নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়সাগৰ পুখুৰীৰ পাৰৰ ৰজাদিনীয়া খাৱৈ বেদখল মৃণাল বাহিনীৰ

📌 সংকুচিত খাৱৈৰ বাবেই সংকটত শিৱদ’ল-জয়সাগৰ পুখুৰী

📌 ৰহস্যজনকভাৱে মৌন জিলা প্ৰশাসন-পুৰাতত্ত্ব  বিভাগ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰৰ মাজমজিয়াত অৱস্থিত প্ৰায় পাঁচশ মিটাৰ দৈৰ্ঘ্যৰ এটা বৃহত ৰজাদিনীয়া পানী পৰিবাহী খাৱৈ অসাধু চক্ৰই দিনৰ পোহৰতেই এফালৰ পৰা বেদখল কৰি নিঃশেষ কৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আহোম ৰাজত্ব কালতেই প্ৰতিষ্ঠা হোৱা এছিয়াৰ সৰ্ববৃহত পুখুৰী খ্যাত জয়সাগৰ পুখুৰী আৰু তাৰ পাৰত থকা সুউচ্চ শিৱদৌলৰ ভাৰসাম্য ৰক্ষা কৰি অহা দীৰ্ঘ দূৰত্বৰ খাৱৈটো মৃণাল নামৰ এটা কুখ্যাত ব্যৱসায়ীৰ নেতৃত্বত এটা অসাধু চক্ৰই দিনৰ পোহৰতে বেদখল কৰি ঐতিহাসিক দুটাকৈ প্ৰাচীন সম্পদৰ প্ৰতি ভাবুকি নমাই অনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ লক্ষ লক্ষ শিৱভক্তৰ আস্থা-বিশ্বাস নিহিত হৈ থকা শিৱদৌলৰ লগতে কোটি কোটি পৰ্য্যটকৰ বাবে অন্যতম আকৰ্ষণ আৰু আশ্চৰ্য্যকৰ জয়সাগৰ পুখুৰীৰ অস্তিত্বৰ প্ৰতিও ভাবুকি নমাই অনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ এফালে দুটাকৈ ঐতিহাসিক সম্পদৰ অস্তিত্বৰ প্ৰতি ভাবুকি, প্ৰস্তাৱিত আইকনিক ছাইট আৰু আনফালে সমগ্ৰ জয়সাগৰ অঞ্চলবাসীৰ বাবেই আন এক দুৰ্য্যোগ নমাই অনা ৰজাদিনীয়া খাৱৈ বেদখলে জয়সাগৰবাসীকো বাৰুকৈয়ে ক্ষুণ্ণ কৰি তুলিছে ৷ উল্লেখ্য যে মহাসতী জয়মতী কুঁৱৰীৰ স্মৃতি বিজড়িত জয়সাগৰ পুখুৰী আহোম ঐতিহ্যৰ এক জীৱন্ত প্ৰতীক ৷ অসমীয়া নাৰীৰ সাহস-প্ৰেৰণা-আদৰ্শৰ প্ৰতীক মহাসতী জয়মতী কুঁৱৰীৰ নামত উৎসৰ্গিত জয়সাগৰ পুখুৰীৰ চাৰিওকাষে পুখুৰীৰ পানীৰ ভাৰসাম্য আৰু সন্তুলন বৰ্তাই ৰখাৰ স্বাৰ্থতেই খন্দোৱা হৈছিল এটা সুবিশাল প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ খাৱৈ ৷ একে সময়তে পুখুৰীৰ পাৰত স্থাপন কৰা হৈছিল বৃহত উচ্চতাৰ শিৱদৌলৰ লগতে কেইবাবিধো প্ৰাচীন সম্পদ ৷ পুখুৰীৰ পাৰত থকা পানীভৰ্তি খাৱৈৰ লগত জয়সাগৰ পুখুৰী আৰু পাৰৰ শিৱদৌলৰ এক অন্তঃনিহিত সম্পৰ্ক জড়িত হৈ আছে ৷ জয়সাগৰ পুখুৰীৰ নাতিদূৰৈৰে পাৰ হৈ যোৱা ডিমৌ নদীৰ লগত সংযোগ ঘটা এই ৰজাদিনীয়া খাৱৈটোৰ আন এক গুৰুত্বপুৰ্ণ ভূমিকা আছিল পানী নিষ্কাশন ৷ এফালে জয়সাগৰ পুখুৰী-শিৱদ’ল আৰু আনফালে ৰজাদিনীয়া বৰআলিৰ সোমাজত অৱস্থিত এই বৃহত জলাশয়টোৱে শতিকা শতিকাজুৰি জয়সাগৰ অঞ্চলটোক কৃত্ৰিম বানৰ পৰা মুক্ত কৰি আহিছে ৷ বাৰিষাৰ সময়ত জমা হোৱা বিশাল পৰিমাণৰ বৰষুণৰ পানী এই খাৱৈটোৰে বৈ গৈ ডিমৌ নদীত পৰে ৷ ফলত মুষলধাৰ ধাৰাবাহিক