নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ

ৰিণিকি ভূঞা শর্মাৰ প্রযোজনা

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ ‘জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ’লৈ (জে আই এফ এফ) মনোনীত হৈছে এখন নতুন অসমীয়া ছবি ‘পৰিচয়’৷ অহা জানুৱাৰী মাহত জয়পুৰত অনুষ্ঠিত হ’ব এই চলচ্চিত্র মহোৎসৱ৷ ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড’ৰ দ্বাৰা নিবেদিত তথা ৰিণিকি ভূঞা শর্মাৰ দ্বাৰা প্রযোজিত ‘পৰিচয়’ৰ পৰিচালক ৰাজীৱ বৰঠাকুৰ৷ মহোৎসৱ কর্তৃপক্ষৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জনোৱা মতে, প্রতিযোগিতামূলক শাখাৰ বাবে মনোনীত হৈছে ‘পৰিচয়’৷ নির্বাচক মণ্ডলীৰ পৰা ছবিখনে উল্লেখযোগ্য প্রশংসা লাভ কৰিছে৷ এগৰাকী নাৰীৰ দহবছৰীয়া এক সংঘাত তথা সংগ্রামৰ এক নিপোটল কাহিনীৰে ছবিখনৰ চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে জিণ্টু ভট্টাচার্যই৷

মুখ্য চৰিত্রসমূহত অভিনয় কৰিছে জুপিতৰা ভূঞা, উৎপল দাস, ভাস্কৰ বৰা, অমিত বৰা, পাপৰি কলিতা, অপর্ণা দত্ত চৌধুৰী, বাবলী বৰা আদি শিল্পীসকলে৷ সমগ্র মাজুলীৰ মনোৰম লোকেচনত চিত্রায়ণ কৰা এই ছবিখনৰ চিত্রগ্রহণ কৰিছে প্রণৱ বৰাই (পাপু), সম্পাদনা যুগল দাস (বিশেষ সম্পাদনা ৰমেন বৰা), সংগীত সৌৰভ মহন্ত আৰু শব্দ মিশ্রণ যতীন শর্মাৰ৷ উল্লেখ্য যে ‘ৰামধেনু’ৰ পাছত ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড’ৰ ‘পৰিচয়’খন হৈছে দ্বিতীয় ছবি৷ ইতিমধ্যে দেশ–বিদেশৰ আন বহুকেইখন চলচ্চিত্র মহোৎসৱতো এই ছবিখনে যোগদান কৰিছে৷ অসমীয়া ছবিৰ দুর্যোগৰ সময়ত ‘পৰিচয়’ৰ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ অন্তর্ভুক্তিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷

You might also like