নগাঁৱৰ জে বি কে এফ কোচিং চেণ্টাৰৰ খেলুৱৈয়ে আৰক্ষী বিভাগৰ পদত সফলতা লাভ কৰাত উৎফুল্লিত ক্ৰীড়াপ্ৰেমী
নিয়মীয়া বাৰ্তা, ১৩মে’ : নগাঁও জিলাৰ প্ৰাক্তন ৰাজ্যিক খেলুৱৈ প্ৰণৱ বৰদলৈ আৰু ৰুণমণি কাকতিৰ মুখ্য তত্ত্বাবধানৰ জে বি কে এফ কোচিং চেণ্টাৰৰ মুঠ এঘাৰ গৰাকীকৈ প্ৰশিক্ষাৰ্থী খেলুৱৈয়ে অসম চৰকাৰৰ আৰক্ষী বিভাগৰ সদ্যঘোষিত বিভিন্ন পদৰ নিযুক্তিৰ ফলাফলত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত কোচিং চেণ্টাৰটোত আনন্দৰ জোৱাৰ উঠিছে। ইয়াৰে চাৰিগৰাকী মহিলা খেলুৱৈয়ো আছে। এই কোচিং চেণ্টাৰটোৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী কেইগৰাকীয়ে ফুটবল আৰু খো খো খেলৰ লগতে আন খেলসমূহৰো বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতাত ইতিমধ্যে ভাগ লৈছিল। কালি ঘোষিত আৰক্ষী বিভাগৰ ফলাফলত সফলতা পোৱাত ক্ৰীড়াপ্ৰেমীসকলে তেওঁলোকক অভিনন্দন জনাইছে। অনাগত সময়ত যুৱক-যুৱতীকেইগৰাকীয়ে নিজ দক্ষতাৰ বিকাশৰ যোগেদি দেশ তথা জাতিৰ সেৱাৰ বাবে উপযুক্ত কৰি তুলি নিজকে নিয়োজিত কৰিব বুলি আশা কৰিছে চেণ্টাৰটোৰ প্ৰশিক্ষণ তত্ত্বাবধায়ক প্ৰণৱজ্যোতি বৰদলৈয়ে। এই ফলাফলত তেওঁলোকৰ সপোন বাস্তৱায়িত হোৱা বুলি অন্যতম এগৰাকী ফুটবল আৰু খো খো খেলৰ খেলুৱৈ চয়নিকা দেৱীয়ে সংবাদ মাধ্যমৰ আগত আজি জানিবলৈ দিয়ে। আৰক্ষী বিভাগৰ বিভিন্ন পদৰ ফলাফলত সফলতা লাভ কৰা চেণ্টাৰটোৰ খেলুৱৈকেইগৰাকী হৈছে–মহেখুছাৰ চয়নিকা দেৱী,কাছমাৰীৰ লুকু দত্ত,নয়নিকা ডেকা,নিহাশ্ৰী ডেকা,ডিমৌৰ দিবাকৰ সেনাপতি,অংকু ডেকা,ৰহঢলাৰ দিব্যজ্যোতি বৰদলৈ,কহিগুৰিৰ প্ৰিতম দেউৰী,পেটবঢ়াৰ আশীষ কুমাৰ দেৱ আৰু বালিসৰাৰ ভাস্কৰজ্যোতি পাটৰ। ইয়াৰে কাছমাৰীৰ ৰূপীন ডেকা আৰু সুপ্ৰীতি ডেকাৰ কন্যা নয়নিকা আৰু নিহাশ্ৰী ডেকা দুয়োগৰাকী বাই-ভনী।খেলুৱৈকেইগৰাকীৰ এই শুভ বতৰাৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে নগাঁও জিলা খো খো সন্থাৰ সভাপতি প্ৰভাত চন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক সমীৰ হাজৰিকায়ো তেওঁলোকক শুভেচ্ছা জনোৱাৰ উপৰি তেওঁলোক আৰু অধিক আগবাঢ়ি যোৱাটো বিচাৰিছে। ইপিনে নগাঁও জিলা খো খো সন্থাৰ সহকাৰী সম্পাদক তথা এথলেটিকছ প্ৰশিক্ষক উপেন্দ্ৰ কুমাৰ ঠাকুৰো আৰক্ষীৰ বিভাগৰ ফলাফলত উত্তীৰ্ণ হৈছে।
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