খিলঞ্জীয়াক বর্বৰ আক্রমণ ‘সন্দেহযুক্ত’ৰ; জামুগুৰিহাটৰ চকীঘাটত থলুৱাবিৰোধী ভয়ংকৰ কাণ্ড
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ অকল ভূমি বেদখল অথবা অসামাজিক কার্যকলাপত লিপ্ত হোৱাই নহয়, এইবাৰ অসমৰ মাটিতে খিলঞ্জীয়া অসমীয়াৰ ওপৰত চলিল সন্দেহজনক নাগৰিকৰ বর্বৰোচিত দলবদ্ধ আক্রমণ৷ বিগত সময়ছোৱাত সীমাৰ সিপাৰৰ পৰা হোৱা ব্যাপক অনুপ্রৱেশ তথা সন্দেহজনক নাগৰিকৰ আগ্রাসনত খিলঞ্জীয়াৰ অস্তিত্ব গভীৰ সংকটত পৰাৰ অভিযোগ উঠি অহাৰ সময়তে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চতিয়া সমষ্টিৰ অন্তর্গত জামুগুৰিহাটৰ দক্ষিণ–পশ্চিমাঞ্চল চকীঘাটত৷ একাংশ সন্দেহজনক লোকৰ আক্রমণত আহত হয় নদুৱাৰ ৰাজহ চক্রৰ চক্র বিষয়া আকাশদীপ কাকতি, জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া প্রাঞ্জল কুমাৰ নাথ, মণ্ডল মানস বৰা, স্থানীয় যুৱক বিষ্ণু বৰা, বুলু আহমেদ, প্রকাশ শইকীয়া, মহম্মদ ইমানুদ্দিনসহ ১২জনকৈ খিলঞ্জীয়া অসমীয়া৷ উল্লেখ্য যে জামুগুৰিহাটৰ বিভিন্ন চৰ–চাপৰিৰ হাজাৰ হাজাৰ বিঘা ভূমি শোণিতপুৰ জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই সন্দেহজনক লোকৰ পৰা বেদখলমুক্ত কৰিছিল৷ পৰৱর্তী সময়ত বেদখলমুক্ত মাটিত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজে ট্রেক্টৰ চলাই সেই ভূমি চতিয়া সমষ্টিৰ থলুৱা যুৱক–যুৱতী, আত্মসহায়ক গোট, খেতিয়ক আদিক কৃষি কার্য সম্পন্ন কৰিবৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিছিল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ঘোষণামর্মে স্থানীয় যুৱক, আত্মসহায়ক গোট আদিক পৃথকে চমজাই দিবৰ বাবে নদুৱাৰ ৰাজহ চক্র বিষয়া আকাশদীপ কাকতিসহ আৰক্ষী তথা প্রশাসনৰ লোক তাত আজি উপস্থিত হয়৷ কিন্তু মাটি চমজি ল’বলৈ যোৱা স্থানীয় লোক আৰু চৰকাৰী বিষয়া–কর্মচাৰীসক একাংশ সন্দেহযুক্ত নাগৰিকে হাতে হাতে যাঠী, জোং, দা, কোৰ লৈ বাধা প্রদান কৰে৷ সন্দেহজনক নাগৰিকৰ দলটোক বাধা দিবলৈ চেষ্টা চলাওঁতেই স্থানীয় লোক আৰু চৰকাৰী বিষয়া–কর্মচাৰীসক ওপৰত জঁপিয়াই পৰে৷ দুর্বৃত্তৰ আক্রমণত জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া প্রাঞ্জল কুমাৰ নাথে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে নদুৱাৰ ৰাজহ চক্র বিষয়া আকাশদীপ কাকতি, মণ্ডল মানস বৰায়ো ভৰিত আঘাত পাইছে৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাতহে অৱশেষত সন্দেহজনক লোকসকল সেই স্থানৰ পৰা আঁতৰি যায়৷ খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক লোকৰ আক্রমণৰ এই খবৰ বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে তেওঁ খিলঞ্জীয়াৰ ওপৰত হোৱা এই আক্রমণৰ ঘটনাক দুর্ভাগ্যজনক আখ্যা দিয়ে৷ জাতি–মাটি–ভেটি বচাবৰ বাবে এতিয়া ঐক্যবদ্ধতাৰে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে বিধায়ক হাজৰিকাই৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দোষীক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সদৰী কৰিছে৷ মন কৰিবলগীয়া যে জামুগুৰিহাটৰ দক্ষিণ–পশ্চিম প্রান্তৰ চকীঘাট, লালেটাপু, মকুৱা চাপৰি, ভৰলী চাপৰিকে ধৰি চৰ অঞ্চলত চতিয়া সমষ্টিৰ ভোটাৰ তালিকাত নাম নথকা একাংশ সন্দেহজনক লোকে চৰকাৰী ভূমি বেদখল কৰি থকাৰ পিছত সেই মাটি কিছুদিন পূর্বে শোণিতপুৰ জিলা প্রশাসনে উচ্ছেদ চলাই বেদখলমুক্ত কৰিছিল৷ কিন্তু বেদখলমুক্ত কৰাৰ পিছতো সন্দেহযুক্ত নাগৰিকে চকীঘাটত কেইবাটাও জুপুৰি সাজি লৈছিল৷ আজিৰ ঘটনাৰ পিছত স্থানীয় উত্তেজিত ৰাইজে এই জুপুৰিত অগ্ণিসংযোগ কৰে৷ লগতে আক্রমণকাৰী দুর্বৃত্তই ব্যৱহাৰ কৰা এখন টেম্পো আৰু এখন বাইক পানীত পেলাই দিয়ে৷