নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াক উচ্চ শিক্ষাৰ ভাষা ৰূপে প্রতিষ্ঠা কৰাত অৰিহণা আছিল ড০ মুখার্জীৰ

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ অসমক পাকিস্তানৰ অন্তর্ভুক্তিৰ পৰা ৰক্ষা কৰিবলৈ গোপীনাথ বৰদলৈ তথা অসমৰ মুক্তিযোদ্ধাসকলক প্রথমৰ পৰাই শক্তিশালী সমর্থন জনাইছিল ড০ শ্যামাপ্রসাদ মুখার্জী আৰু শৰৎ বসুৱে৷ শনিবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই এই কথা উল্লেখ কৰি কয় যে গ্রুপিং বা মাতৃভাষা প্রচলনৰ ক্ষেত্রত ড০ শ্যামাপ্রসাদ মুখার্জীৰ অৱদানৰ কথা বিভিন্ন গ্রন্থত উল্লেখ আছে৷ কিন্তু ইয়াৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু বিধায়ক অখিল গগৈয়ে শ্যামাপ্রসাদ মুখার্জীক লৈ যি বিকৃত মন্তব্য কৰিছে, তাৰ দ্বাৰা স্পষ্ট হৈছে যে তেওঁলোকৰ অধ্যয়ন নাই৷

উল্লেখ্য যে যোৱা ৬ জুলাইত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন ৰাজহুৱা সভাত শ্যামাপ্রসাদ মুখার্জীৰ অৱদানৰ কথা উল্লেখ কৰাৰ লগতে অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত প্রতিষ্ঠা কৰাৰ ক্ষেত্রত আৰু গ্রুপিঙৰ পৰা অসমক ৰক্ষা কৰাৰ ক্ষেত্রত ড০ মুখার্জীয়ে লোৱা ভূমিকাক প্রকাশ কৰিছিল৷ মুখ্যমন্ত্রীৰ উক্ত বক্তব্যক লৈয়ে ৰিপুণ বৰা আৰু অখিল গগৈয়ে প্রতিক্রিয়া প্রকাশ কৰাই নহয়, মুখ্যমন্ত্রীয়ে ইতিহাস বিকৃত কৰা বুলি অভিযোগ তুলিছিল৷ 

শনিবাৰে ৰিপুণ বৰা আৰু অখিল গগৈক উভতি ধৰি জয়ন্ত মল্ল বৰুৱাই সংবাদ মেলত কয়– অখিল গগৈয়ে বিভিন্ন সময়ত ভুল তথ্যৰে ৰাইজক বিভ্রান্ত কৰি আহিছে৷ বাংলাদেশৰ পৰা এক কোটি ৯০ লাখ লোক আহিব বুলি কৈ অসম জ্বলাই দিয়াৰ পৰিকল্পনা কৰা অখিল গগৈৰ কথাত এতিয়া আৰু ৰাইজ ভোল নাযায়৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু কংগ্রেছ সভাপতি ৰিপুণ বৰাই ইতিহাস নাজানি কথা কৈছে৷ গ্রুপিঙক লৈ বুৰঞ্জীয়ে কি কৈছে, সেয়া তেওঁ অনুধাৱন কৰক, অধ্যয়ন কৰক৷ গ্রুপিঙৰ ভয়াৱহতাৰ সময়ত গোপীনাথ বৰদলৈক সেই সময়ত শৰৎ চন্দ্র বসু আৰু শ্যামাপ্রসাদ মুখার্জীয়ে সমর্থন জনাইছিল৷ সেই সময়ত অনুষ্ঠিত গ্রুপিঙৰ বিভিন্ন সভাত উপস্থিত থকা মুক্তিযুঁজাৰু পুষ্পলতা দাসে তেওঁৰ গোপীনাথ বৰদলৈ শীর্ষক গ্রন্থতো শ্যামাপ্রসাদ মুখার্জী আৰু শৰৎ চন্দ্র বসুৰ কথা উল্লেখ কৰিছে৷ তেওঁলোকে কৈছিল যে বাংলাদেশৰ লগত অসম মৰিব নালাগে৷ অসমে যুঁজ দি এই আঁচনি ব্যর্থ কৰক৷ শৰৎ চন্দ্র বসু আৰু শ্যামাপ্রসাদ মুখার্জীৰ মেধা সেই সময়ত গোপীনাথ বৰদলৈৰ কাৰণে যথেষ্ট সহায়ক আছিল৷ আনকি তেতিয়াৰ কংগ্রেছৰ জ্যেষ্ঠ নেতা দেৱেশ্বৰ শর্মায়ো তেওঁৰ আত্মজীৱনী ‘হেৰাই যোৱা দিনবোৰ’ত উল্লেখ কৰিছিল যে শৰৎ চন্দ্র বসু আৰু শ্যামাপ্রসাদ মুখার্জী এই দুয়োজনৰ বাদে কোনো এজন ভাৰতীয় নেতাই অসমৰ প্রতি সহানুভূতিসূচক কথা এষাৰো নক’লে গোপীনাথ বৰদলৈক৷ এইটো কথা উল্লেখ নকৰিলে অকৃতজ্ঞতাৰ দোষে চুব যে শৰৎ চন্দ্র বসু আৰু শ্যামাপ্রসাদ মুখার্জীয়ে অসম গ্রুপিঙত সোমালে আত্মহত্যা কৰা হ’ব বুলি স্পষ্ট ভাষাত সকীয়াই দিছে৷ একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ে জৱাহৰলাল নেহৰু এণ্ড আছাম্ছ প্র’ব্লেম গ্রন্থতো একে কথা লিখিছে৷

