নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰ আৰক্ষীৰ নতুন আইন সন্দৰ্ভত সজাগতা সভা

বিশেষ বার্তা, ১ জুলাই : জয়পুৰ আৰক্ষী থানাৰ সৌজন্যত আজিৰে পৰা ভাৰতবর্ষত নতুনকৈ বলৱত হোৱা অপৰাধ সংক্ৰান্তীয় তিনিখন নতুন আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ বিষয়ে সাধাৰণ জনতাক অৱগত আৰু সজাগ কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়। জয়পুৰ আৰক্ষী থানা সমিতিৰ সভাপতি মৃদুল কলিতাই সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰে। বিষয় সন্দৰ্ভত বক্তব্য ৰাখি নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে ব্ৰিটিছৰ দ্বাৰাই সৃষ্ট আৰু ১৮৬২ চনৰ পৰাই শতিকাজুৰি চলি অহা ভাৰতীয় দণ্ডবিধি আইনৰ মাজত থকা আসোঁৱাহসমূহ দূৰ কৰি ভুক্তভোগীসকলক প্ৰকৃত ন্যায় দিবলৈ আৰু ন্যায় বিচাৰ খৰতকীয়া কৰিবলৈ চৰকাৰে চলোৱা এই পদক্ষেপ সম্পৰ্কে উপস্থিত লোকসকলক সহজ-সৰল ভাষাত বুজায় দিয়ে। আনহাতে, এই সভাৰ মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি পল্লৱী বৰুৱাই এই তিনিওখন নতুন আইনৰ প্ৰতিটো বিষয়ত পুংখানুপুংখভাৱে তথ্যমূলক বক্তব্য দাঙি ধৰি পূৰ্বৰ ভাৰতীয় দণ্ডবিধি আইন আৰু আজিৰে পৰা বলৱত কৰা আইনকেইখনৰ পাৰ্থক্য আৰু নতুন আইনকেইখনে কিদৰে ভাৰতীয় নাগৰিকক পূৰ্বতকৈ অধিক ৰূপত সুৰক্ষিত কৰিবলৈ সক্ষম হ’ব, তাক বিস্তৃত ৰূপত অৱগত কৰে। জয়পুৰ থানাৰ গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত নাহৰকটীয়া নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ভদন্ত জ্ঞানপাল মহাথেৰ, নামফাকে উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ড0 ঙি য়ত ৱেইংকেন, ঊষাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত বৰা আদিকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক লোক উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like