নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰা ৰাজকুমাৰৰ দৰে অভিনেতা, লুৰিণক সংবাদ মাধ্যমে জীয়াই ৰাখিছেঃ জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ এতিয়া আৰু বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈৰ দৰে নমস্য নেতাসকলৰ আদৰ্শৰ দল হৈ থকা নাই৷ কংগ্ৰেছ দল এতিয়া মাথো ইটালীৰ প্ৰাইভেট লিমিটেড কোম্পানীৰহে দল। এই মন্তব্য বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ৷ আজি পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিত এখন শৈক্ষিক সভাত অংশ গ্ৰহণ কৰাৰ পিছতে সাংবাদিকেৰে হোৱা বাৰ্তালাপত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে কয় যে আপোনালোকে জুবিন গাৰ্গ নাইবা পাপনৰ গান শুনিছে, অভিনয় দেখিছে আৰু ৰাজকুমাৰ ঠাকুৰীয়াৰ গানো শুনিছে বা অভিনয় দেখিছে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হৈছে ৰাজকুমাৰৰ লেখীয়া গায়ক- অভিনেতা বুলি বৰাৰ প্ৰতি তাৎচিল্যসূচক মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিবগৰাকীয়ে সাংবাদিকৰ আগত ভূপেন বৰা, কংগ্ৰেছ দলৰ লগতে অজাপ নেতা লুৰিনজ্যোতি গগৈকো তীব্ৰ সমালোচনা কৰি লুৰিনজ্যোতি গগৈ ৰাজনৈতিক ভাবে অপ্ৰাসংগিক আৰু তেওঁক কেৱল সংবাদ মাধ্যমেহে জীয়াই ৰাখিছে বুলি মন্তব্য কৰে৷ শ্বহীদৰ কেঁচা তেজৰ স্মৃতি বিজড়িত এটা জাতীয়তাবাদী দলৰ পৰা আহি ৭৫ বছৰে দেশক লুটি-পুতি খোৱা কংগ্ৰেছ দলৰ সতে আটাইতকৈ বেছি মিতিৰালি কৰা লুৰিনে অসমীয়া জাতিৰ কথা কোৱা উচিত নহয় বুলিও মন্তব্য কৰে। আনহাতে সমাগত পৌৰ সভা নিৰ্বাচনত ৰাজ্যখনৰ সম্পূৰ্ণ ৮০ খন পৌৰ সভাই বিজেপি মিত্ৰজোঁতে দখল কৰিব বুলি তেওঁ সজোৰে দাবী কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like