জয়ন্ত মল্ল বৰুৱাই এই প্রসংগতে কয়– এই গ্রন্থসমূহত গ্রুপিঙৰ ক্ষেত্রত অসমক ৰক্ষা কৰাৰ বাবে শ্যামাপ্রসাদ মুখার্জীৰ অৰিহণা কিমান সেয়া স্পষ্ট হৈ আছে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গ্রুপিঙৰ ক্ষেত্রত শ্যামাপ্রসাদ মুখার্জীৰ কোনো ভূমিকা নাই বুলি দৰাচলতে কংগ্রেছৰ নেতা দেৱেশ্বৰ শর্মাৰ মন্তব্যক বিৰুদ্ধাচৰণ কৰিছে৷ দৰাচলতে অখিল গগৈ আৰু ৰিপুণ বৰাই কোনোধৰণৰ অধ্যয়ন নকৰি আনে লিখি দিয়া পুৰিয়াকে সর্বোচ্চ বুলি ভবাৰ বাবেই এইধৰণে মন্তব্য কৰিছে৷ অসমীয়া ভাষাক কলিকতা বিশ্ববিদ্যালয়ত প্রতিষ্ঠা কৰা প্রসংগত জয়ন্ত মল্ল বৰুৱাই কয়– ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্রতিষ্ঠা হওঁতে শ্যামাপ্রসাদ মুখার্জী সেই সময়ত বিশ্ববিদ্যালয়ত উপাচার্য আছিল আৰু এজন উপাচার্যৰ অৰিহণাৰ অবিহনে বিশ্ববিদ্যালয়ৰ এটা ভাষা প্রতিষ্ঠা হোৱাটো অসম্ভৱ৷ সেই সময়ত অসমীয়া ভাষাক সুৰক্ষিত কৰিবলৈ হেমচন্দ্র বৰুৱা, আনন্দৰাম ঢ়েকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, ভোলানাথ বৰুৱা, হেমচন্দ্র গোস্বামী, চন্দ্রকুমাৰ আগৰৱালা আদিৰ দৰে নমস্য ব্যক্তিসকলৰ ভূমিকা সর্বজনবিদিত৷ কিন্তু অসমীয়া মাতৃভাষা নোহোৱাৰ পাছতো আশুতোষ মুখার্জী আৰু শ্যামাপ্রসাদ মুখার্জীয়ে অসমীয়া ভাষাৰ কাৰণে যি পদক্ষেপ লৈছিল, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ গতিকে অখিল গগৈয়ে এই ইতিহাস অধ্যয়ন কৰাৰ প্রয়োজন৷ অধ্যয়ন নকৰাকৈ এগৰাকী বিধায়কে ভুলভাৱে কথা ক’লে হাঁহিয়াতৰ পাত্র হয়৷ অখিল গগৈয়ে চিকিৎসকে কোৱাৰ দৰে মানসিক চিকিৎসা গ্রহণ কৰি যথাসময়ত ধীৰ–সুস্থিৰে ভালদৰে অধ্যয়ন কৰিহে বক্তব্য আগবঢ়োৱা উচিত৷ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অখিল গগৈক এগৰাকী ভদ্র জনপ্রতিনিধিৰ দৰে আচৰণ কৰিবলৈও আহ্বান জনায়৷ শনিবাৰৰ সংবাদ মেলত ৰাজ্যিক মুখপাত্র পৱিত্র মার্ঘেৰিটা আৰু সংবাদ কোষৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰলো উপস্থিত থাকে৷

You might also like