অসম-ৰ উন্নয়নত জাপানে সহযোগিতা আগবঢ়াব : ফুকুশ্বিৰো
🔹 আইআইটি–ছেমি কণ্ডাক্টৰ পৰিদৰ্শন জাপানী প্রতিনিধিৰ
বিশেষ বাৰ্তা, ৫ মে’ : তিনিদিনীয়া ভ্রমণসূচীৰে অসম-ত উপস্থিত হোৱা জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা উচ্চ ক্ষমতাসম্পন্ন প্রতিনিধি দলটোৱে কালি দ্বিতীয় দিনা জাগীৰোডত নির্মীয়মাণ টাটা অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্রৰ প্রকল্পস্থলী পৰিদর্শন কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকল্পস্থলীত জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা উচ্চ ক্ষমতাসম্পন্ন প্রতিনিধি দলটোক উষ্ম আদৰণি আৰু সম্বর্ধনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা প্রতিনিধি দলটোক প্রকল্পটোৰ নির্মাণৰ অগ্রগতি প্রত্যক্ষ কৰোৱাৰ লগতে প্রকল্পটোৰ পৰৱর্তী কার্যকলাপৰ বিষয়ে অৱগত কৰে৷ এই ভ্রমণে অসমলৈ জাপানী বিনিয়োগক আকর্ষণ কৰাৰ দৃষ্টিকোণৰ পৰা এক উল্লেখযোগ্য আৰু ইতিবাচক পদক্ষেপ বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ জাপান আৰু অসম চৰকাৰৰ মাজত গঢ়ি উঠা গভীৰ সম্পর্কৰ বাবে অতি কম সময়ৰ ভিতৰতে অসমলৈ চতুর্থটো জাপানী প্রতিনিধি দলৰ আগমনে অসম আৰু জাপানৰ মাজত ক্রমবর্ধমান দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰি তুলিব৷ জাগীৰোডত নির্মাণ হ’বলগীয়া টাটা অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্রৰ প্রকল্পটোৱে অসমৰ অর্ধপৰিবাহী খণ্ডৰ যাত্রাত এক বৃহৎ পৰিৱর্তন আনিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই অৱগত কৰে৷ উল্লেখ্য যে জাপানে অর্ধপৰিবাহী প্রযুক্তিৰ ক্ষেত্রত দীর্ঘদিন ধৰি বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈ আহিছে৷ অসমৰ এই খণ্ডটোৰ লগত জড়িত হৈ অঞ্চলটোৰ প্রযুক্তিগত সামর্থ্য বৃদ্ধি, যোগান শৃংখল শক্তিশালী কৰাৰ লগতে অর্থনৈতিক বিকাশৰ ক্ষেত্রখনলৈ বৃহৎ বৰঙণি যোগাব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ কালি জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা প্রতিনিধি দলটোৰ জাগীৰোডৰ এই প্রকল্পস্থলী ভ্রমণে অসমৰ ক্রমবর্ধমান অর্ধপৰিবাহী উদ্যোগত নিশ্চিতভাৱে যি সহযোগিতা আগবঢ়াব ইয়ে অসমৰ উদ্যোগ ক্ষেত্রখনত এক নতুন গতি প্রদান কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ এই প্রকল্প হৈছে এক নতুন অসমৰ সর্বশ্রেষ্ঠ প্রতিফলন৷ য’ত আজি সকলোতে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈ পৰিছে৷এই পৰিদর্শনৰ সময়ছোৱাত মন্ত্রী পীয়ূষ হাজৰিকা, মন্ত্রী বিমল বডা, মন্ত্রী নন্দিতা গার্লোছা, টাটা অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্রৰ প্রকল্প মুৰব্বী আশিস মিশ্র প্রমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷
গুৱাহাটী আইআইটিত জাপানৰ প্ৰতিনিধি
