জাপানত অসমৰ নাম মুখে মুখে, জাপানী উপাসক য়ুচুকেৰ মুখত অসমৰ চাহৰ প্ৰশংসা
বাৰ্তা ব্যুৰ’, তেজপুৰ, ২৯ মাৰ্চঃ অসমৰ নাম জাপানৰ বহু লোকেই জানে৷ একেদৰে তেওঁলোকে জানে অৰুণাচল প্ৰদেশ আৰু দাৰ্জিলিঙৰ বিষয়েও৷ এই কথা প্ৰকাশ কৰিলে যোৱা ১৯ মাৰ্চত ভাৰতলৈ অহা এজন জাপানী অভিযন্তা য়ুচুকেই৷ উল্লেখযোগ্য যে, যোৱা ২৬ মাৰ্চত গুৱাহাটীত উপস্থিত হোৱা জাপানী অভিযন্তাজন কালি উপস্থিত হয়হি অৰুণাচল প্ৰদেশত৷ উল্লেখযোগ্য যে, তেওঁ অৰুণাচল প্ৰদেশলৈ ধৰ্মীয় কাৰণত আহিলেও তেওঁ অসমৰ বিষয়ে উল্লেখ কৰে পৃথক বিষয়ত ৷তেওঁ কয় যে, জাপানৰ অধিকাংশ লোকেই চাহ পান কৰে আৰু এই চাহৰ অধিকাংশই যায় অসমৰ পৰা৷চাহৰ বাবেই অসম আৰু দাৰ্জিলিঙৰ নাম জাপানৰ বহুসংখ্যক লোকে পূৰ্বৰে পৰাই জানে বুলিও তেওঁ কয়৷ উল্লেখযোগ্য যে,অৰুণাচল প্ৰদেশৰ জেমিঠাঙত চলি থকা ধৰ্মীয় উৎসৱ গৰছাম কৰাত অংশ ল’বলৈ আহিছে এইজন পৰ্যটক৷ তেওঁ কয় “জাপান এখন বৌদ্ধ ধৰ্মাৱলম্বী দেশ আৰু যিহেতু ভাৰতৰ বিভিন্ন ৰাজ্যত বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে সেয়েহে জাপানৰ লোকসকলে ভাৰতৰ ঐতিহাসিক বৌদ্ধ মঠ সমূহত প্ৰায়ে তেওঁলোকে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰেহি। গুৱাহাটীত এখন অসমীয়া গামোচা সংগ্ৰহ কৰি অৰুণাচল প্ৰদেশলৈ আহিছোঁ বুলি তেওঁ কয়। তেওঁ কয় অসমৰ চাহৰ মানদণ্ড যথেষ্ট উন্নত৷ আনহাতে এই উৎসৱলৈ ভুটানৰ প্ৰায় দুই সতাধিক লোকে অংশগ্ৰহণ কৰিছে৷ উৎসৱত অংশগ্ৰহণ কৰা ভূটানৰ এজন দৃষ্টিহীন অভিনেতা আৰু বিখ্যাত গায়ক তথা চলচ্চিত্ৰ প্ৰযোজক জিগমে নামগিলে উৎসৱৰ সংস্কৃতি সন্ধিয়াত অংশগ্ৰহণ কৰে। ভূটানত তেওঁৰ এখন সংগীত বিদ্যালয়ও আছে যত তেওঁ পিতৃ মাতৃহীন তথা আৰ্থিকভাবে দুৰ্বল লৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা আৰু সংগীতৰ শিক্ষা দিয়ে। তেওঁ লগতে ভূটানৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱকসকলৰ আৰ্থিকভাৱে দুৰ্বল শিশুৱে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা সেই শাৰীৰিকভাবে অক্ষম লোকসকলৰ দায়িত্বৰ উপৰি তেওঁলোকৰ খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰে।
প্ৰেৰক পুলক ডেকা