নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগক আদৰিবলৈ সাজু নলবাৰীৰ সহস্ৰাধিক জাপি শিল্পী

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ব’হাগ বিহুলৈ আছে মাজত মাত্ৰ কেইদিনমান আছে। এই ব’হাগ মাহত ৰঙালী বিহু উদযাপনক লৈ ইতিমধ্যে আয়োজক সমিতি সমুহে একপ্ৰকাৰ প্ৰাক প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ ইতিমধ্যে সাঁ‌জু হৈছে শিল্পী তথা কলা-কুশলীসকল।

🔴 লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ড। 🔴 তিনিচুকীয়া দৈনিক বজাৰৰ কাষতে সংঘটিত অগ্নিকাণ্ডত ১০টাকৈ পৰিয়ালৰ বাসগৃহ ভস্মীভূত।

ৰাজ্যখনৰ ৰঙালী বিহুথলী সমুহত প্ৰতিবছৰে গ্ৰাম্য চ’হা জীৱনৰ প্ৰতীক তথা থলুৱা কুঁ‌টিৰ শিল্পৰ অনন্য নিদৰ্শন জাপি শিল্পই প্ৰাধান্য লাভ কৰি আহিছে । মনকৰিবলগীয়া যে ৰাজ্যখনৰ ভিতৰতেই জাপি নিৰ্মাণ কাৰ্যত প্ৰথম স্থান অধিকাৰ কৰি অহা নলবাৰী জিলাৰ জাপি শিল্পী সকলে এইবাৰো জাপি নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে । ৰাজ্যৰ উজনি-নামনি সৰ্বত্ৰে জনপ্ৰিয় হৈ পৰা ফুলাম জাপি য়ে বিহুতলী-বিহুমঞ্চ সমুহ শুৱনি কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰায় ডেৰ-দুই সহস্ৰাধিক কুটীৰ শিল্পীয়ে বিগত এমাহ মানৰ পৰা জাপি নিৰ্মাণ কৰাৰ বাবে ব্যস্ত হৈ পৰা দেখা গৈছে। বিশেষকৈ জিলাখনৰ সূতাৰকুছি তিলানা, বালামুগকুছি, সূতাৰকুছি, তেৰেছিয়া , কৰ্দৈতোলা আদি গাঁ‌ৱৰ কুটীৰ শিল্পী সকলে নিজৰ ঘৰখনকে একো একোটা ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰিত কৰি সমাজৰ পৰা প্ৰশংসিত হ’বলৈ সক্ষম হোৱাৰ লগতে আৰ্থিক ভাৱেও স্বাৱলম্বী হৈ আহিছে। জিলাখনৰ কৰ্দৈতোলা গাঁ‌ৱৰ জাপি শিল্পী মোহন কলিতা, সূতাৰকুছি গাঁ‌ৱৰ উমেশ কলিতা, তৰুণ কলিতা , নগেন কলিতা, হৰেন ভৰালী, কপিল কলিতা, বসন্ত কলিতা, ক্ষিৰোদ ডেকা, প্ৰদীপ ভৰালী, বিচিত্ৰ কলিতা, তিলানা গাঁ‌ৱৰ মুকুত তামুলী, যমুনা কলিতা, নৃপেন তামুলী, ৰমনী কলিতা, প্ৰদীপ কলিতা, দমেহীতোলা(দিঘেলী)ৰ ৰমনী কলিতা, কামেশ্বৰ মেধি, ধনেশ্বৰ কলিতা, বিপুল কলিতা, দীপক কলিতা, অনিল কলিতা, মুগকুছি গাঁ‌ৱৰ ধৰ্মেন্দ্ৰ বৈশ্য, মহেশ বৈশ্য, তপন বৈশ্য, হেমেন বৈশ্য, তুলিকা বৈশ্যকে ধৰি গাঁ‌ওকেইখনৰ প্ৰায় সহস্ৰাধিক ডেকা-বৃদ্ধ কুটীৰ শিল্পীয়ে জাঁ‌পি নিৰ্মাণত ব্যস্ত হৈ থকা দেখা গৈছে। এইসকল শিল্পীয়ে বিহুতলীক লক্ষ্য কৰি নানাতৰহৰ ফুলাম জাপি, বেজ জাপি(সৰু),হালোৱা জাপি আদি নিৰ্মাণ কৰি আছে। এইবাৰ শিল্পী মোহন কলিতাই ফল্ডিং জাপিও প্ৰস্তুত কৰিছে। কিন্তু দুখৰ বিষয় যে আধুনিকীকৰনৰ ক্ষেত্ৰত চৰকাৰে কুটীৰ শিল্পবিধক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ সপোন শিল্পীসকলৰ অদ্যাপি বাস্তৱত পৰিনত হোৱা নাই । তথাপিও শিল্পবিধক আগুৱাই নিয়াৰ ক্ষেত্ৰত আহি পৰা প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহন কৰি জিলাখনৰ এই সকল শিক্ষিত-অশিক্ষিত যুৱক-যুৱতী, পুৰুষ-মহিলাৰ লগতে অশীতিপৰজনেও শিল্পবিধৰ লগত জড়িত হৈ আহিছে। আনহাতে শিল্পবিধ বৃহৎ উদ্যোগ হিচাপে গঢ় লৈ নুঠাত ১০-১৫ টা পৰিয়াল একলগ হৈ নিৰ্মান কৰা জাপি সমুহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ৰী কৰি কিছু হলেও অৰ্থ উপাৰ্জন কৰি আহিছে । কুটীৰ শিল্পীসকলে সুনিপুন হাতৰ কৌশলৰে জাতীয় জীৱনৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰি অহা এই শিল্পবিধৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি পৰাৰ বাবে সচেতন ৰাইজে আহ্বান জনাইছে। আনকি জিলাখনৰ কেবাটাও জাতীয় সংগঠনে শিল্পবিধৰ সৈতে জড়িত হৈ অহা দৰিদ্ৰ শিল্পী সকলক সহায় কৰাৰ বাবেও দাবী জনাই আহিছে। এই সকল শিল্পীৰ জীৱনলৈ চৰকাৰে এবাৰ ভাবি চাবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।

📌 ‘ৰক্ষকেই যেতিয়া ভক্ষক হয়, তেতিয়া কৰিবলগীয়া একো নাথাকে।’ 📌 HSৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ভাইৰেল হোৱা স্কুলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like