‘ভাৰত তথ্য–প্রযুক্তিকে ধৰি বিভিন্ন ক্ষেত্রত মানৱ সম্পদেৰে ঐতিহ্যশালী৷ জাপানৰ এনে মানৱ সম্পদৰ প্রয়োজন৷’- এই মন্তব্য জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰোৰ৷ কালি গুৱাহাটী আইআইটি পৰিদর্শন কৰি ভাষণ প্রসংগত ফুকুশ্বিৰোই এইদৰে উল্লেখ কৰি কয় যে গণতন্ত্রৰ দৰে একে মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত দেশ দুখনে মিলি উন্নয়নৰ বাবে সহযোগিতাৰে কাম কৰিব পাৰে৷ জাপানত প্রতিষ্ঠিত হ’ব বিচৰা ভাৰতৰ মানৱ সম্পদসমূহক জাপানে উদ্গনি যোগাবলৈ আগ্রহী৷ তদুপৰি আন্তঃগাঁথনি, নির্মাণ আদিৰ উপৰি শিক্ষা, অর্থনীতি তথা ৰাজনীতিৰ ক্ষেত্রতো গণতান্ত্রিক দেশ দুখনে সহযোগিতাৰে কাম কৰিব পাৰে৷
উল্লেখ্য যে তিনিদিনীয়া ভ্রমণসূচীৰে পৰহি অসমত উপস্থিত হোৱা জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা দেশখনৰ উচ্চস্তৰীয় প্রতিনিধি দলটোৱে কালি গুৱাহাটী আইআইটি পৰিদর্শন কৰে৷ প্রতিনিধি দলটো আইআইটি গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছা, শিক্ষা প্রতিষ্ঠানখনৰ সঞ্চালক, অধ্যাপক দেৱেন্দ্র জালিহাল, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্রই উষ্ম আদৰণি জনায়৷ ইয়াৰ পিছতে আইআইটি গুৱাহাটীয়ে জাপানৰ সৈতে যুটীয়া প্রচেষ্টাৰে গ্রহণ কৰি থকা বিভিন্ন কার্যৰ লগতে আগন্তুক দিনত সহযোগিতাৰে কৰিব বিচৰা কার্যপন্থাসমূহৰ সবিশেষ জাপানৰ প্রতিনিধিবর্গৰ সন্মুখত উপস্থাপন কৰে৷ আনুষ্ঠানিকভাৱে জনোৱা আদৰণিপর্বৰ পিছতে প্রতিনিধি দলটোক প্রতিষ্ঠানখনত নেনো টেকন’লজী চেণ্টাৰ আৰু ৰিছার্চ পার্ক পৰিদর্শন কৰোৱা হয়৷ ৰিছার্চ পার্ক পৰিদর্শনকালত আইআইটি গুৱাহাটীয়ে উদ্যমিতা আৰু ষ্টার্টআপৰ ক্ষেত্রত লোৱা ব্যৱস্থাৱলী সম্পর্কত পাৱাৰ পইণ্ট প্রেজেণ্টেচনৰ জৰিয়তে প্রতিনিধিবর্গক অৱগত কৰে৷ আনহাতে আইআইটি গুৱাহাটীত নির্মীয়মাণ অত্যাধুনিক স্বাস্থ্য বিজ্ঞান প্রতিষ্ঠান আছাম এডভাঞ্চড হেল্থ কেয়াৰ ইন’ভেচন ইনষ্টিটিউট সম্পর্কতো মুখ্য পৰিচালন বিষয়া ড০ সজৰ সেনে প্রতিনিধি দলটোক অৱগত কৰে৷ ৫,৪৬০ মিলিয়ন ব্যয়সাপেক্ষ এই প্রতিষ্ঠানখনৰ নির্মাণকার্য চলিত বর্ষৰ ২ এপ্রিলৰ পৰা আৰম্ভ হৈছে যদিও ইতিমধ্যে চাৰিটা বিষয়ত গৱেষণাৰ কাম আৰম্ভ কৰা হৈছে৷ ৩০ মাহৰ ভিতৰত ইয়াৰ নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ পৰিদর্শনকালত আইআইটিয়ানসকলে প্রদর্শন কৰা ষ্টার্টআপৰ সামগ্রীসমূহ চাই প্রতিনিধি দলটোৱে সন্তুষ্টি প্রকাশ কৰে৷ প্রতিষ্ঠানখন পৰিদর্শনৰ পিছতে প্রতিনিধি দলটোৱে আইআইটিৰ অতিথিশালাত অসমীয়া ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷
আমিনগাঁওস্থিত আছিয়ান–ওৱান টেকনিকেল চেণ্টাৰো পৰিদর্শন
