কংগ্রেছ–ইউডিএফৰ মিত্রতা খাটাং, জানুৱাৰীত হ’ব মহাজোঁট
জিএমচিএইচত গগৈৰ স্বাস্থ্যৰ বুজ লৈ আজমলৰ ঘোষণা
নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ কংগ্রেছ–এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতাৰ প্রসংগত পোনপ্রথমবাৰৰ বাবে মুখ খুলিলে এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ দেওবাৰে সাংসদ আজমলে সাংবাদিকৰ আগত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা খাটাং বুলি মন্তব্য কৰাৰ লগতে অহা জানুৱাৰী মাহতহে মহাজোঁটৰ ছবিখন পৰিষ্কাৰ হ’ব বুলি প্রকাশ কৰে৷ আজমলে কয় যে গগৈৰ অসুস্থতাৰ বাবে জোঁটবন্ধনৰ কাম বন্ধ হৈ আছে৷ গগৈ সুস্থ হৈ জি এম চি এইচৰ পৰা ওভতাৰ পাছত জোঁটবন্ধনৰ কাম আৰম্ভ হ’ব৷ এই মিত্রতা তথা জোঁটবন্ধনৰ ক্ষেত্রত গগৈ হৈছে প্রধান মুৰব্বী৷ মহাজোঁটৰ চৰকাৰত মুখ্যমন্ত্রী কংগ্রেছৰ পৰাই হ’ব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে মহাজোঁট গঠনৰ প্রক্রিয়া বর্তমান সঠিক দিশ আৰু ধনাত্মক পথেৰে চলি আছে৷ এইক্ষেত্রত চূড়ান্ত আনুষ্ঠানিক ঘোষণা কৰোঁতে কিছু সময়ৰ প্রয়োজন হ’ব৷ কাৰণ এইবোৰ কৰোঁতে যথেষ্ট প্রক্রিয়া থাকে৷ অহা জানুৱাৰী মাহতহে সেই ছবিখন স্পষ্ট হ’ব৷ আনহাতে, ৰাজ্যখনত নতুন নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্রসংগত আটাইকে আদৰণি জনাই আজমলে কয় যে বিজেপিক উৎখাতৰ স্বার্থত সকলোৱে তেওঁলোকৰ সৈতে ঐক্যবদ্ধ হওক৷ মিত্রতা যেতিয়া সকলোৰে হৈ যাব, লাহে লাহে সকলো সেই মহাজোঁটৰ অংশীদাৰ হ’ব৷ নৱগঠিত অসম জাতীয় পৰিষদে কংগ্রেছ–এ আই ইউ ডি এফৰ অংশীদাৰ নহয় বুলি কৰা মন্তব্যৰ প্রসংগতো আজমলে কয় যে এতিয়া তেওঁলোকৰ জন্মহে হৈছে৷ লাহে লাহে সকলো আহি যাব৷ ইপিনে আসন্ন বিধানসভা নির্বাচনত এ আই ইউ ডি এফে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব, সেই সম্পর্কত অতি কৌশলেৰে আজমলে কয় যে সেই বিষয়লৈ তেওঁলোক এতিয়াও যোৱাই নাই৷ কিন্তু এ আই ইউ ডি এফ আৰু কংগ্রেছৰ মিত্রতা খাটাং৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰায়ো বাৰম্বাৰ সেই মিত্রতাৰ কথাই কৈ আহিছে৷ অহা বিধানসভা নির্বাচনৰ সময়লৈ বিজেপি অকলশৰীয়া হৈ পৰিব বুলিও আজমলে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আনহাতে, আজি এ আই ইউ ডি এফৰ বিধায়কসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকে কংগ্রেছৰে মিত্রতাৰ ক্ষেত্রত সহমত পোষণ কৰে৷ বৈঠকে অহা বিধানসভা নির্বাচনত তেওঁলোকে বিচাৰিবলগীয়া সমষ্টিৰ বিষয়ে আলোচনা কৰে৷ এই সম্পর্কত দলৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে জানিবলৈ দিয়া মতে, পৰৱর্তী পর্যায়ত কংগ্রেছৰ সৈতে তেওঁলোকে এই বিষয়ত আলোচনা কৰিব আৰু সেই আলোচনাৰ অন্ততহে এৰাধৰাকে ধৰি সমষ্টি চূড়ান্ত হ’ব৷
ইফালে বাঁওপন্থী দল চি পি আয়ে সকলো বিজেপিবিৰোধী দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে৷ চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্তই আজি এক বিবৃতিত কয় যে যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ অনুষ্ঠিত পার্টীৰ ৰাজ্য পৰিষদৰ বৈঠকে এক প্রস্তাৱযোগে বিজেপি চৰকাৰক গাদীচ্যুত কৰাৰ স্বার্থত বিজেপিবিৰোধী সকলো গণতান্ত্রিক দল–সংগঠনক ঐক্যবদ্ধ হৈ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ২০২১ চনৰ বিধানসভা নির্বাচনত আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ আনহাতে, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কংগ্রেছৰে তেওঁলোকৰ মিত্রতা খাটাং বুলি প্রকাশ কৰাৰ সময়তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই লুটি–বাগৰ মাৰি সংবাদ মাধ্যমৰ আগত কয় যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা এতিয়াও চূড়ান্ত হোৱা নাই৷ চুড়ান্ত হওঁতে কিছু সময় লাগিব৷ কাৰণ বর্তমান অন্যান্য সহযোগী দলৰ লগতো আলোচনা চলি আছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই মুখেৰে বিভিন্ন দলৰে মিত্রতা কৰি মহাজোঁট গঠনৰ কথা কৈ আহিছে যদিও একে সময়তে বিগ ব্রাদাৰ হিচাপে কংগ্রেছে নিজাববীয়াকৈ ৯০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ সভাপতি বৰাই নিজ মুখেৰেই সেই কথা ইতিমধ্যে প্রকাশ কৰিছে৷ সম্ভৱতঃ সভাপতি বৰাৰ তেনেধৰণৰ আঁকোৰগোজ স্থিতি দেখিয়েই এ আই ইউ ডি এফৰ মুৰব্বী আজমলে ক’বলৈ বাধ্য হৈছে– গগৈৰ অসুস্থতাৰ বাবেই মহাজোঁট গঠনৰ প্রক্রিয়া থমকি ৰৈছে৷ গগৈ সুস্থ হৈ উঠাৰ পাছত সেই প্রক্রিয়াই গতি লাভ কৰিব৷