ছমাহে টেপেৰে নোলাল এটোপালো পানীঃ শামুকীয়া গতিৰে অসমত জল জীৱন মিছনৰ কাম–কাজ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা জল জীৱন মিছনৰ কাম–কাজ শামুকীয়া গতিৰে আগবাঢ়িছে ৰাজ্যত৷ ২০২৪ চনৰ ভিতৰত প্রতিখন গাঁৱৰ প্রতিটো পৰিয়ালক নলৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ পৰিকল্পনা কৰা এই আঁচনি ৰূপায়ণ প্রহসনত পৰিণত হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ গাঁওসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জল জীৱন মিছনৰ অংশ হিচাপে ঘৰে ঘৰে নলৰ সংযোগ দিয়া হৈছে যদিও বহু স্থানত আজিপর্যন্ত নাপালে বিশুদ্ধ খোৱাপানী৷ বিভিন্ন গাঁৱত জল জীৱন মিছনৰ অধীনত নলৰ সংযোগ কৰাৰ ছমাহৰ পাছতো যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী৷
আনকি বহু স্থানত এতিয়াও ঘৰে ঘৰে সংযোগ কৰিব পৰা নাই নলৰ৷ যাৰ পৰিপ্রেক্ষিতত এই অভিলাষী প্রকল্পৰ কাম–কাজ পৰিণত হৈছে চূড়ান্ত প্রহসনত৷ ৰাজ্যত জল জীৱন মিছন ৰূপায়ণৰ এই দুখ লগা ছবিখন পৰিস্ফুট হৈ পৰিছে কেন্দ্রীয় চৰকাৰৰ তথ্যত৷ জল জীৱন মিছনৰ চৰকাৰী ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি অসমত বর্তমানলৈ মাত্র ২৫.১২ শতাংশ কামহে সম্পূর্ণ হৈছে৷ অসমত জল জীৱন মিছনৰ হিতাধিকাৰীৰ পৰিয়ালৰ সংখ্যা হৈছে ৬৩,৩৫,০১৫টা৷
ইয়াৰ ভিতৰত বর্তমানলৈ মাত্র ১৫,৯১,৩৯৭টা পৰিয়ালকহে জল জীৱন মিছনৰ অধীনত ঘৰে ঘৰে যোগান ধৰা হৈছে বিশুদ্ধ খোৱাপানী৷ এই মিছনৰ অধীনত এতিয়াও সামৰি ল’ব পৰা নাই ৪৭,৪৩,৬১৮টা পৰিয়ালক৷ অর্থাৎ ২০২৪ চনৰ ভিতৰত গাঁৱে–ভূঞে এই মিছন ১০০ শতাংশই ৰূপায়ণ কৰিবলৈ হ’লে পৰৱর্তী তিনি বছৰত প্রতিবছৰে ১৫,৮১,২০৬টা পৰিয়ালক পানী যোগান ধৰিব লাগিব৷ কিন্তু ২০১৯ চনত আৰম্ভ কৰা এই জল জীৱন মিছনৰ অধীনত বিগত দুবছৰত মাত্র ১৫ লাখ লোকক পানী যোগান ধৰিবলৈ সক্ষম হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগে প্রতিবছৰে এই বৃহৎসংখ্যক লোকক পানী যোগান ধৰিব পাৰিবনে, তাক লৈ ৰাইজৰ মনত সৃষ্টি হৈছে প্রশ্ন৷
জল জীৱন মিছনৰ তথ্য অনুসৰি ৰাজ্যৰ কেইখনমান জিলাত ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ পৰিসংখ্যা হৈছে এনেধৰণৰ– কামৰূপত মুঠ ৩,৫২,১০৯টা হিতাধিকাৰী পৰিয়ালৰ ভিতৰত ১,০০,৯১৬টা পৰিয়ালকহে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে৷ সেইদৰে ডিব্রুগড়ত মাত্র ১৭.২২ শতাংশ লোককহে জল জীৱন মিছনৰ অধীনত সামৰি ল’বলৈ সক্ষম হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগে৷ এই জিলাখনত হিতাধিকাৰী পৰিয়ালৰ সংখ্যা হৈছে ২,৫৭,৬৯৫টা৷ কিন্তু ডিব্রুগড়ত বর্তমানলৈ বিশুদ্ধ খোৱাপানী লাভ কৰা পৰিয়ালৰ সংখ্যা হৈছে– ৪৪,৩৮১টা৷ আনহাতে, নগাঁও জিলাত জল জীৱন মিছনৰ হিতাধিকাৰীৰ সংখ্যা হৈছে ৩,৭৪,৩৪৩টা পৰিয়াল৷ এই জিলাত বর্তমানলৈ পানী লাভ কৰা পৰিয়ালৰ সংখ্যা হৈছে ৮৮,৮১১টা৷ যোৰহাটতো বিশুদ্ধ খোৱাপানী ঘৰতে লাভ কৰা পৰিয়ালৰ সংখ্যা হৈছে ৫১,২৭০টা৷ ইয়াৰ বিপৰীতে এই জিলাখনত হিতাধিকাৰীৰ সংখ্যা হৈছে ১,৭১,৯০৫টা৷ গোলাঘাটত ২,১৮,০২৮টা হিতাধিকাৰী পৰিয়ালৰ ভিতৰত মাত্র ৭২,১০৬টা পৰিয়ালে লাভ কৰিছে জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী৷