জাপানৰ উচ্চস্তৰীয় প্রতিনিধি দলটোৱে কালি পুৱাৰ ভাগত কামৰূপ জিলাৰ আমিনগাঁওস্থিত আছিয়ান–ওৱান টেকনিকেল চেণ্টাৰ পৰিদর্শন কৰে৷ চেণ্টাৰটোত উপস্থিত হোৱাৰ লগে লগে প্রতিনিধি দলটোক অসম চৰকাৰৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস আৰু নন্দিতা গার্লোছাই আদৰণি জনায়৷ মন্ত্রী ৰঞ্জিত দাসে জাপানৰ প্রতিনিধি দলটোক আদৰণি জনাই অসমৰ প্রচুৰ প্রাকৃতিক সম্পদ আৰু এই সম্পদৰাজিৰ উপযুক্ত ব্যৱহাৰে বহন কৰা উন্নয়নৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে৷ অসমৰ পর্যটন উদ্যোগৰ সম্ভাৱনীয়তাৰ ওপৰত মন্ত্রী দাসে কাজিৰঙা আৰু মানাহ ৰাষ্ট্রীয় উদ্যানৰ প্রাকৃতিক সম্পদৰাজিৰ কথা উল্লেখ কৰে৷ জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুচিৰোই নিজ বক্তব্যত ভাৰতৰ এখন অন্যতম বিকশিত ৰাজ্য হ’বলৈ আগবঢ়া অসমৰ প্রচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে অসমৰ উন্নয়নত জাপানেও সহযোগিতা আগবঢ়াব৷ তথ্য–প্রযুক্তিৰ ক্ষেত্রত উপযুক্ত মানৱ সম্পদৰ গুৰুত্বৰ কথা উল্লেখ কৰি ফুকুশ্বিৰোই কয় যে অসম মানৱ সম্পদৰ ক্ষেত্রত চহকী৷ এই মানৱ সম্পদক উপযুক্ত ৰূপত গঢ় দিলে তেওঁলোকে জাপানৰ কর্মক্ষেত্রত নিয়োজিত হোৱাৰ প্রচুৰ সুবিধা লাভ কৰিব৷ ইয়াৰ ফলত জাপান আৰু অসম সমানে লাভৱান্বিত হ’ব৷ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে জাপানী কোম্পানীয়ে অসমত বিনিয়োগ কৰাৰ প্রসংগত আলোচনা কৰাৰ কথা উল্লেখ কৰি ফুকুশ্বিৰোই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উন্নয়নৰ ক্ষেত্রত অসমক সদায় গুৰুত্ব দি আহিছে৷ মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে অসমক দিয়া অগ্রাধিকাৰৰ সৈতে সংগতি ৰাখি জাপানেও ৰাজ্যখনৰ উন্নয়নৰ বাবে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব৷ জাপানৰ প্রতিনিধি দলটোক আমিনগাঁৱত অসম পর্যটন উন্নয়ন নিগম লিমিটেডৰ অধীনত নির্মাণৰত আতিথ্য প্রকল্পৰ কৌশলগত অৱস্থান আৰু ইয়াত উপলব্ধ সুবিধাসমূহৰ বিষয়েও অৱগত কৰা হয়৷ ৰাজ্য চৰকাৰে এই আতিথ্য প্রকল্পতে আছিয়ান–ওৱান টেকন’লজী চেণ্টাৰ মুকলি কৰি জাপানী ভাষা আৰু পৰীক্ষণ কেন্দ্র আৰম্ভ কৰাৰ দিশত চলোৱা প্রস্তুতিৰ বিষয়েও অৱগত কৰে৷ উল্লেখ্য যে এই কেন্দ্রটোৰ জৰিয়তে ৰাজ্যখনৰ যুৱক–যুৱতীসকলে জাপানী ভাষা শিকাৰ সুযোগ লাভ কৰাৰ লগতে দক্ষতাৰ প্রশিক্ষণ লাভ কৰিব পাৰিব, যিয়ে পৰৱর্তী সময়ত বহিঃৰাষ্ট্রখনত অসমীয়া যুৱক–যুৱতীৰ কর্মসংস্থাপনৰ বাট মুকলি কৰিব তথা জাপান আৰু অসমৰ মাজত সম্পর্ক শক্তিশালী কৰাত সহায় কৰিব৷ এই অনুষ্ঠানত শ্রম কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রৱর্তী, মুখ্যমন্ত্রীৰ প্রধান সচিব ড০ কে কে দ্বিবেদী, পর্যটন বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰা, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র আৰু আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা উপস্থিত থাকে৷