নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ অশোকাষ্টমী মেলালৈ প্ৰায় এমাহ : মেলা ময়দানৰ কদৰ্য ৰূপ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : অহা ৪ এপ্ৰিলৰ পৰা ধুবুৰীত আৰম্ভ হ’ব অশোকাষ্টমী মেলা। অশোকাষ্টমী স্নানৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা মেলাখনৰ এক দীঘলীয়া, সমৃদ্ধিশালী ইতিহাস আছে। দৰাচলতে ধুবুৰী পৌৰসভাৰ তদানীন্তন অধ্যক্ষ তথা প্ৰখ্যাত অধিবক্তা প্ৰয়াত কমল দে বক্সীৰ উদ্যোগত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে পৰিকল্পিত ৰূপত এই অশোকাষ্টমী মেলাৰ আৰম্ভ ঘটিছিল৷ ধুবুৰী মেলা কমিটীৰ পৰিচালনাত প্ৰতি বছৰে অনুষ্ঠিত হোৱা ১৫ দিনীয়া এই মেলাখনত কেৱল ধুবুৰী জিলাৰেই নহয়, নামনি অসমকে ধৰি চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ সমাগম ঘটে। উল্লেখ্য যে খৰালি ধুবুৰী চহৰৰ একাষেৰে বৈ যোৱা গদাধৰ নৈৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত সৃষ্টি হোৱা এক বিস্তীৰ্ণ অঞ্চলৰ এফালে আয়োজিত হয় এই মেলাখন। বিশাল এই মেলাখনত শিশুৰ বিভিন্ন বিনোদনমূলক খেল, বিভিন্ন ধৰণৰ সামগ্ৰীৰ সৰু-বৰ দোকানকে ধৰি থাকে বিভিন্ন ধৰণৰ খাদ্যৰ বিপণী থাকে। উল্লেখ্য যে পূৰ্বে বহু বছৰৰ পৰাই ধুবুৰী পৌৰসভাই মেলা ময়দানৰ এটা অংশক ডাম্পিং গ্ৰাউণ্ডৰূপে ব্যৱহাৰ কৰি আহিছিল। অৱশ্যে পৌৰসভাই বৰ্তমানে সেই অঞ্চলত জাবৰ-জোঁথৰ পেলোৱা বন্ধ কৰিছে যদিও পূৰ্বে পেলোৱা জাবৰৰ স্তূপ এতিয়াও মেলা ময়দানৰ একাষে পৰি থকা দেখা গৈছে। ফলত স্বাভাৱিকভাৱেই সেই জাবৰবোৰে মেলাখনলৈ অহা কণ কণ শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা সৃষ্টি কৰাৰ সমান্তৰালকৈ মেলাখনত বহা বিভিন্ন খাদ্য বিপণীৰ খাদ্য দৰাচলতে কিমান স্বাস্থ্যসন্মত হ’ব, সেই লৈও প্ৰশ্ন উত্থাপিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে জনজীৱনলৈ ভাবুকি আনিব পৰা গুৰুত্বপূর্ণ এই বিষয়টো লৈ প্ৰশাসন আৰু পৌৰসভাকে ধৰি মেলা কমিটীয়ে উদাসীনতাহে অৱলম্বন কৰাৰ বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত মেলাখন অনুষ্ঠিত হোৱাৰ পূৰ্বেই মেলা ময়দানত থকা জাবৰৰ স্তূপবোৰ আঁতৰোৱাৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কঠোৰ নিৰ্দেশৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হৈছে।

You might also like