বৰষুণতো কৃত্ৰিম বানৰ পৰা সদায়েই মুক্ত হৈ আহিছিল ঐতিহ্যমণ্ডিত জয়সাগৰ অঞ্চলটো ৷ কিন্তু শেহতীয়াকৈ মৃণাল নামৰ এটা কুখ্যাত ব্যৱসায়ীয়ে জিলা প্ৰশাসন আৰু পুৰাতত্ত্ব বিভাগৰ চকুৰ সন্মুখতেই জয়সাগৰ চাৰিআলিৰ সমীপতেই এটা অসাধু চক্ৰক সাৰথি কৰি খাৱৈটো এফালৰ পৰা পুতিবলৈ আৰম্ভ কৰে ৷ প্ৰথম অৱস্থাত গাড়ী মেৰামতি কৰা এটা সাধাৰণ গেৰেজ খুলি সেই গেৰেজটোৰ গইনা লৈ খাৱৈটো এফালৰ পুতিবলৈ আৰম্ভ কৰা ঘটনাই ৰাইজক আচৰিত কৰি তুলিছে ৷ চৰকাৰ-প্ৰশাসনক ফাঁকি দিবলৈ নিত্য নতুন কৌশলৰ অৱতাৰণা কৰা মৃণাল নামৰ ধুৰন্দৰ ব্যৱসায়ীটোৱে আন কেইবাটাও ধুৰন্দৰ ব্যৱসায়ীক লগত লৈ ইতিমধ্যে খাৱৈটোৰ প্ৰায় পাঁচশ মিটাৰ দৈৰ্ঘ্যত নিজৰ দখল সাব্যস্ত কৰাৰ লগতে ডেৰশ মিটাৰ দৈৰ্ঘ্য পুতি খাৱৈটোৰ ওপৰত পকী ব্যৱসায়িক প্ৰতিস্থানৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, ৰজাদিনীয়া খাৱৈ দখলত উঠিৰজা-বহিৰজা মৃণালৰ পৰা কেইবাগৰাকী ব্যক্তিয়েও খাৱৈৰ মাটি ক্ৰয় কৰি বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিস্থান নিৰ্মাণ সম্পূৰ্ণ কৰিছে ৷ আনহাতে, সম্পূৰ্ণ খাৱৈটো পুতি তাৰ ওপৰত পকী ব্যৱসায়িক প্ৰতিস্থান নিৰ্মাণেৰে খাৱৈটো বিলুপ্ত কৰাৰ ফলত গভীৰ সংকট নামি আহিছে জয়সাগৰ পুখুৰী আৰু পাৰত থকা দলটোলৈ ৷ অতি ৰহস্যজনকভাৱে ৰজাদিনীয়া তথা জয়সাগৰ পুখুৰীৰ পানীৰ ভাৰসাম্য ৰক্ষা কৰি অহা খাৱৈটোৰ এটা অংশ পুতি পানী চলাচল বন্ধ কৰাৰ ফলত জয়সাগৰ পুখুৰীৰ পানীৰ ওপৰতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ ইফালে, মৃণাল বাহিনীৰ দৌৰাত্ম্যত ৰজাদিনীয়া খাৱৈটোৰ অস্তিত্ব বিপন্ন হোৱাৰ সময়তে বৰষুণৰ পানী ওলাই যোৱাৰ একমাত্ৰ পথটো ৰুদ্ধ হৈ যোৱাৰ ফলত জয়সাগৰৰ চুবুৰিয়ে চুবুৰিয়ে এতিয়া কৃত্ৰিম বানৰ তাণ্ডৱ আৰম্ভ হৈছে ৷ পৰিণতিত জয়সাগৰৰ চৌপাশে সিঁচৰতি হৈ থকা অনুপম প্ৰাচীন কীৰ্তিচিহ্নসমূহক ন ৰূপত জাতিষ্কাৰ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা আইকনিক ছইট শীৰ্ষক অভিলাষী প্ৰকল্পও বুমেৰাং হোৱাৰ দিশত আগবাঢ়িছে ৷ যি সময়ত শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰৰ বিভিন্ন স্থানত বেদখলমুক্ত কৰাৰ স্বাৰ্থত চলোৱা উচ্ছেদৰ সময়ত ধৰ্মীয় অনুস্থান, ব্যৱসায়িক প্ৰতিস্থান, বাসগৃহ একোৱেই ৰেহাই নিদিয়ে, সেই সময়ত আহোম ঐতিহ্যত কুঠাৰঘাত কৰি ৰজাদিনীয়া খাৱৈ বেদখলেৰে জয়সাগৰ পুখুৰী-শিৱদৌল, বৃহত্তৰ জয়সাগৰবাসী আৰু প্ৰস্তাৱিত আইকনিক ছাইটৰ প্ৰতি ভাবুকি নমাই অনা মৃণাল বাহিনীৰ বিৰুদ্ধে কিয় চৰকাৰ-প্ৰশাসন-পুৰাতত্ত্ব বিভাগ মৌন হৈ আছে, সেয়াহে গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like