লখিমপুৰত বিশুদ্ধ খোৱাপানী লাভ কৰিছে ২১.৫৭ শতাংশ লোকে৷ এই জিলাখনত ২,১৬,৫১৯টা হিতাধিকাৰী পৰিয়ালৰ বিপৰীতে ৪৬,৭০৭টা পৰিয়ালেহে খোৱাপানী লাভ কৰিছে৷ ৰাজ্যৰ আন জিলাসমূহতো ১০০ শতাংশই পানী যোগানত ব্যর্থ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ উল্লেখ্য যে গ্রাম্য ভাৰতৰ প্রতিটো পৰিয়ালক ২০২৪ চনৰ ভিতৰত ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ লক্ষ্যৰে জল জীৱন মিছন আৰম্ভ কৰা হৈছিল৷ এই কার্যসূচীৰ অধীনত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ উপৰি জল সংৰক্ষণ, বৰষুণৰ পানী সংৰক্ষণ আদিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছিল৷ সমগ্র দেশত গ্রামাঞ্চলত এই আঁচনিৰ অধীনত ১৯,২২,৪১,৩৩৯টা পৰিয়ালক পানী যোগানৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ বর্তমানলৈ ৮,৫০,৯৫,৫৪৭টা পৰিয়ালক প্রদান কৰা হৈছে পানী৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যই এই মিছনৰ অধীনত গ্রামাঞ্চলসমূহত বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্রত ১০০ শতাংশ হিতাধিকাৰী সামৰি ল’বলৈ সক্ষম হৈছে৷ অৱশ্যে এই তালিকাত এতিয়াও যথেষ্ট নিম্ন স্থানতে আছে অসম৷ ২০১৯ চনৰ ১৫ আগষ্টত ৰাজ্যত আৰম্ভ কৰা হৈছিল এই জল জীৱন মিছন৷ সেই সময়ত ৰাজ্যত মাত্র ১.১১ লাখ লোককহে ঘৰে ঘৰে পানী যোগান ধৰা হৈছিল৷ পৰৱর্তী সময়ত এই আঁচনিৰ অধীনত ২৫,৩৩৫খন গাঁৱৰ ৬৩.৩৫ লাখ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পৰিকল্পনা গ্রহণ কৰা হয়৷
ইয়াৰ বাবে জলশক্তি মন্ত্রালয়ে ৰাজ্য চৰকাৰক যথেষ্ট পৰিমাণৰ পুঁজি আবণ্টন দিছে৷ ২০২০–২১ বর্ষত অসমক জলশক্তি মন্ত্রালয়ে আবণ্টন দিছিল ১,৬০৮.৫১ কোটি টকা৷ চলিত বর্ষত জলশক্তি মন্ত্রালয়ে জল জীৱন মিছনৰ অধীনত অসমলৈ বিগত বর্ষৰ তুলনাত চাৰিগুণ অধিক পুঁজি আবণ্টন কৰিছে৷ এই বছৰত জল জীৱন মিছন ৰূপায়ণৰ বাবে অসমলৈ আবণ্টন দিয়া পুঁজিৰ পৰিমাণ হৈছে ৫,৬০১.১৬ কোটি টকা৷ এই বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ পাছতো অসমত ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ এই আঁচনি কি কাৰণত শামুকীয়া গতিৰে আগবাঢ়িছে, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ কাগজে–পত্রই এই আঁচনি ৰূপায়ণৰ অগ্রগতি হোৱা বুলি বিভাগটোৱে প্রকাশ কৰিব বিচাৰে যদিও প্রকৃতার্থত গ্রামাঞ্চলসমূহত এতিয়াও আগবঢ়া নাই পানী যোগানৰ কাম৷ গাঁওসমূহত ঘৰে ঘৰে নলৰ সংযোগ কৰিছে যদিও পানী যোগান প্রকল্পসমূহ সময়ত সম্পূর্ণ কৰিব নোৱাৰা বাবেও এতিয়াও সম্পূর্ণৰূপে ৰূপায়ণ কৰিব পৰা নাই সেই মিছনৰ কাম–কাজ৷ আনকি বহু স্থানত নলৰ সংযোগ কৰাৰ ছমাহ পাছতো পানী লাভ নকৰাত একাংশ গ্রামাঞ্চলৰ লোকে ক্ষোভ প্রকাশ কৰাও পৰিলক্ষিত হৈ আহিছে৷ অৱশ্যে এইক্ষেত্রত চৰকাৰে পৰৱর্তী সময়ত কিমান ক্ষিপ্রতাৰে কাম কৰে, সেয়া লক্ষণীয় হ’ব৷