হয়তো বৰষুণ আৰু ডাৱৰৰ আৱৰণৰ বাবে এই কামটো কৰিবলগীয়া হৈছিল। এইটো আছিল এটা পৰীক্ষামূলক অভিযান। এই অভিযানৰ জৰিয়তে ভাৰতে মানুহক মহাকাশলৈ প্ৰেৰণৰ পৰিকল্পনাত কাম কৰি আছিল। ইছৰোৰ লক্ষ্য হৈছে মানুহক তিনি দিনৰ বাবে চন্দ্ৰলৈ পঠিয়াই তাৰ পিছত নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনা। ২০২৫ চনত তিনিদিনীয়া অভিযানত মানুহক ৪০০ কিলোমিটাৰ উচ্চতাত পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰি নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ লক্ষ্য গগনিয়ান অভিযান।
#বাৰ্তা ডিজিটেল ডেক্স

You might also like