নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত দুৰ্ঘটনাত প্ৰাণ গ’ল ঢকুৱাখনাৰ যতীন বৰাৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং কৃষ্ণপুৰ গাঁৱৰ যতীন বৰা নামৰ লোকজনৰ যোৱানিশা হায়দৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হোৱাত শোকৰ ছাঁ পৰিছে পৰিয়ালটোত ৷ ১ নং কৃষ্ণপুৰ গাঁৱৰ যতীন বৰাই আৰ্থিক দৈন্যৰ জোৰা মাৰিবলৈ জুন মাহত হায়দৰাবাদলৈ ৰাওনা হয় ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, হায়দৰাবাদ ছেকেণ্ডাৰবাদৰ তেলাপুৰ নামৰ ঠাইত কৰ্মসূত্ৰে থকা যতীনক ২৪ জুলাইৰ সন্ধিয়া এখন স্কুটীয়ে খুন্দিয়াই আহত কৰে ৷ পিছত বৰাক ছেকেণ্ডাৰবাদৰ গান্ধী মেডিকেলত ভৰ্তি কৰায় যদিও বৰাৰ মৃত্যু হয়৷ আনহাতে, ২৪ জুলাইৰ  নিশাই বৰাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছৰে পৰাই ১নং কৃষ্ণপুৰ গাঁৱৰ ৰাইজ আৰু আত্মীয়-কুটুম্বই ভিৰ কৰাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ আনহাতে, হায়দৰাবাদৰ পৰা মৃতদেহ আনিবলৈ সামৰ্থ্য নোহোৱা পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক নৱ কুমাৰ দলেৰ ওচৰত সহায় ভিক্ষা কৰিছে ৷ মৃত্যুৰ সময়ত বৰাই এটি ৫ বছৰীয়া পুত্ৰ সন্তান, পত্নী আৰু মাক, ভায়েক-বোৱাৰীয়েক, ভতিজাকে ধৰি অজস্ৰ গুণমুগ্ধক এৰি যায় ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like