নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ জালত জালাহ পহৰা আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক গণেশ বৰ্মন

নিয়মীয়া বাৰ্তা, ২৯ মে’ : বাক্সা জিলাৰ জালাহ পহৰা আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক গনেশ বৰ্মণে এইবাৰ হাত দাঙিলে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত।দিলদাৰ হুছেইন নামৰ ব্যক্তি এজনৰ পৰা গোচৰ মীমাংসাৰ বাবদ ২৮ লাখ টকা উৎকোচ বিছাৰিছিল। আজি ৪০ হাজাৰ প্ৰথম কিস্তি লোৱাৰ সময়ত হাতে-লোতে ধৰি গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। ঘটনাৰ বিবৰণী অনুসৰি বৰপেটাৰোডৰ ছাইনা এগ্ৰো এজেন্সিৰ এখন সাৰ বোজাই ট্ৰাক যোৱা ৩ মে তাৰিখে বৰপেটাৰোড আৰক্ষীয়ে শিমলুগুৰিৰ পৰা জব্দ কৰিছিল। আৰক্ষীয়ে নিজৰ দোকানৰ মালভৰ্তি গাড়ী জব্দ কৰা বুলি জানিব পাৰি ছাইনা এগ্ৰো এজেন্সিৰ স্বত্বাধিকাৰী নায়িব আলিয়ে আত্মগোপন কৰে। কিন্তু তেখেতৰ পত্নী ৰশ্মিনা আহমেদক নিশা ১ বজাত কোনো ধৰণৰ মহিলা আৰক্ষী অবিহনে ঘৰৰপৰা উঠাই আনি পিছদিনাখন গ্ৰেপ্তাৰ কৰে আৰু জেল হাজোতলৈ পঠিয়াই দিয়ে। নায়িব আলি আৰু ৰশ্মিনা আহমেদৰ জোৱাই দিলদাৰ হুচেইনে সাংবাদিকক জনোৱা মতে শিমলা আৰক্ষী থানাৰ ( জালাহ কেম্প ) চক্ৰ পৰিদৰ্শক গনেশ বৰ্মনে উক্ত কেচটো মীমাংসা কৰাৰ বাবে প্ৰথমাৱস্থাত ৬০ হাজাৰ টকা লয় আৰু পাছত ২৮ লাখ টকা বিচাৰে। কিন্তু যোৱা ১১ মে’ ত মহামান্য আদালতে   অভিযুক্ত নায়িব আলিক জামিন মঞ্জুৰ কৰে আৰু ১২ মে’ত মুকলি আকাশৰ তললৈ আহে। এই সময়চোৱাত চক্ৰ বিষয়া গনেশ বৰ্মনে নায়িব আলিৰ জোৱায়েক দিলদাৰ হুছেইনক ফোনত শহুৰেকক এনকাউণ্টাৰ কৰাৰ ভাবুকি দিয়াত ১২ মে’ৰ নিশাই তেওঁ আত্মহত্যা কৰে। ইয়াৰ পাছতো ধৃত চক্ৰ বিষয়াগৰাকীয়ে পৰিয়ালটোক ভাবুকি দিবলৈ এৰা নাছিল। এইবাৰ প্ৰয়াত নায়িব আলিৰ পত্নীক এনকাউণ্টাৰ কৰাৰ ভাবুকি দি আৰু চাৰ্জচিটৰ পৰা নাম আতৰোৱাৰ বাবদ মুঠ ২৮ লাখ টকা বিচাৰে। আজি জোৱায়েক দিলদাৰ হুছেইনে ২৮ লাখ টকাৰ প্ৰথম কিস্তি হিচাপে ৪০ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে ধৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।জালাহ পহৰা আৰক্ষী চকীখনৰ বিৰুদ্ধে ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। কেইজনমান দালালৰ জড়িয়তেও বৃহৎ অংকৰ টকাৰ লেনদেন ঘটি থাকে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। সেয়েহে গনেশ বৰ্মনৰ দৰে দালাল কেইজনকো চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।

 

প্ৰেৰক দিগন্ত দাস

You might also like