নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ অশিক্ষিত সমাজেহে ভাৰতক জীৱন্ত-প্ৰাণৱন্ত কৰি ৰাখিছে : ড০ দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : অসম কলেজ অধ্যক্ষ পৰিষদৰ শিৱসাগৰ-চৰাইদেউ মণ্ডলৰ উদ্যোগত আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত আজি অনুষ্ঠিত হয় মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আৰু দ্বি-বাৰ্ষিক অধিৱেশনখনি। অধিৱেশনখনিৰ লগত সংঘটিত ৰাখি অনুষ্ঠিত কৰা হয় এক বক্তৃতা অনুষ্ঠানৰ।  অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানৰ আঁত ধৰে শিৱসাগৰ জিলাৰ দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ বৰুৱাই। কাৰ্যনিৰ্বাহক সভা আৰু দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ সতে সংঘটিত ৰাখি অনুষ্ঠিত কৰা  “ভাৰতীয় জ্ঞান পৰম্পৰাৰ সমসাময়িক সার্বজনীন প্রাসংগিকতা আৰু গুৰুত্ব” (Contemporary universal relevance and importance of Indian Knowledge System) শীৰ্ষক এই বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন প্রাধ্যাপক ড° দিগন্ত বিশ্ব শৰ্মাই। “ভাৰতীয় জ্ঞান পৰম্পৰাৰ সমসাময়িক সার্বজনীন প্রাসংগিকতা আৰু গুৰুত্ব” বিষয়ৰ ওপৰত আলোকপাত কৰি প্ৰাধ্যাপক ড০ শৰ্মাই কয় যে ভাৰতৰ অশিক্ষিত সমাজেহে আজি ভাৰতক জীৱন্ত আৰু প্ৰাণৱন্ত কৰি ৰাখিছে, কিন্তু শিক্ষিত সমাজে নহয়। প্ৰশ্ন আহি পৰিছে যে ভাৰতৰ শিক্ষিত আৰু অভিজাত শ্ৰেণীটো কিয় ভাৰতৰ সংস্কৃতিৰ পৰা বিছিন্ন হৈছে। এই দিশ বিলাকক অতি সুক্ষ্ম ভাৱে বিশ্লেষণৰ প্ৰয়োজন। এতিয়া আমি বিছিন্ন হোৱা ভাৰতীয় সেই অভিজাত শ্ৰেণীটোক পুনৰ ভাৰতীয় সংস্কৃতিৰ সৈতে সংপৃক্ত কৰিবলৈ প্ৰয়াস কৰিছোঁ। অশিক্ষিত শ্ৰেণীটোৰ পৰা ভাৰতীয় সংস্কৃতি – সভ্যতাৰ কোনো সমস্যা হোৱা নাই। যদি লক্ষ্য কৰা যায় তেন্তে ক’ব লাগিব যে আমি শিক্ষিত আৰু অভিজাত শ্ৰেণীটোহে আমি গোলাম আছিলোঁ। সেই গোলামী আজিও আমাৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে। ইয়াৰ মূলতঃ হ’ল আমি ভাৰতীয় সংস্কৃতি – সভ্যতাক আয়ত্ত কৰাৰ বিপৰীতে আমি শিক্ষিত আৰু অভিজাত ভাৰতীয় সমাজখনে জড়িত হৈ পৰিছো ইউৰোপীয়ান সাংস্কৃতি – সভ্যতাক অনুসৰণ কৰিবলৈ। এনে কাৰক বিলাকৰ বাবেই এতিয়া ভাৰতীয় সভ্যতা সংস্কৃতিলৈ প্ৰত্যাহ্বান নামি আহিছে। এই যি প্ৰত্যাহ্বান নামি আহিছে ইয়াৰ বাবে ভাৰতীৰ অশিক্ষিত সমাজখন দোষী নহয়। বৰঞ্চ দোষী হৈছোঁ আমি। যিয়েই নেকি নিজকে আধুনিক শিক্ষাৰে শিক্ষিত বুলি গণ্য কৰি আমাৰ সংস্কৃতিৰ পৰা আতৰি আহিছো বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড০ দিগন্ত বিশ্ব শৰ্মাই।  আজিৰ এই বক্তৃতা অনুষ্ঠানত অসম কলেজ অধ্যক্ষ পৰিষদ শিৱসাগৰ-চৰাইদেউ মণ্ডলৰ সভাপতি ড০ বিমল চন্দ্ৰ গগৈ, সম্পাদক ড০ ৰঞ্জিত কুমাৰ বৰুৱা, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মাৰ লগতে বহু কেইখন কলেজৰ অধ্যক্ষৰ লগতে অধ্যাপক অধ্যাপিকা সকলো উপস্থিত থাকে।অনুস্থানৰ আৰম্ভনিতেই নিদিষ্ট বক্তা ডঃ দিগন্ত বিশ্ব শৰ্মাক অসম কলেজ অধ্যক্ষ পৰিষদৰ শিৱসাগৰ-চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা বিশেষ ভাৱে আদৰণী জনোৱা হয় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like