নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোটি বছৰীয়া পুণ্যৰ বলতহে ভাৰতত জন্মলাভ সম্ভৱ : বশিষ্ঠ বুজৰবৰুৱা

আৰএছএছৰ গোলাঘাট জিলাৰ উদ্যোগত সামাজিক সদ্ভাৱনা বৈঠক-প্ৰবুদ্ধ নাগৰিক সভা
বিশেষ বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ক্ৰমে সামাজিক সদ্‌ভাৱনা বৈঠক আৰু  প্ৰবুদ্ধ নাগৰিক সভা শীৰ্ষক দুখনিকৈ সভা কালি অনুষ্ঠিত হৈ যায়৷ সামাজিক সদ্‌ভাৱনা বৈঠকত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকি জিলাখনৰ বিভিন্ন  জাতি, জনজাতি, সংগঠন , ধৰ্মীয় অনুষ্ঠান, সত্ৰ, মঠ মন্দিৰ, নামঘৰ পৰিচালনা সমিতি, সাহিত্য সংস্কৃতি আদিৰে সমাজৰ বিভিন্ন স্তৰত থাকি  নিৰৱচ্ছিন্নভাৱে সমাজখনলৈ সেৱা আগবঢ়াই অহা ধৰ্মপ্ৰাণ আৰু বিশিষ্ট লোকসকলৰ সৈতে মত বিনিময় কৰে৷ অনাড়ম্বৰ এই অনুষ্ঠানটিত জাতীয় সমাজখনক বাহিৰা অপসংস্কৃতিয়ে যাতে গ্ৰাস কৰিব নোৱাৰে, ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিয়লি ৩ বজাত অনুষ্ঠিত প্ৰবুদ্ধ নাগৰিক সভাখনিত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা তিনি শতাধিক সমাজ সচেতন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলন আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য, আচাৰ্যাসকলে পৰিবেশন পৰা দেশপ্ৰেমমূলক এটি গীতেৰে সভা আৰম্ভ হয়৷ গুৰু গম্ভীৰ সভাখনিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, গোলাঘাট জিলাৰ সংঘচালক কিৰণ হাজৰিকা আৰু বিশিষ্ট প্ৰকৃতিবিদ তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী উপস্থিত থাকে ৷ সভাখনিৰ আঁত ধৰে জিলা কাৰ্যবাহ ড° প্ৰেমকান্ত বৰাই৷ সভাত যোৰহাট বিভাগৰ বিভাগ কাৰ্যবাহ শচীন মেচ, বিভাগ সম্পৰ্ক প্ৰমূখ ৰঞ্জিত বৰা, জিলা প্ৰচাৰক নিপন বৰাকে আদি কৰি শতাধিক স্বয়ংসেৱক কাৰ্যকৰ্তা উপস্থিত থাকে৷ সভাত সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই তেওঁৰ ভাষণত কয় যে সাম্প্ৰতিক সময়ত ব্যক্তি নিৰ্মাণৰ জৰিয়তেহে আমি ৰাষ্ট্ৰ নিৰ্মাণ কৰি জগত জননী আমাৰ মাতৃভূমি ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱাব পাৰিম ৷ ইয়াৰ বাবে সকলো সচেতন নাগৰিকক ব্যক্তি, পৰিবাৰ, সমাজ, ৰাষ্ট্ৰ নিৰ্মাণ কৰি আত্মাৰ মিলনেৰে আগুৱাই ভাৰতমাতাক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে আহ্বান জনায় ৷ ভাৰতীয় দৰ্শন, সাহিত্য, সংস্কৃতিৰ ওপৰত গুৰুত্ব দি তেওঁ কয় যে ভাৰতবৰ্ষৰ দৰে মহান দেশত জন্ম গ্ৰহণ কৰিবলৈ হ’লে কোটি কোটি বছৰ ধৰি পুণ্যৰ কাম কৰিলেহে এই দেশত জন্ম লাভ কৰিবলৈ সম্ভৱ হ’ব ৷ সেয়ে কোটি কোটি বছৰৰ পুণ্যৰ কাম কৰিছোঁ বাবেই আমি ভাৰত মাতৃৰ সন্তান হিচাপে, হিন্দু হিচাপে এই দেশত জন্ম লাভ কৰিছোঁ ৷ সেয়ে আমাৰ সকলোৰে কৰ্তব্য আৰু দায়িত্ব যে ভাৰতীয় দৰ্শন, ভাৰতীয় সাহিত্য সংস্কৃতিক বিশ্বৰ মাজলৈ লৈ যোৱা ৷ ভাৰতীয় ধৰ্ম, সনাতন ধৰ্ম, মানৱ ধৰ্ম, ই কেতিয়াও ভিন্ন ভিন্ন হ’ব নোৱাৰে, এই সম্পৰ্কে  সকলোৰে এটা স্পষ্ট ধাৰণা থাকিব লাগিব, যিটো ধাৰণা আমি সকলোৰে মাজলৈ লৈ যাব লাগিব৷ সভাত  প্ৰকৃতিবিদ তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে চমু বক্তব্য প্ৰদান কৰে৷ শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, গোলাঘাট জিলাৰ সংঘচালক কিৰণ হাজৰিকাই সভাৰ বিষয়বস্তুৰ ওপৰত সভাত উপস্থিত থকা সচেতন নাগৰিকসকলক বিশেষভাৱে চিন্তা চৰ্চা কৰি সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আহ্বান জনাই আশিস বচনেৰে সভাৰ সামৰণি মাৰে ৷
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like