নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ৫০ বছৰতো অসমত কংগ্ৰেছৰ চৰকাৰ নাহে : মন্ত্ৰী জয়ন্ত মল্ল

গোৱালপাৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : যি দল চৰকাৰ-ত নাই, সেই দলে একো উন্নয়ন কৰিব নোৱাৰে৷ কংগ্ৰেছ, নিৰ্দলীয় দল হ’ল ইঞ্জিন নথকা গাড়ী৷ ইঞ্জিন নথকা গাড়ীৰ কাম নাই৷ যোৱা ৯ বছৰেতো কংগ্ৰেছৰ চৰকাৰ নাই আৰু অহা ৫০ বছৰতো কংগ্ৰেছৰ চৰকাৰ নাহে৷- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ৷

গোৱালপাৰাৰ কৃষ্ণাইৰ জিৰাত বিজেপিৰ ‘বিজয় সংকল্প সমাৱেশ’ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি এইদৰে মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিছন ভূমিপুত্ৰৰ জৰিয়তে খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ দিয়াৰ কথা উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মানুহক সকলো অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে, যাতে আমি সকলোৱে সমন্বয়ৰ মাজেৰে থাকিব পাৰো৷

অসমত আমি সকলোৱে মিলিজুলি থকাটোৱে আটাইতকৈ ডাঙৰ কথা৷ তেওঁ কয় যে আমাৰ অসমখন চাৰিওদিশত আগবাঢ়ি যাব লাগিব৷ আগতে অসমৰ পৰিৱেশ এনেকুৱা আছিল যে ব্ৰহ্মপুত্ৰত এখন দলং নিৰ্মাণ কৰিবলৈ হ’লে ১০ বছৰ ১৫ বছৰ আন্দোলন হৈছিল৷ এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত সিখন দলং হৈ আছে, কোনো আন্দোলন নাই, ধুমধাম দলং হৈ আছে৷ গুৱাহাটীৰ ৫০ কিলোমিটাৰৰ ভিতৰত আজি ৫-৬খনকৈ দলং হৈছে৷

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি দিনৰ ভাগত গোৱালপাৰাৰ কাহীবাৰীত বিজেপিৰ গোৱালপাৰা জিলাই আয়োজন কৰা বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক বিজেপি আৰু মিত্রজোঁটৰ পক্ষত দলে দলে আহি ভোট দিবলৈ আহ্বান জনায়। সভাত ভোটাৰ ৰাইজৰ অভূতপূর্ব সঁহাৰি দেখিবলৈ পাই এই সঁহাৰিয়ে জয়ৰে ইংগিত দিয়ে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বকাইটাৰী আৰু কৃষ্ণাইত আন দুখন ‘বিজয় সংকল্প সমাৱেশ’ত অংশ গ্ৰহণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰে। ‘বিজয় সংকল্প সমাৱেশ’ত ভাগ লৈ মন্ত্ৰীগৰাকী উৎসাহী ৰাইজক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনত অব্যাহত উন্নয়নৰ যাত্রাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

সভাত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংক কুমাৰ নাথ, পঞ্চায়ত নির্বাচনৰ সহ-প্রভাৰী নৱ কুমাৰ বৈশ্য , প্রাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী আৰু মইনুদ্দিন আহমেদ প্রমুখ্যে অন্যান্য নেতা-কর্মী উপস্থিত থাকে।

You might also like