নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ বানপানীৰ পিচতেই নলবাৰীত জাপানিজ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ফলত ৰাইজৰ মাজত হাহাকাৰ লাগিছে। বিগত এটা মাহত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৩জন লোক। সেইদৰে ডেংগুত আক্ৰান্ত হৈছে ৭জনকৈ লোক। আন বহুসংখ্যক লোক জাপানিজ এনকেফেলাইটিছ আৰু ডেংগু সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । বিশেষকৈ নলবাৰীৰ জিলাৰ মুকালমুৱা, টিহু, চান্দকুছি, ৰঙাফালি আদি অঞ্চলৰ কেইবাজনো লোক আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছ আৰু ডেংগুত। জিলাখনৰ কেইবাখনো চিকিৎসালয়ত জাপানিজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগীসমূহ চিকিৎসাধীন হৈ আছে। নলবাৰী জিলা স্বাস্থ্য বিভাগে এইক্ষেত্ৰত কিছু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও সেয়া যথেষ্ট নহয়।

প্ৰেৰক প্ৰাঞ্জল শৰ্মা

You might also like