বিদ্যালয় একত্রীকৰণৰ ফলত খালী হোৱা হাইস্কুলত স্থাপন হ’ব আইটিআই– সদনত দক্ষতা বিকাশ মন্ত্রী জয়ন্ত মল্ল বৰুৱা
নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: বিদ্যালয় একত্রীকৰণৰ ফলত খালী হোৱা হাইস্কুলসমূহত চৰকাৰে পি পি পি মুডত আইটিআই স্থাপন কৰিব৷ সদনত এই কথা প্রকাশ কৰিছে দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই৷ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ এটা প্রশ্ণৰ উত্তৰত সদনত মন্ত্রী বৰুৱাই কয় যে ৰাজ্যৰ প্রতিটো উন্নয়ন খণ্ডতে একোখনকৈ আইটিআই যাতে স্থাপন হ’ব পাৰে তাৰ পৰিকল্পনাৰে চৰকাৰ আগবাঢ়িছে৷ অসম দক্ষতা বিকাশ অভিযানে যুৱক–যুৱতীসকলক সংস্থাপন আৰু স্ব–নিয়োজনৰ বাবে বিভিন্ন ব্যক্তিগত প্রশিক্ষণ প্রতিষ্ঠানৰ দ্বাৰা যুৱক–যুৱতীসকলক পিপিপি মুডত প্রশিক্ষণ প্রদান কৰি আহিছে৷ কৌশল বিকাশৰ বাবে অসম চৰকাৰে যিবোৰ খণ্ড উন্নয়ন ক্ষেত্রত ইতিমধ্যে কোনোধৰণৰ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান নাই, সেইসমূহত ব্যক্তিগত খণ্ডৰ অনুষ্ঠানৰ সহযোগিতাত এখনকৈ পূর্ণাংগ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ চিন্তা–চর্চা কৰি আছে৷
সদনত মন্ত্রী বৰুৱাই কয় যে দক্ষতা বিকাশৰ প্রশিক্ষণ আদিৰ আঁচনিৰ বিষয়ে বহু সময়ত বিধায়কসকল অজ্ঞাত হৈ থাকে৷ কাইলৈ সকলো বিধায়ককে নর্থ ইষ্ট স্কিল চেণ্টাৰলৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত বিধায়কসকলে চলি থকা দক্ষতা বিকাশৰ আঁচনিসমূহৰ বিষয়ে জানিব পাৰিব৷ তদুপৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ছাত্র–ছাত্রীসকলক দক্ষতা বিকাশৰ প্রশিক্ষণৰ প্রতি আগ্রহী কৰাৰ বাবেও সজাগতামূলক পদক্ষেপ গ্রহণ কৰিব বুলি সদনত মন্ত্রী বৰুৱাই জানিবলৈ দিয়ে৷ আনহাতে, দক্ষতা বিকাশৰ প্রশিক্ষণ দিয়া বহু প্রতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত নানান অভিযোগৰ প্রসংগত মন্ত্রী বৰুৱাই কয় যে ইতিমধ্যে চৰকাৰে অসম দক্ষতা বিশ্ববিদ্যালয় স্থাপন কৰিছে৷ বিশ্ববিদ্যালয়খনত উপাচার্য নিয়োগ কৰা হৈছে৷ উক্ত বিশ্ববিদ্যালয়খনে দক্ষতা বিকাশৰ ক্ষেত্রত এতিয়াৰে পৰা ৰেগুলেটৰী হিচাপে কাম কৰিব৷