বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ আৰ এছ এছৰ বিষয়ে যিসকলে নাজানে সেইসকলেহে আৰ এছ এছক লৈ মন্তব্য কৰে- এই বক্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আৰ এছ এছক সমালোচনা কৰাসকলক মন্ত্ৰীগৰাকীয়ে কয় যে আৰ এছ এছ শাখা কেনেকৈ চলে চাই আহক, তাৰ পিছত সকলোৰে ধাৰণা সলনি হ’ব। সমালোচনা ৰাজনৈতিকভাৱে বিজেপিক কৰক, তাত আপত্তি নাই। কিন্তু এটা সংঘক এইদৰে সমালোচনা কৰা উচিত নহয়। উল্লেখ্য যে দেওবাৰে আৰ এছ এছক ৰাষ্ট্ৰদোহী আখ্যা দিছিল যোগেন্দ্ৰ যাদৱে। ভাৰতমাতাৰ কাৰণে কাম কৰে সংঘৰ লোকে, ঘৰ সংসাৰ ত্যাগ কৰা তেওঁলোকক সমালোচনা কৰিব নালাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে। আনহাতে মন্ত্ৰীগৰাকীয়ে আকৌ কয় যে সনাতনী সভ্যতাৰ পৰা যদি শিকিবলগা নাই তেন্তে কাৰ পৰা শিকিব বিৰোধীয়ে। সংবিধানৰ সংশোধন কংগ্ৰেছে যেনেকৈ কৰিছিল তাৰ বাবে আকৌ সংবিধান সংশোধন কৰিবলগীয়া হৈছে। সংবিধানত ধৰ্মনিৰপেক্ষ বুলি কোনো শব্দ নাই, কংগ্ৰেছেহে সুমুৱাইছিল ‘SECULAR’ শব্দটো। ইফালে সংসদৰ দুয়োখন সদনতে গৃহীত হোৱা নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত তেওঁ কয় যে ‘২৪ৰ নিৰ্বাচনত নাৰী বন্দন বিধেয়ক প্ৰতিফলিত হওক, তাৰেই আশা কৰিছোঁ। লগতে ইউডিএফ আৰু কংগ্ৰেছকো তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে এআইইউডিএফ দলটো কংগ্ৰেছৰ ঔৰষত জন্ম হোৱা দল।নিৰ্বাচনৰ সময়ত গম পোৱা যাব কোলাতে লয় নে বোকোচাত লয়। ৰাহুল গান্ধীয়ে এআইইউডিএফৰে কোনো মিত্ৰতা নহয় বুলি দেওবাৰে দিল্লীত এক কনক্লেভত মন্তব্য কৰিছিল।